কংগ্ৰেছৰ সৈতে মিত্ৰতালৈ নাযায় অসম জাতীয় পৰিষদ

author img

By

Published : Sep 5, 2021, 9:28 PM IST

ajp wont be available for an alliance with congress
কংগ্ৰেছৰ সৈতে মিত্ৰতালৈ নাযায় AJP ()

কংগ্ৰেছৰ সৈতে মিত্ৰতা নকৰাৰ সিদ্ধান্তত অটল আছে অসম জাতীয় পৰিষদ । পিছে সমাাগত উপ-নিৰ্বাচনত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থীৰ পোষকতা কৰিছে দলটোৰ সভাপতি লুৰীণ জ্যোতি গগৈয়ে ৷

নগাঁও, 5 ছেপ্টেম্বৰ : কোনো মিত্ৰজোঁটত অংশগ্ৰহণ নকৰে অসম জাতীয় পৰিষদে ৷ কিন্তু, উপ-নিৰ্বাচনত উমৈহতীয়া প্ৰাৰ্থীৰ পোষকতা কৰিছে লুৰীণ জ্যোতি গগৈয়ে । উপ-নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰাই মূল লক্ষ্য বুলিও মন্তব্য কৰিছে এজেপিৰ সভাপতি গৰাকীয়ে । ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ পোষকতা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ ।

কংগ্ৰেছৰ সৈতে মিত্ৰতালৈ নাযায় AJP

অৱশ্যে, কংগ্ৰেছৰ সৈতে মিত্ৰতা নকৰাৰ সিদ্ধান্তত অটল আছে অসম জাতীয় পৰিষদ । দেওবাৰে নগাঁৱৰ বৰঘাটত অনুষ্ঠিত হোৱা অসম জাতীয় পৰিষদৰ এখনি সাংগঠনিক সভাত অংশগ্ৰহণ কৰি এইদৰে মন্তব্য কৰে অসম জাতীয়তাবাদী পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে । উপ-নিৰ্বাচনত উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপ কৰা সন্দৰ্ভত গ্ৰহণ কৰা অসম জাতীয় পৰিষদৰ সিদ্ধান্তও ইতিমধ্যে কংগ্ৰেছক অৱগত কৰা হৈছে বুলি জানিবলৈ দিয়ে গগৈয়ে ।

কংগ্ৰেছেও বিষয়টোত যোগাত্মকভাৱে আগবাঢ়িছে বুলি সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰে অসম জাতীয় পৰিষদৰ নেতা লুৰীণজ্যোতি গগৈয়ে ।

কাগজকল সন্দৰ্ভত বিজেপি চৰকাৰক তীব্ৰ কটাক্ষ কৰি লুৰীণজ্যোতি গগৈয়ে কয় যে, নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে কাগজকল পুনৰ জীৱিত কৰাৰ প্ৰতিশ্ৰুতি দি চৰকাৰ গঠন কৰাৰ পিছত জনবিৰোধী নীতি গ্ৰহণ কৰিছে বিজেপিয়ে । কাগজ কল সন্দৰ্ভত বিজেপি চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰোধিতা কৰাৰ লগতে কৃষক আন্দোলনলৈ পূৰ্ণ সমৰ্থন আগবঢ়াই অসম জাতীয় পৰিষদে। নগাঁৱত অনুষ্ঠিত হোৱা অসম জাতীয় পৰিষদৰ সাংগঠনিক সভাখনত দলটোৰ নেতা চমশ্বেৰ সিং, জগদীশ ভূঞা আদি উপস্থিত থাকি দলটোক শক্তিশালী কৰা সন্দৰ্ভত আলোচনা কৰে ।

লগতে পঢ়ক : AJP ৰ আহ্বানত গুৱাহাটীলৈ আহিব মহাৰাজা প্ৰদ্যুৎ মাণিক্য দেৱবৰ্মন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.