ETV Bharat / state

Cyber criminal arrested: চাইবাৰ অপৰাধী বিচাৰি অসমত উত্তৰ প্ৰদেশ আৰক্ষীৰ অভিযান

author img

By

Published : Apr 25, 2023, 6:50 PM IST

UP police raid against cyber criminal in Assam
চাইবাৰ অপৰাধী বিচাৰি অসমত উত্তৰ প্ৰদেশ আৰক্ষীৰ অভিযান

চাইবাৰ অপৰাধীৰ বিৰুদ্ধে নগাঁও আৰু মৰিগাঁও জিলাত অভিযান উত্তৰ প্ৰদেশ আৰক্ষীৰ ৷ উত্তৰ প্ৰদেশৰ বহু ব্যক্তিৰ একাউন্টৰ পৰা ধন সৰকোৱা প্ৰৱঞ্চক পৰিছে উত্তৰ প্ৰদেশ আৰক্ষীৰ জালত (UP police raid against cyber criminal) ৷ নগাঁও, মৰিগাঁও আৰক্ষীৰ সহযোগত অভিযান চলাই গ্ৰেপ্তাৰ কৰা প্ৰৱঞ্চকক লৈ উত্তৰ প্ৰদেশলৈ ৰাওনা উত্তৰ প্ৰদেশ আৰক্ষী (Cyber criminal arrested in Morigaon) ৷

চাইবাৰ অপৰাধী বিচাৰি অসমত উত্তৰ প্ৰদেশ আৰক্ষীৰ অভিযান

মৰিগাঁও, 25 এপ্ৰিল : মধ্য অসমত সক্ৰিয় হৈছে চাইবাৰ অপৰাধী চক্ৰ (UP police raid against cyber criminal)৷ এইবাৰ চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান চলাবলৈ মধ্য অসমত উপস্থিত হয় উত্তৰ প্ৰদেশ আৰক্ষীৰ এটা দল (cyber crime increase in Assam)৷ উত্তৰ প্ৰদেশৰ পৰা অহা আৰক্ষীৰ দলটোৱে নগাঁৱত বাহৰ পাতি নগাঁও আৰু মৰিগাঁও আৰক্ষীৰ সহযোগত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে কঠোৰ অভিযান চলায় ৷

এই অভিযানত উত্তৰ প্ৰদেশৰ অভিযানকাৰী দলটোৱে মৈৰাবাৰীৰ পৰা এটা চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ উত্তৰ প্ৰদেশ আৰক্ষীৰ জালত পৰা প্ৰৱঞ্চকটো মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ ৰিজাবুল হক বুলি জানিব পৰা গৈছে (Cyber criminal arrested in Morigaon)৷ ধৃত ৰিজাবুল হকে 8 টাকৈ ভুৱা বেংক একাউণ্টৰ জৰিয়তে উত্তৰ প্ৰদেশৰ বিভিন্ন লোকৰ পৰা 41 লাখ টকা সৰকাই নিয়া বুলি আৰক্ষীৰ সূত্ৰে জনাইছে (One cyber criminal arrested by UP Police) ৷

উত্তৰ প্ৰদেশৰ হাফপুৰৰ ব্যৱসায়ী অভয় কুমাৰ গোয়েলো বলি হৈছিল ৰিজাবুল হকৰ প্ৰৱঞ্চনাৰ ৷ অৱশেষত উত্তৰ প্ৰদেশৰ হাফপুৰ থানাত ভুক্তভোগী অভয় কুমাৰ গোয়েলে ৰিজাবুল হকৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ (Cyber crime case in Assam)৷

উক্ত এজাহাৰৰ ভিত্তিতেই উত্তৰ প্ৰদেশৰ আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি ৰিজাবুলক বিচাৰি আৰম্ভ কৰিছিল অভিযান ৷ এই এজাহাৰৰ ভিত্তিত উত্তৰ প্ৰদেশৰ আৰক্ষীয়ে মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ পৰা গ্ৰেপ্তাৰ কৰে ৰিজাবুলক ৷

উল্লেখযোগ্য যে, উত্তৰ প্ৰদেশৰ আৰক্ষী বিষয়া দিনেশ কুমাৰৰ (UP Police officer Dinesh Kumar) নেতৃত্বত চলিছিল অভিযান ৷ মঙলবাৰে ধৃত ৰিজাবুল হকক নগাঁও আদালতত হাজিৰ কৰে উত্তৰ প্ৰদেশ আৰক্ষীয়ে ৷ নগাঁও আদালতত হাজিৰ কৰাৰ অন্তত চাইবাৰ অপৰাধত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা ৰাজিবুল হকক লগত লৈ উত্তৰ প্ৰদেশলৈ ৰাওনা হয় আৰক্ষীৰ দলটো ৷

লগতে পঢ়ক: Exclusive interview: অপৰাধীৰ বাবে দুঃস্বপ্ন হৈ পৰা এগৰাকী আৰক্ষী অধীক্ষক; এবছৰত জব্দ কৰিলে প্ৰায় ১২৩ কোটি টকাৰ ড্ৰাগছ

বিভিন্নজনৰ একাউন্টৰ পৰা ধন সৰকোৱা চক্ৰটোৰ সৈতে মৈৰাবাৰীৰ ৰাজিবুল হকৰ লগতে আৰু লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে ৷ আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি ধৃত ৰিজাবুলক উত্তৰ প্ৰদেশত জেৰা চলোৱাৰ লগতে আন অপৰাধীৰ বিৰুদ্ধেও অভিযান চলাব উত্তৰ প্ৰদেশৰ আৰক্ষীয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.