ETV Bharat / state

SI Junmoni Rabha: জোনমণি ৰাভাৰ মৃত্যুৰে এছ আই অভাজ্যোতি ৰাভাৰ সম্পৰ্ক বিচাৰি অনুসন্ধান CBI ৰ

author img

By

Published : Jul 25, 2023, 2:12 PM IST

SI Junmoni Rabha mysterious death
জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত অব্যাহত চি বি আইৰ অনুসন্ধান

এছ আই জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত চি বি আইৰ । হয়বৰগাঁও আৰক্ষী চকীত দুবাৰকৈ উপস্থিত হৈ অভিযান চি বি আইৰ দলৰ । জোনমণি ৰাভাৰ মৃত্যুৰ সৈতে এছ আই অভাজ্যোতি ৰাভাৰ সম্পৰ্কৰ তথ্য বিচাৰি অনুসন্ধান অব্যাহত চি বি আইৰ ।

নগাঁও, 25 জুলাই : এছ আই জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত চিবিআয়ে অব্যাহত ৰাখিছে তদন্ত ৷ বিগত প্ৰায় ডেৰ মাহ ধৰিয়েই জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত ৰাখিছে চি বি আইৰ এটা দলে । এছ আইগৰাকীৰ মৃত্যুৰ পিছৰে পৰা অধিক বিতৰ্কত সাঙোৰ খাই পৰা আৰক্ষী বিষয়াজনেই হৈছে এছ আই আভাজ্যোতি ৰাভা ।

এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ সৈতে নাম সাঙোৰ খাই পৰা হয়বৰগাঁও আৰক্ষী চকীৰ তদানীন্তন ভাৰপ্ৰাপ্ত বিষয়া আভাজ্যোতি ৰাভাৰ জোনমণি ৰাভাৰ মৃত্যুৰ সৈতে কি সম্পৰ্ক আছে তাৰে সম্ভেদ বিচাৰি মাৰাথন অনুসন্ধান চি বি আইৰ দলটোৰ । চি বি আইৰ দলটোৱে এছ এই আই আভাজ্যোতি ৰাভা সেই সময়ত কৰ্মৰত থকা নগাঁও চহৰৰ হয়বৰগাঁও আৰক্ষী চকীত দুটাকৈ দিন অভিযান চলায় । দলটোৱে আৰক্ষী চকীটোৰ চি চি টি ভিৰ ভিডিঅ' ফুটেজ সমূহো তন্ন তন্নকৈ পৰীক্ষা কৰা বুলি বিশেষ সূত্ৰে জানিবলৈ পৰা গৈছে ।

উল্লেখ্য যে, জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ পাছত তেওঁৰ মাতৃ সুমিত্ৰা ৰাভাই সংবাদ মাধ্যমৰ আগত বাৰম্বাৰ প্ৰকাশ কৰিছিল যে, জোনমণিৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ পূৰ্বে অৰ্থাৎ 15 মে’ৰ নিশা তেওঁৰ জীয়ৰী হয়বৰগাঁও আৰক্ষী চকীলৈ আৰক্ষী চকীটোৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আভাজ্যোতি ৰাভাক লগ কৰিবলৈ গৈছিল ।

আনকি পৰৱৰ্তী সময়ত সুমিত্ৰা ৰাভাই চি আই ডি আৰু চি বি আইৰ সোধপোচৰ সময়তো অনুৰূপ ভাষ্য প্ৰদান কৰিছিল । এনেবোৰ অভিযোগৰ সত্যতা নিৰূপণ কৰিবলৈয়ে চি বি আইৰ তদন্তকাৰী দলটোৱে চহৰখনৰ হয়বৰগাঁও আৰক্ষী চকীত অভিযান চলাই আৰক্ষী চকীৰ কেতবোৰ নথি-পত্ৰ পৰীক্ষা কৰাৰ লগতে আৰক্ষী চকীটোৰ চি চি টি ভিৰ ভিডিঅ' ফুটেজসমূহো তন্ন তন্নকৈ পৰীক্ষা কৰে ।

অৱশ্যে এই অভিযান সন্দৰ্ভত চি বি আই কিম্বা নগাঁও আৰক্ষীয়ে কোনো ধৰণৰ আনুষ্ঠানিক মন্তব্য প্ৰকাশ কৰা নাই । ইপিনে, জোনমণি ৰাভাৰ মাতৃ সুমিত্ৰা ৰাভাই জখলাবন্ধা আৰক্ষী থানাত দাখিল কৰা এজাহাৰখনত নগাঁও জিলাৰ তদানীন্তন আৰক্ষী অধীক্ষক লীনা দলে আৰু তদানীন্তন অতিৰিক্ত আৰক্ষী অধীক্ষক ত্ৰিদীপ কুম্বাংৰ নামো সন্নিৱিষ্ট কৰা হৈছিল যদিও চি বি আইৰ দলটোৱে আজি পৰ্যন্ত আৰক্ষী অধীক্ষক লীনা দলে আৰু এ এছ পি ত্ৰিদীপ কুম্বাংক জেৰা নকৰা বুলি সৰৱ চর্চা চলিছে বিভিন্ন মাধ্যমত ।

লগতে পঢ়ক : CBI Team at Kaliabor:জোনমণি ৰাভাৰ দুৰ্ঘটনাস্থলীত উপস্থিত CBI ৰ দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.