ETV Bharat / state

Diarrhoea Control Programme in Kaliabor: ৰাজ্যজুৰি পালন কৰা হৈছে ডায়েৰিয়া প্ৰতিৰোধ মাহ

author img

By

Published : Jul 10, 2023, 7:39 PM IST

সোমবাৰৰ পৰা ৰাজ্যজুৰি পালন কৰা হৈছে ডায়েৰিয়া প্ৰতিৰোধ মাহ ৷ ডায়েৰিয়াৰ পৰা ৰাজ্যবাসীক মুক্ত কৰাৰ বাবে স্বাস্থ্য বিভাগে পালন কৰিছে ডায়েৰিয়া নিয়ন্ত্ৰণ পষেক ৷ কলিয়াবৰত ডায়েৰিয়া নিয়ন্ত্ৰণ কাৰ্য‍্যসূচীৰ শুভাৰম্ভ কৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ৷

Diarrhoea Control Programme in Kaliabor
ৰাজ্যজুৰি পালন কৰা হৈছে ডায়েৰিয়া প্ৰতিৰোধ মাহ

ৰাজ্যজুৰি পালন কৰা হৈছে ডায়েৰিয়া প্ৰতিৰোধ মাহ

কলিয়াবৰ,10 জুলাই: সোমবাৰৰ পৰা ৰাজ্যজুৰি পালন কৰা হৈছে ডায়েৰিয়া প্ৰতিৰোধ মাহ ৷ বানৰ পিচত আৰম্ভ হ’ব পৰা ডায়েৰিয়াৰ পৰা ৰাজ্যবাসীক মুক্ত কৰাৰ বাবে স্বাস্থ্য বিভাগে পালন কৰিছে ডায়েৰিয়া নিয়ন্ত্ৰণ পষেক । স্বাস্থ‍্য,পৰিয়াল কল‍্যাণ বিভাগৰ অধিনত 10 জুলাইৰ পৰা ৯ আগষ্টলৈকে চলিব ডায়েৰিয়া প্ৰতিৰোধ অভিযান ৷ সোমবাৰে কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত বিশেষ ডায়েৰিয়া নিয়ন্ত্ৰণ কাৰ্য‍্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ।

‘‘স্বাস্থ্য বিভাগৰ কৰ্মীসকলৰ লগতে আশা আৰু অংগনবাড়ী কৰ্মীসকলে ঘৰে ঘৰে গৈ ৫ বছৰ বয়সলৈকে প্ৰতিটো শিশুক ORS আৰু জিংক টেবলেট প্ৰদান কৰিব ৷ আমাৰ দেশত বছৰি লাখ লাখ শিশু ডায়েৰিয়াত আক্ৰান্ত হৈ মৃত্যু হয় । গড় হিচাপত ডায়েৰিয়াত আক্ৰান্ত হোৱা প্ৰতি 200 শিশুৰ ভিতৰত এটা শিশুৰ মৃত্যু হয় । যেতিয়া এজন ব্যক্তিৰ দিনটোত তিনি বা ততোধিক বাৰৰ কাৰণে ঢিলা আৰু পনীয়া শৌচ হয় তাকে ডায়েৰিয়া হোৱা বুলি কয় ।’’

‘‘ডায়েৰিয়া হ’লে শৌচৰ লগতে শৰীৰৰ পৰা অধিক পৰিমাণৰ পানী আৰু লৱণ জাতীয় পদাৰ্থ ওলাই যায়। ফলত শৰীৰটোৰ স্বাভাৱিক অৱস্থাৰ বাবে প্ৰয়োজনীয় পানী আৰু লৱণ জাতীয় পদাৰ্থে অভাৱ ঘটে। এই অৱস্থাটোকে শৰীৰৰ পানী শুকাই যোৱা বা জলহীন অৱস্থা বুলি কোৱা হয়। শিশুটোৰ এনে অৱস্থাত মৃত্যুও হ’ব পাৰে। সেয়ে সকলোৱে সজাগ হ’ব লগে ৷’’ সাংবাদিকৰ আগত এই মন্তব্য কৰে মন্ত্ৰী কেশৱ মহন্তই ৷ আনহাতে আজিৰে পৰা কেটেৰক্টমুক্ত কলিয়াবৰ গঢ়াৰ সংকল্পৰে কেটেৰেক্ট পৰীক্ষা অভিযান আনুষ্ঠানিকভাৱে কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত মুকলি কৰাৰ লগতে বিনামূলীয়া চশমা বিতৰণ কৰে মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক:HIV in Nagaon : এইচ আই ভিৰ লগতে যক্ষ্মা ৰোগৰ পৰীক্ষা কেন্দ্ৰ স্থাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.