ETV Bharat / state

প্ৰদূষণ নিয়ন্ত্ৰণ দিৱসৰ ফলাফল কি ? পৰিভ্ৰমী পক্ষীৰ আগমনত বাধা !

author img

By ETV Bharat Assamese Team

Published : Dec 2, 2023, 8:23 PM IST

World Pollution Control Day
প্ৰদূষণ নিয়ন্ত্ৰণ দিৱসৰ ফলাফল কি ?

আজি বিশ্ব প্ৰদূষণ নিয়ন্ত্ৰণ দিৱস ৷ জল-ভূমি-বায়ু সকলোতে বাঢ়িছে প্ৰদূষণৰ মাত্ৰা ৷ ফল ভুগিছে পৃথিৱীৰ জীৱকুলে ৷ পৰিভ্ৰমী চৰাইৰ কলৰৱে প্ৰাণ দিয়া জয়সাগৰ দলনি আজি নীৰৱ-নিতাল ৷ যেন ক্ৰমাৎ হেৰাইছে পক্ষীতীৰ্থ জয়সাগৰ দলনিৰ আকৰ্ষণ !

প্ৰদূষণ নিয়ন্ত্ৰণ দিৱসৰ ফলাফল কি ?

কলিয়াবৰ, 2 ডিচেম্বৰ : ভয়াবহ প্ৰদূষণ, বেদখল, খেতি-পথাৰত ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্যৰ ব্যৱহাৰে দেশী-বিদেশী পক্ষীকুললৈ আনিছে বিপদ । শীতকাল অহাৰ লগে-লগে দেশী-বিদেশী পৰিভ্ৰমী পক্ষীৰ বিচৰণস্থলী জয়সাগৰ দলনিত এতিয়া লোপ পাইছে পক্ষীৰ বিচৰণ ।

আজি বিশ্ব প্ৰদূষণ নিয়ন্ত্ৰণ দিৱস । দিৱস উদ্‌যাপনৰ বিপৰীতে কিমান নিয়ন্ত্ৰণ হৈছে প্ৰদূষণ ? চৰকাৰী নীতি-নিয়ম ধোঁৱাচাঙত তুলি চৌদিশে প্ৰদূষণৰ ভয়াবহতা । ফলত মানুহৰ লগতে জীৱ-জন্তু-পক্ষী সকলো আক্ৰান্ত হৈছে প্ৰদূষণত । জয়সাগৰ দলনি, কলিয়াবৰ মহকুমাৰ এক জৈৱ-বৈচিত্ৰৰে ভৰপূৰ জলাশয় । দেশী-বিদেশী পৰিভ্ৰমী পক্ষীৰ বিচৰণস্থলী জলাশয়টো কলিয়াবৰৰ ঐতিহাসিক সমলৰূপে চিহ্নিত হৈছে । নানা যুদ্ধ-বিগ্ৰহত ব্যস্ত থকা স্বৰ্গদেউ প্ৰমত্ত সিংহই কলিয়াবৰত ৰজাবাহৰ পাতিছিল । প্ৰমত্ত সিংহৰ একমাত্ৰ জীয়াৰী জয়া আইদেউক শিলঘাটৰ ৰজাবাহৰত ৰাখিছিল । উক্ত বাহৰত থাকোতেই টান নৰীয়াত জয়া আইদেউ মৃত্যুমুখত পৰে । জয়াৰ শৱদেহ ৰজাবাহৰৰ দক্ষিণে থকা বিলখনৰ পাৰতে সমাধিস্থ কৰা হৈছিল । জয়া মৈদামৰ কাষতে থকা ১৬ হাজাৰ বিঘা মাটিকালিৰ জলাশয়টোৰ নাম প্ৰতাপ সিংহই চেনেহী জীয়াৰী জয়াৰ নামেৰে ৰাখিছিল । পূবথৰীয়া মৌজাৰ বৃহৎ বিলখন পিচলৈ জয়সাগৰ নামেৰে প্ৰসিদ্ধ হৈ পৰে । এই জয়সাগৰ আহোম যুগৰ নৌ-বাহিনীৰ কেন্দ্ৰস্থল আছিল । ইয়াত যুদ্ধত ব্যৱহৃত নাও নিৰ্মাণ আৰু মেৰামতি কৰা হৈছিল । লাহে-লাহে দিন বাগৰিল, সদায় ব্যস্ত থকা বিলখনত পক্ষীৰ ব্যস্ততা বাঢ়িল । শীতকালত আন ঠাইৰ পৰাও পক্ষী আহি জয়সাগৰৰ শোভা বঢ়ালে । কাম চৰাই, শৰালি হাঁহ, বৰটোকোলা, হাড়গিলা, শামুকভঙা আদি পক্ষীৰ স্বাভাৱিক আশ্ৰয় থল হোৱাৰ উপৰিও শীতৰ আগমনৰ লগে-লগে বহু পৰিভ্ৰমী চৰাইৰ জয়সাগৰলৈ আগমন ঘটিবলৈ ল'লে ৷

প্ৰকৃতিপ্ৰেমী বেচৰকাৰী অনুষ্ঠান "ফ্ৰে'ণ্ডশ্বীপ ফৰ এনিমেলচ্"এ "ডব্লিউ ডব্লিউ এফ"ৰ সহযোগত জয়সাগৰ দলনিক প্ৰায় শতাধিক পক্ষীৰ বাসস্থানৰূপে আৱিস্কাৰ কৰিছে । যাৰ বেছিভাগেই শীতকালৰ পৰিভ্ৰমী চৰাই । ইতিমধ্যে দুষ্প্ৰাপ্য কাক' হাঁহ (অৰিয়েণ্টেল ডাৰ্টাৰ), বিয়েৰ পোচাৰ্ড, থেৰজেনিয়াড পোচাৰ্ড, পেচান টে'ল জাকান আদি জয়সাগৰ দলনিত প্ৰায়ে দেখিবলৈ পোৱা যায় ।

গ্লচিয়াচ আইবিজ, ব্লে'ক টেজেড আইবিজ, কমন কোট, গ্ৰে' লে'গ গীজ, ব্ৰাউন হে'ডেড গাল আদি বিভিন্ন দেশী-বিদেশী পক্ষীৰ কলৰৱত এসময়ত মুখৰিত হৈছিল জয়সাগৰ দলনি । কিন্তু এতিয়া পৰিভ্ৰমী পক্ষীৰ আগমন প্ৰায় নোহোৱাৰ দৰেই । নৱেম্বৰ মাহৰ আৰম্ভণিৰ পৰাই পক্ষীৰ আগমন হয় যদিও এতিয়া ডিচেম্বৰ মাহ আৰম্ভ হোৱাৰ পাছতো পূৰ্বৰ দৰে পক্ষীৰ বিচৰণ পৰিলক্ষিত হোৱা নাই । এইবোৰৰ মূলতে প্ৰদূষণ ৷ আজি বিশ্ব প্ৰদূষণ নিয়ন্ত্ৰণ দিৱস ৷

লগতে পঢ়ক : German Tourists at Kaliabor : বিহুত মুগ্ধ জাৰ্মানীৰ পৰ্যটক, ঢোলৰ ছেৱত নাচিলে কঁকাল ভাঙি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.