ETV Bharat / state

৫৭ নং নতুন কলিয়াবৰ সমষ্টিত ৰেচন কাৰ্ড বিতৰণ

author img

By ETV Bharat Assamese Team

Published : Jan 16, 2024, 3:57 PM IST

New Ration Card Assam
৫৭ নং নতুন কলিয়াবৰ সমষ্টিত ৰেচন কাৰ্ড বিতৰণ

Ration Card Distribution Kaliabor: কলিয়াবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ৩৭ হাজাৰ ৬৫৯ গৰাকী জনসংখ্যাক সামৰি ৭ হাজাৰ ৪৪৪ খন নতুন ৰেচন কাৰ্ড বিতৰণ কৰা হয় । ৰাজ্যত ৪২,৮৫,৭৪৫ গৰাকী নতুন হিতাধিকাৰীলৈ ১০,৭৩,৪৮৯ খন ৰেচন কাৰ্ড বিতৰণৰ লক্ষ্য ৷

৫৭ নং নতুন কলিয়াবৰ সমষ্টিত ৰেচন কাৰ্ড বিতৰণ

কলিয়াবৰ, 16 জানুৱাৰী : ৫৭ নং নতুন কলিয়াবৰ সমষ্টিত ৰেচন কাৰ্ড বিতৰণ ৷ ব্যৱসায় কৰিবলৈ আত্মসহায়ক গোটসমূহৰ বাবে প্ৰায় ৩৯ লাখ টকা অনুমোদন জনাইছে অসম চৰকাৰে ৷

কলিয়াবৰৰ নলতলিস্থিত ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্প খেলপথাৰত আজি ৰেচন কাৰ্ড বিতৰণৰ আনুষ্ঠানিক কাৰ্যসূচী অনুষ্ঠিত হয় ৷ কলিয়াবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ৩৭ হাজাৰ ৬৫৯ গৰাকী লোকক সামৰি ৭ হাজাৰ ৪৪৪ খন নতুন ৰেচন কাৰ্ড হিতাধিকাৰীসকলৰ মাজত বিতৰণ কৰা হয় ৷

উল্লেখ্য যে সমগ্ৰ ৰাজ্যত ৰাজ্যত ৪২,৮৫,৭৪৫ গৰাকী নতুন হিতাধিকাৰীলৈ ১০,৭৩,৪৮৯ খন ৰেচন কাৰ্ড বিতৰণৰ লক্ষ্য বান্দি লোৱা হৈছে ৷ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত ২৫ টা গাঁও পঞ্চায়তৰ ৭৪৪৪ টা পৰিয়াললৈ এই ৰেচন কাৰ্ড বিতৰণ কৰা হয় ৷ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৰাজ্যৰ স্বাস্থ্য, পৰিয়াল কল্যাণ, স্বাস্থ্য শিক্ষা, বিজ্ঞান প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই ।

কলিয়াবৰ, পশ্চিম কলিয়াবৰ, লাওখোলাৰ আৰু বাজিয়া গাঁও উন্নয়ন খণ্ডৰ অন্তৰ্গত ২৫ টা গাঁও পঞ্চায়তৰ হিতাধিকাৰীৰ উপস্থিতিত আনুষ্ঠানিকভাৱে এই নতুন ৰেচন কাৰ্ড বিতৰণ কৰা হয় । সভাত ভাষণ প্ৰসংগত মন্ত্ৰী কেশৱ মহন্তই কয়, ‘‘বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে আৰম্ভণিৰ পৰা অসমৰ জনসাধাৰণৰ সামগ্ৰীক উন্নয়নত গুৰুত্ব প্ৰদান কৰি আহিছে । দুখীয়া জনসাধাৰণৰ বাবে বিশেষ আঁচনি ৰূপায়ণৰ কৰি আহিছে । বৰ্তমান চৰকাৰখনে প্ৰকৃত হিতাধিকাৰী নিৰ্বাচনত বহু নীতি-নিয়ম শিথিল কৰাৰ সমাজৰ দৰিদ্ৰ লোকে সুফল পাবলৈ সক্ষম হৈছে ।’’

এই ৰেচন কাৰ্ডখন কেৱল চাউলৰ বাবেই দিয়া হোৱা নাই বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয়, ‘‘ এই ৰেচন কাৰ্ডখন স্বাস্থ্য বীমাৰ বাবে ব্ৰহ্মাস্ত্ৰৰূপে পৰিগণিত হ'ব । আয়ুষ্মান ৰেচন কাৰ্ডৰ জৰিয়তে আয়ুষ্মান কাৰ্ড লাভ কৰিব । তদুপৰি, উজ্বলা গেছৰ সংযোগৰ লগতে অনান্য চৰকাৰী সুবিধা পাব ।’’

এই কাৰ্ডখন এক প্ৰকাৰৰ 'লাইফ-লাইন' বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়, ‘‘ অসমৰ ৪০ লাখ লোকক ৰেচন কাৰ্ড যোগান ধৰাৰ পৰিকল্পনাৰে আজি নতুন কলিয়াবৰ সমষ্টিত বিতৰণ কাৰ্যসূচী আৰম্ভ কৰা হৈছে । অসমৰ মহিলাসকলৰ বাবেও এই চৰকাৰে বহুকেইখন আঁচনি ইতিমধ্যে ৰূপায়ণ কৰি থকা হৈছে । তাৰ জৰিয়তে মহিলাসকলে আৰ্থিকভাৱেও লাভান্বিত হোৱাৰ লগতে সামাজিক মৰ্য্যাদা লাভ কৰিছে ।’’

ভৱিষ্যতৰ দিনত ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ বলিষ্ঠ পদক্ষেপৰ বাবে দেশে এক নতুন উচ্চতা স্পৰ্শ কৰিব পাৰিছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ কলিয়াবৰ সমষ্টিত বিগত সময়ত বিভিন্ন উন্নয়নমূলক কামে অগ্ৰগতি লাভ কৰিছে বুলি মন্তব্য কৰি তেওঁ কয় যে অনাগত দিনত কলিয়াবৰৰ উন্নয়ন তৰান্বিত কৰাৰ বাবে বহুকেইখন আঁচনি ৰূপায়ণ কৰি থকা হৈছে আৰু কেবাখনো আঁচনিৰ পৰিকল্পনা কৰি থকা হৈছে ।

এই অনুষ্ঠানৰ লগত সংগতি ৰাখি গোটেইকেইটা পঞ্চায়তৰ কাউন্টাৰ প্ৰদৰ্শিত কৰা হয়, পৰিদৰ্শন কৰে নগাঁও আয়ুক্তই । কলিয়াবৰ মহকুমা প্ৰশাসনৰ ব্যৱস্থাপনাত অনুষ্ঠিত এই ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচীত নগাঁও জিলাৰ আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্ত তথা ভাৰপ্ৰাপ্ত মহকুমাধিপতি লিজা তালুকদাৰ উপস্থিত থাকে ।

লগতে পঢ়ক: ধেমাজিত নতুনকৈ ১১২০০০ ৰেচন কাৰ্ডৰ হিতাধিকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.