ETV Bharat / state

পদুমনিৰ পদুমে পুলকিত কৰিছে পথচাৰীক

author img

By

Published : Jun 16, 2021, 10:33 PM IST

নগাঁৱৰ চামগুৰিৰ পদুমনি গাঁৱৰ পদুম পুখুৰীত ফুলা পদুমে আকৰ্ষিত কৰিছে সকলোকে ৷ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় 10 কিঃমিঃ নিলগত থকা পদুমণিৰ পদুম পুখুৰীত ফুলা হাজাৰ হাজাৰ পদুমে মনোমোহা কৰি তুলিছে ধৰাৰ বুকু ৷

beautiful-villages-of-samaguri
পদুমনিৰ পদুমে পুলকিত কৰিছে পথচাৰীক

চামগুৰি,16 জুন: যি সময়ত একাংশই প্ৰকৃতি ধ্বংস কৰি আহিছে তেনে সময়তে প্ৰকৃতিয়ে সময়ে সময়ে নিজৰ ৰূপ সলনি কৰি মানৱ জাতিক প্ৰদৰ্শন কৰি আহিছে নিজৰ মনোমোহা ৰূপ ৷ তাৰেই এক উদাহৰণ নগাঁৱৰ চামগুৰিৰ পদুমনি গাঁৱৰ পদুম পুখুৰী ৷ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় 10 কিঃমিঃ নিলগত থকা পদুমণিৰ পদুম পুখুৰীত ফুলিছে হাজাৰ হাজাৰ পদুম ৷ নানান ৰঙীন পদুমৰ মনোমোহা ৰঙে ৰঙীন কৰি তুলিছে ধৰাৰ বুকু ৷

পদুমনিৰ পদুমে পুলকিত কৰিছে পথচাৰীক

এই পুখুৰীত ফুলা পদুম বিভিন্ন সময়ত বিভিন্ন ধৰ্মৰ লোকে নানা মাংগালিক কাৰ্যত ব্যৱহাৰ কৰি অহাৰ লগতে বিভিন্ন ঔষধি কাৰণতো ব্যৱহাৰ কৰি আহিছে ৷ যাৰ ফলত এই বৃহৎ পদুমনি পুখুৰীৰ পৰাই পদুমনি গাঁৱৰ উৎপত্তি হৈছিল বুলি লোক প্ৰবাদ চলি আহিছে ৷

সম্প্ৰতি পূৰ্বতকৈ পুখুৰীটোৰ আকাৰ সৰু হৈ অহাৰ লগতে লুপ্ত হৈ যোৱাৰ দিশে গতি কৰাত, চিন্তিত হৈ পৰিছে স্থানীয় লোকসকল ৷ গাঁওখনৰ এই ঐতিহাসিক স্মৃতি জীয়াই ৰখাৰ লগতে সংৰক্ষণৰ বাবেও স্থানীয় ৰাইজৰ সহায়ৰ লগতে চৰকাৰকো আহ্বান জনাইছে সচেতন মহলে ৷

লগতে পঢ়ক: পতঞ্জলি উদ্যোগত হাতীৰ মৃত্যু : আজিও নহ’ল উচিত তদন্ত !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.