ETV Bharat / state

আলু-পিঁয়াজৰ মালা পিন্ধি প্ৰতিবাদত বহিল কংগ্ৰেছ কৰ্মী

author img

By

Published : Jul 17, 2021, 10:18 PM IST

নগাঁও জিলাৰ কাষৰিগাঁৱত কংগ্ৰেছ নেতা সুৰেশ বৰাৰ নেতৃত্বত বঢ়মপুৰ ব্লক কংগ্ৰেছৰ একাংশ কৰ্মকৰ্তাই ৰূপায়ণ কৰিলে এক প্ৰতিবাদী কাৰ্যসূচী । একাংশ কৰ্মকৰ্তাই আলু-পিয়াজৰ মালা পিন্ধি, খালী গেছ চিলিণ্ডাৰ লৈ সাব্যস্ত কৰে এই প্ৰতিবাদ ।

congress protest
অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে নগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদ

চামগুৰি,১৭ জুলাই : দেশত এতিয়াও অব্যাহত আছে কৰ'ণা(Corona)ৰ সংক্ৰমণ । বিগত প্ৰায় দুটা বছৰত কৰ'ণাই সমগ্ৰ দেশতে যথেষ্ট পৰিমাণে প্ৰভাৱ বিস্তাৰ কৰিছে । বিশেষকৈ অৰ্থনীতিৰ ক্ষেত্ৰত এই প্ৰভাৱ উল্লেখনীয় ৷ কৰ'ণাৰ সংহাৰ আৰম্ভ হোৱাৰ পাচতে বহুতে নিজৰ সংস্থাপন হেৰুওৱাৰ বিপৰীতে ব্যৱসায় বাণিজ্যও এক প্ৰকাৰ স্তব্ধ হৈ আছে ।

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে নগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদ

এনেসমূহ কাৰণতে বহু লোক অৰ্থনৈতিক সংকটত পৰিছে । কিন্তু, জনসাধাৰণৰ এনে সমস্যাৰ মাজতে দেশত দিনক দিনে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি হৈয়ে আছে । যাৰ বাবে সাধাৰণ ৰাইজ বিপদত পৰিছে । মূল্যবৃদ্ধি (Price hike) নিয়ন্ত্ৰণত চৰকাৰ একপ্ৰকাৰ সম্পূৰ্ণৰূপে বিফল হোৱাৰ অভিযোগ উত্থাপন কৰি এতিয়া বিভিন্ন দল সংগঠনে বিজেপি (Bjp) নেতৃত্বধীন চৰকাৰক সমালোচনা কৰিছে । বিশেষকৈ বিৰোধী কংগ্ৰেছ(Congress)এ দেশৰ ভিন্ন প্ৰান্তত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে ।

অসমৰো ভিন্ন প্ৰান্তত কংগ্ৰেছে অব্যাহত ৰাখিছে প্ৰতিবাদ (protest) । বিশেষকৈ পেট্ৰ'ল-ডিজেল মূল্য নিয়ন্ত্ৰণৰ বাবে চৰকাৰক দাবী জনাইছে কংগ্ৰেছে । নগাঁও জিলাৰ কাষৰিগাঁৱত কংগ্ৰেছ নেতা সুৰেশ বৰাৰ নেতৃত্বত বঢ়মপুৰ ব্লক কংগ্ৰেছৰ একাংশ কৰ্মকৰ্তাই ৰূপায়ণ কৰিলে এক প্ৰতিবাদী কাৰ্যসূচী । একাংশ কৰ্মকৰ্তাই আলু-পিঁয়াজৰ মালা পিন্ধি, খালী গেছ চিলিণ্ডাৰ লৈ সাব্যস্ত কৰে এই প্ৰতিবাদ ।

পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে গণ স্বাক্ষৰ কাৰ্যসূচীও গ্ৰহণ কৰে কংগ্ৰেছে । পেট্ৰল-ডিজেলৰ গ্ৰাহকৰ পৰা স্বাক্ষৰ গ্ৰহণ কৰি মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বিষয়ত ৰাষ্ট্ৰপতিলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰিব বুলিও কংগ্ৰেছ কৰ্মীসকলে উল্লেখ কৰে । প্ৰতিবাদৰ মাজতে ক্ষুদ্ধ কংগ্ৰেছ কৰ্মীসকলে ৰাইজক সাময়িক সকাহ প্ৰদান কৰিবৰ বাবে শীঘ্ৰেই ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (Himanta Biswa Sarma) নেতৃত্বাধীন বিজেপি চৰকাৰ খনক ইন্ধনজাত সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰী সমূহৰ মূল্য হ্ৰাস কৰিবৰ বাবে দাবী উত্থাপন কৰে ।

লগতে পঢ়ক :পুনৰ পোহৰলৈ কিডনী বিক্ৰীৰ আন এক ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.