হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমৰ অন্তৰ্ভূক্ত শংকৰদেৱ সম্বন্ধীয় এক প্ৰৱন্ধ

author img

By

Published : May 2, 2020, 8:26 PM IST

Updated : May 2, 2020, 10:15 PM IST

হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ অন্তৰ্ভূক্ত শংকৰদেৱৰ প্ৰৱন্ধ
হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ অন্তৰ্ভূক্ত শংকৰদেৱৰ প্ৰৱন্ধ ()

বিশ্বৰ আগশাৰীৰ শিক্ষানুষ্ঠান হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভূক্ত হৈছে মহাপুৰুষ শংকৰদেৱ সম্বন্ধীয় এক প্ৰৱন্ধ । মহাপুৰুষ গৰাকীৰ বিষয়ে দীৰ্ঘদিনে গৱেষণা কৰা এগৰাকী গৱেষকে লিখিছিল উক্ত প্ৰৱন্ধ । গৱেষক গৰাকীৰ বহু গ্ৰন্থই ইতিমধ্যে স্থান লাভ কৰিছে অক্সফ’র্ড বিশ্ববিদ্যালয়কে ধৰি বিশ্বৰ কেইবাখনো আগশাৰীৰ বিশ্ববিদ্যালয়ৰ পুথিভঁৰালত ।

নগাঁও,2 মে’ঃ Covid 19 ৰ আতংকৰ মাজতে অসমবাসীলৈ এক সুখবৰ ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে লিখা এক প্ৰবন্ধ শেহতীয়াকৈ অন্তৰ্ভূক্ত হৈছে বিশ্বৰ আগশাৰীৰ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত ৷ দীৰ্ঘদিনে মহাপুৰুষ গৰাকীৰ বিষয়ে গৱেষণা কৰি অহা এগৰাকী গৱেষক তথা লেখক হৈছে ড৹ সঞ্জীৱ কুমাৰ বৰকাকতি ৷ নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক হিচাপে কৰ্মৰত এইগৰাকী গৱেষকে মহাপুৰুষ গৰাকীৰ দৰ্শন সম্পৰ্কে লিখা এটা নিৱন্ধ অন্তৰ্ভুক্ত হৈছে বিশ্বৰ আগশাৰীৰ শিক্ষানুষ্ঠান হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত । বিশ্ববিদ্যালয়খনৰ ধৰ্ম বিভাগত অন্তৰ্ভূক্ত হোৱা প্ৰবন্ধটো হৈছে "ইউনিক ফিউচাৰ্ছ অফ শ্ৰীমন্ত শংকৰদেৱ ৰিলিজিয়াছ ফিলচ’ফি"।

আন্তঃৰাষ্ট্ৰীয় খ্যাতি মহাপুৰুষ শংকৰদেৱৰ প্ৰবন্ধলৈ

গুৰুজনাৰ সাহিত্যৰাজিক বিশ্বজনীন কৰাৰ লগতে নৱ প্ৰজন্মৰ ওচৰলৈ লৈ যোৱাৰ উদ্দেশ্যে ২০১১ চনত ফেচবুকত "ফল’ৱাৰ্ছ অব শংকৰদেৱ" নামৰ এটা গোট গঠন কৰিছিল গৱেষক সঞ্জীৱ বৰকাকতিয়ে । পৰৱৰ্তী সময়ত বৰকাকতিয়ে শ্ৰীমন্ত শংকৰদেৱ ডট কম নামৰ এটা ৱেবচাইট গঠন কৰি সন্নিৱিষ্ট কৰে শংকৰদেৱৰ বিষয়ে লিখা প্ৰবন্ধ । এই ৱেবচাইটৰ পৰা বিশ্ববিদ্যালয়খনে সংগ্ৰহ কৰে প্ৰবন্ধটো । লক্​ ডাউনৰ বাবে বিভিন্ন শিক্ষানুষ্ঠানে পাঠ্যক্ৰমসমূহ অনলাইনত আপলোড কৰাত গৱেষক বৰকাকতি অৱগত হয় এই বিষয়ে ।

হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ অন্তৰ্ভূক্ত শংকৰদেৱৰ প্ৰৱন্ধ
হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ অন্তৰ্ভূক্ত শংকৰদেৱৰ প্ৰৱন্ধ

কেৱল এয়াই নহয়, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে বৰকাকতিয়ে লিখা এখন গ্রন্থই ফ্ৰাঙ্কফুট,বেইজিং,চিউল গ্ৰন্থমেলা আদিত যথেষ্ট সমাদৰ লাভ কৰিছে । ইয়াৰোপৰি গুৰুজনাৰ বিষয়ে লিখা বহুকেইখন গ্ৰন্থই অক্সফ’র্ড বিশ্ববিদ্যালয়, টৰেণ্ট’ বিশ্ববিদ্যালয়, হিডেনবাৰ্ড আদি বিশ্ববিদ্যালয়ৰ পুথিভঁৰালত স্থান লাভ কৰিছে ।

লগতে চাওকঃ বহিঃৰাজ্যত থকা অসমৰ লোকক আনিবলৈ সাজু ৰাজ্য চৰকাৰ

Last Updated :May 2, 2020, 10:15 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.