ETV Bharat / state

উদীপুৰ বিলত সমূহীয়া মৎস্য চিকাৰ

author img

By ETV Bharat Assamese Team

Published : Jan 16, 2024, 5:53 PM IST

Traditional community fishing: মৰিগাঁও ঐতিহ্যমণ্ডিত তিৱা খলা ৰাজ্যৰ উদীপুৰ বিলৰ পাৰত দিনজোৰা বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হয় উদীপুৰ মেলা । এই মেলাৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হয় প্ৰাচীন বিনিময় প্ৰথা আৰু সমূহীয়া মৎস্য চিকাৰ । হাঁড় কঁপোৱা জাৰকো নেওচি মাছ মাৰিবলৈ নামিল শ শ লোক ।

Traditional community fishing in Morigaon
উদীপুৰ বিলত সমূহীয়া মৎস্য চিকাৰ

উদীপুৰ বিলত সমূহীয়া মৎস্য চিকাৰ

মৰিগাঁও,১৬ জানুৱাৰী: ৰাজ্যজুৰি ভোগালীৰ উচাহ । চৌদিশে ভোগালী বিহু উদযাপনৰ ব্যাপক আয়োজন । মাঘ বুলিলেই মৰিগাঁও জিলাত আৰম্ভ হয় যেন উৎসৱৰ অনন্য এক পৰিৱেশৰ । সমাগত জোনবিল মেলা । কিন্তু ইয়াৰ পূৰ্বে হেঁপাহৰ মাঘ বিহুৰ লগত সংগতি ৰাখি মৰিগাঁও প্ৰাচীন খলা ৰাজ্যৰ উদীপুৰ বিলৰ পাৰত অনুষ্ঠিত কৰা হয় উদীপুৰ মেলা ।

উদীপুৰ মেলাৰ অন্যতম কাৰ্যসূচী অনুসৰি সম্পন্ন হয় সমূহীয়া মৎস্য চিকাৰ আৰু ঐতিহাসিক বিনিময় প্ৰথা । জাতি-ধৰ্ম-বৰ্ণ ভেদাভেদ পাহৰি কিৰিলি পাৰি হাঁড় কঁপোৱা জাৰকো নেওচি মৎস্য চিকাৰত নামি পৰে হাজাৰ বিজাৰ মাছমৰীয়া । সকলোৱে হাতে হাতে জাল, জাকৈ-জুলুকী, পল আদি লৈ খলা ৰাজ্যৰ লৰ ঘোষণা পিচতেই জপিয়াই পৰে মাছমৰীয়াসকল ।

জানিব পৰা মতে পুৱা উদীপুৰ বিনিময় প্ৰথাৰ উদ্বোধন কৰে ইণ্ডিয়ান অভাৰচিছ বেংকৰ পৰিচালক জিতেন ৰংহাঙে । এই বিনিময় প্ৰথাৰ জৰিয়তে পাহাৰৰ উৎপাদিত আদা, কচু, হালধি, লা, ধূনাৰে বিনিময় কৰে ভৈয়ামৰ সান্দহ, চিৰা, পিঠা, শুকান মাছৰ । ইফালে কুকুৰা যুঁজ উদ্বোধন কৰে বিমান তেৰণে । আন আনহাতে প্ৰাচীন উদীপুৰ বিলত সমূহীয়া মৎস্য চিকাৰৰ উদ্বোধন কৰে তিৱা খলা ৰাজ্যৰ লৰ ৰঞ্জু দেউৰী আৰু মানিক দেউৰীয়ে ।

ইয়াৰ পিচতে অনুষ্ঠিত হয় বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান । এই অনুষ্ঠানত খলা দেওৰজাৰ উপৰিও কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে । এই প্ৰাচীন বিনিময় প্ৰথাৰ জৰিয়তে পাহাৰ-ভৈয়াযৰ সমন্বয়ৰ সাঁকোডাল মজবুত কৰাৰ লক্ষ্যৰে বিগত বছৰ সমূহৰ লেখীয়াকৈ এই বৰ্ষতো উদীপুৰ মেলা অনুষ্ঠিত কৰা বুলি সদৰী কৰে উদযাপন সমিতিৰ সম্পাদক ৰণদীপ ডেকা আৰু খলা দেওৰজা ৰাজ্যৰ পৰিচালনা সমিতিৰ সম্পাদক সুভেন বৰদলৈয়ে ।

লগতে পঢ়ক: পহিলা মাঘত গোনা ম'হৰ যুঁজত কঁপিব আঁহতগুৰি পথাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.