ETV Bharat / state

নগাঁৱত জব্দ চোৰাংকৈ সৰবৰাহ কৰা গৰুভৰ্তি বাহন

author img

By

Published : Sep 26, 2020, 10:46 PM IST

ৰাজ্যত অব্যাহত চোৰাং গৰু সৰবৰাহ। নগাঁৱত জব্দ গৰুভৰ্তি বাহন। চাৰিজনক আটক।

cattle seized at nagaon
নগাঁৱত জব্দ চোৰাংকৈ সৰবৰাহ কৰা গৰুভৰ্তি বাহন

নগাঁও,26 ছেপ্তেম্বৰঃ ৰাজ্যত আজিও অব্যাহত আছে চোৰাং গৰুৰ ৰমৰমীয়া ব্যৱসায়। শনিবাৰে নগাঁৱত জব্দ হয় গৰুভৰ্তি এখন বাহন। উজনি অসমৰ তিনিচুকীয়াৰ পৰা মেঘালয় অভিমুখে গৈ থকা অৱস্থাত নগাঁও আৰক্ষীয়ে উৰীয়াগাঁও বাইপাছৰ পৰা জব্দ কৰিবলৈ সক্ষম হয় ট্ৰাকখন।

নগাঁৱত জব্দ চোৰাংকৈ সৰবৰাহ কৰা গৰুভৰ্তি বাহন

নগাঁৱৰ ইটাচালি আৰক্ষী চকীৰ আৰক্ষীৰ এটা দলে অভিযান চলাই অবৈধভাৱে সৰবৰাহ কৰা ২৫ টাকৈ গৰুসহ ট্ৰাকখন জব্দ কৰাৰ লগতে গৰু সৰবৰাহত জড়িত চাৰিজনকৈ লোকক আটক কৰে। ধৃত লোককেইজন হৈছে তিনিচুকীয়াৰ শংকৰ বাইলা, গুনীন পাটোৱাৰী, বৰপেটাৰ ইমৰান আলী আৰু বিহাৰৰ শ্বাৰূপ খান।

লগতে পঢ়কঃ সময়ত নিৰ্বাচন হোৱা হলে বিপিএফৰ বহু নেতা জেলত থাকিলে হয় !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.