ETV Bharat / state

চাপানালা বনভোজস্থলীত টীম প্ৰাগজ্যোতিষপুৰৰ স্বচ্ছতা অভিযান

author img

By

Published : Feb 18, 2022, 9:02 PM IST

Cleanliness Drive
চাপানালা বনভোজস্থলীত টীম প্ৰাগজ্যোতিষপুৰৰ স্বচ্ছতা অভিযান

অসমৰ অন্যতম বনভোজস্থলী চাপানালাত চলিছে স্বচ্ছ অভিযান । টীম প্ৰাগজ্যোতিষপুৰৰ উদ্যোগত পৰিষ্কাৰ কৰা হৈছে সমগ্ৰ অঞ্চলটো (Cleanliness Drive of Team Pragjyotishpur at Chapanala)। বনভোজকাৰী দলসমূহক সেই স্থান পৰিষ্কাৰ কৰি ৰাখিবলৈ আহ্বান স্বেচ্ছাসেৱী সংস্থাৰ ।

চামগুৰি,১৮ ফেব্ৰুৱাৰী : অসমৰ পৰ্যটনস্থলীসমূহৰ ভিতৰত অন্যতম নগাঁও-কাৰ্বি আংলং সীমান্তৱৰ্তী চাপানালা অঞ্চল । বছৰটোৰ বিভিন্ন সময়ত চাপানালাৰ ইতিহাস প্ৰসিদ্ধ পৰ্যটন ক্ষেত্ৰ চম্পাৱতী কুণ্ডত ভিৰ কৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰ্যটক তথা অগণন বনভোজকাৰী দলে । যাৰ বাবে সততে বনভোজথলী অপৰিষ্কাৰ তথা আৱৰ্জনাময় হৈ পৰা পৰিলক্ষিত হয় ।

এই ঐতিহাসিক ঠাইখন যাতে কদৰ্য হৈ নপৰে তাৰ বাবে শেহতীয়াকৈ বঢ়মপুৰৰ এটা স্বেচ্ছাসেৱী সংগঠনে হাতত লৈছে এক প্ৰশসংনীয় পদক্ষেপ । প্ৰায় ৪০ গৰাকীকৈ স্থানীয় মহিলাৰ সহযোগত "টীম প্ৰাগজ্যোতিষপুৰ" নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ বহুকেইজন সদস্যই বনভোজস্থলী পুৱাৰ ভাগৰ পৰা পৰিষ্কাৰ কৰিছে । যাতে আগন্তুক দিনবোৰত পৰ্যটন ক্ষেত্ৰ খনলৈ আহিব লগা বনভোজকাৰী দল তথা পৰ্যটকসকলে বিনা-অসুবিধাৰেই উপভোগ কৰিব পাৰে চম্পাৱতীৰ নান্দনিক পৰিবেশ ।

চাপানালা বনভোজস্থলীত টীম প্ৰাগজ্যোতিষপুৰৰ স্বচ্ছতা অভিযান

লগতে ঐতিহাসিক চম্পাৱতী কুণ্ড সুন্দৰ কৰি ৰাখিবৰ বাবে পৰ্যটক তথা বনভোজকাৰী দলসমূহৰ মাজত সজাগতা সৃষ্টি কৰাৰ মানসেৰে সংগঠনটোৱে #CleanChapanala নামেৰে সামাজিক মাধ্যমত এক বিশেষ অভিযানো আৰম্ভ কৰিছে বুলি জানিবলৈ দিয়ে স্বেচ্ছাসেৱী সংস্থাটোৱে ।

লগতে পঢ়ক :গুৱাহাটীত অস্বাস্থ্যকৰ পানী বটল ‘পেকেজিঙ’ৰ বিৰুদ্ধে জিলা প্ৰশাসনৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.