ETV Bharat / state

ক'ভিড সংক্ৰান্তীয় নতুন এচঅ’পি(SOP)ক কেন্দ্ৰ কৰি তৎপৰ চামগুৰি আৰক্ষী

author img

By

Published : Apr 21, 2021, 2:06 PM IST

মঙলবাৰে বিয়লি ভাগৰ পৰা চামগুৰি আৰক্ষীয়ে দৈনিক বজাৰকে আদি কৰি বিভিন্ন জনসমাগম হোৱা স্থানত মাইকযোগে প্ৰচাৰ চলায় । সন্ধ্যা ৬ বজাৰ লগে-লগে সকলো দোকান-পোহাৰ বন্ধৰ নিৰ্দেশ দিয়াৰ লগতে একেটা স্থানতে অধিক লোকে সমাগম নকৰিবলৈ আহ্বান চামগুৰি আৰক্ষীৰ ।

ক'ভিড সংক্ৰান্তীয় নতুন SOPক কেন্দ্ৰ কৰি তৎপৰ চামগুৰি আৰক্ষী
ক'ভিড সংক্ৰান্তীয় নতুন SOPক কেন্দ্ৰ কৰি তৎপৰ চামগুৰি আৰক্ষী

চামগুৰি, 21 এপ্ৰিল : সমগ্ৰ ৰাজ্যতে কৰ’ণাৰ দ্বিতীয় ঢৌৱে এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ ইয়াৰ ফলস্বৰূপে ৰাজ্যত কৰ’ণাত আক্ৰান্তৰ সংখ্যাও বৃদ্ধি পাব ধৰিছে ৷ এই ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে কেতবোৰ নীতি-নিয়ম জাৰি কৰিছে । এই নিয়ম অনুসৰি সকলোকে ক’ভিড প্ৰৰ্টকল মানি চলিবলৈ আহ্বান চৰকাৰৰ ৷ ইয়াৰ লগতে মঙলবাৰে জাৰি হোৱা ক’ভিড সংক্ৰান্তীয় নতুন এচঅ’পি(SOP)ক কেন্দ্ৰ কৰি তৎপৰ হৈ পৰিছে চামগুৰি আৰক্ষী ৷ মঙলবাৰে বিয়লি ভাগৰ পৰা চামগুৰি আৰক্ষীয়ে দৈনিক বজাৰকে আদি কৰি বিভিন্ন জনসমাগম হোৱা স্থানত কৰ’ণাৰ পৰা সজাগতাৰ সৃষ্টি কৰাৰ উদ্দেশ্যেৰে মাইকযোগে প্ৰচাৰ চলায় ।

উল্লেখ্য যে, চামগুৰি আৰক্ষীয়ে সন্ধ্যা ৬ বজাৰ লগে-লগে সকলো দোকান-পোহাৰ বন্ধ কৰাৰ নিৰ্দেশ দিয়ে ৷ একেটা স্থানতে অধিক লোকে সমাগম নকৰিবলৈও আহ্বান জনাই চামগুৰি আৰক্ষীয়ে । ইয়াৰ উপৰিও প্ৰত্যেকগৰাকী লোকক সামাজিক দূৰত্ব আৰু মাক্স পৰিধান কৰিহে ৰাজহুৱা স্থানলৈ আহিবলৈ অনুৰোধ জনায় । আনহাতে ৰাজ্যৰ বহুকেইখন জিলাত চৰকাৰৰ এই নিয়ম ভংগ কৰিলে 1000 টকাকৈ জৰিমনা বিহাৰ সকীয়নী দিয়ে আৰক্ষীয়ে ৷

লগতে পঢ়ক : কামৰূপত কৰ'ণাত আক্ৰান্তৰ সংখ্যা 511 গৰাকী লৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.