ETV Bharat / state

কংগ্ৰেছৰ পৰাই আহে গোপন খবৰবোৰ; মন্ত্ৰী জয়ন্তৰ মুখেৰেই ওলাল সত্য

author img

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 4:58 PM IST

MLA Rokibul Hussain
MLA Rokibul Hussain in Nagaon

বিজেপিৰে সম্পৰ্ক কেনেকুৱা ৰকিবুল হুছেইনৰ ? জয়ন্তমল্ল বৰুৱাই কেনেকৈ পেটৰ কথা উলিয়াই কংগ্ৰেছী ৰকিবুলৰ পৰা ? কোন কোন কংগ্ৰেছীৰে বিজেপিৰ আছে ভাল সম্পৰ্ক ? নগাঁৱত জয়ন্তমল্ল বৰুৱাই দিলে বৰ্ণনা ৷

কোন কোন কংগ্ৰেছীৰে বিজেপিৰ আছে ভাল সম্পৰ্ক

নগাঁও, 29 নৱেম্বৰ: পুনৰ পূৰ্বৰ সতীৰ্থ তথা কংগ্ৰেছ নেতা ৰকিবুল হুছেইনক আক্ৰমণৰ লক্ষ্য কৰি ল’লে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । কেইদিনমান পূৰ্বে ৰকিবুল হুছেইনে সংবাদমেলৰ আয়োজন কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ অহংকাৰ হোৱা বুলি কটাক্ষ কৰাৰ পিছত এইবাৰ নগাঁৱত উপস্থিত হৈ ৰকিবুল হুছেইনক আক্ৰমণৰ লক্ষ্য কৰি ল’লে জয়ন্ত মল্ল বৰুৱাই ।

নিজকে সাধাৰণ ৰাইজৰ লগত থকা বুলি দাবী কৰি ৰকিবুল হুছেইনক প্ৰত্যুত্তৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ৷ মন্ত্ৰী হৈ থাকোতে ৰকিবুল হুছেইনে কেনেদৰে ঘূৰা ফুৰা কৰিছিল এবাৰ চিন্তা কৰিবলৈ ৰকিবুল হুছেইনক আহ্বান জনায় জয়ন্ত মল্ল বৰুৱাই । তেওঁ কয় যে ৰকিবুল হুছেইনে এতিয়াও নিজকে মন্ত্ৰী বুলি ভাবি থাকে । কিন্তু ৰকিবুল হুছেইন ৰাজনৈতিক জীৱনত আৰু কেতিয়াও মন্ত্ৰী হ'ব নোৱাৰে বুলি কটাক্ষ কৰিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । ৰকিবুল হুছেইনৰ কথাত হেনো কোনো গুৰুত্বই নাই বুলিও কয় একালৰ সতীৰ্থগৰাকীয়ে ।

কংগ্ৰেছৰ প্ৰায় নেতাৰ সৈতে ভাল সম্পৰ্ক আছে বুলি উল্লেখ কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় যে ৰকিবুল হুছেইনৰ সৈতে এতিয়াও তেওঁৰ আছে সু সম্পৰ্ক । প্ৰায়েই ৰকিবুল হুছেইনৰ সৈতে ফোনত কথা পাতে জয়ন্ত মল্ল বৰুৱাই । কথা পতাৰ সময়তে ৰকিবুল হুছেইনৰ পৰা কি কথা কেনেদৰে উলিয়াব লাগে সেয়াও জানে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । বুধবাৰে নগাঁৱত সংবাদ মাধ্যমৰ সন্মুখত কেবাটাও বিস্ফোৰক মন্তব্য কৰিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ।

তেওঁ কয় যে কংগ্ৰেছত বিজেপিৰ এজেন্ট বুলি একো নাই । প্ৰায় নেতাৰ পৰাই কংগ্ৰেছৰ ভিতৰুৱা খবৰ লাভ কৰে বিজেপিয়ে । বৰ্তমান কংগ্ৰেছৰ থকা প্ৰায় নেতাই পূৰ্বৰ সতীৰ্থ । সেই সূত্ৰে এতিয়াও ভাল সম্পৰ্ক ৰক্ষা কৰি আহিছে কংগ্ৰেছৰ একাংশ নেতাই । বুধবাৰে নগাঁৱত য়ুথ জোড়ো যাত্ৰাত সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ফটো নলগোৱাৰ খবৰো মুহুৰ্তৰ ভিতৰতে লাভ কৰা বুলিও জনায় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ।

লগতে পঢ়ক: মুখ্যমন্ত্ৰী সদায় মুখ্যই; মন্ত্ৰী পৰিমল শুক্লবৈদ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.