অসম-মিজোৰাম সংঘাতত হাত আছে তৃতীয় পক্ষৰ: ইউ জি ব্ৰহ্ম

author img

By

Published : Jul 28, 2021, 2:25 PM IST

assam mizoram conflict

অসম-মিজোৰাম সীমান্তত সোমবাৰে সংঘটিত হোৱা ঘটনাক ভয়ংকৰ আৰু দুৰ্ভাগ্যজনক আখ্যা কেবিনেট মন্ত্ৰী ইউ জি ব্ৰহ্মৰ । মিজো আৰক্ষীৰ গুলীত প্ৰাণ আহুতি দিবলগীয়া হ’ল অসমৰ 6 গৰাকী আৰক্ষী জোৱানে ৷ ৰাজ্যৰ বাবে ই এক অতি দুৰ্ভাগ্যজনক বিষয় ৷ এই সংঘাতত হাত আছে তৃতীয় পক্ষৰ ৷ এই মন্তব্য কৰে কেবিনেট মন্ত্ৰীগৰাকীৰ ৷

মৰিগাঁও, 28 জুলাই : অকল্পনীয় এক ঘটনা ৰাজ্যত সোমবাৰে সংঘটিত হ’ল ৷ অসম মাতৃৰ ৰক্ষাৰ বাবে গুলীবিদ্ধ হ’বলগীয়া হ’ল অসম আৰক্ষীৰ 6 জোৱানে ৷ আহত হ’ল কেইবাগৰাকীও নিৰিহ লোক ৷

অসম-মিজোৰাম সীমান্ত সংঘাত বিৰুদ্ধে ৰাজ্যৰ ভিন্ন প্ৰান্তত মিজোৰ বিৰুদ্ধে সাব্যস্ত কৰা হৈছে প্ৰতিবাদো ৷ মিজোৰ এই বৰ্বৰতা সন্দৰ্ভত বিভিন্ন মহলে প্ৰতিক্ৰিয়াও প্ৰকাশ কৰিছে ৷ সোমবাৰৰ অসম-মিজোৰাম সীমান্ত সন্দৰ্ভত বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছে কেবিনেট মন্ত্ৰী ইউ জি ব্ৰহ্মই ৷

অসম-মিজোৰাম সংঘাতত হাত আছে তৃতীয় পক্ষৰ

কেবিনেট মন্ত্ৰী ইউ জি ব্ৰহ্মৰ মতে, এই সংঘাতত আছে তৃতীয় পক্ষৰ হাত ৷

লগতে পঢ়ক: অসম-মিজোৰাম সীমান্ত সংঘাত: দিল্লীত গৃহ মন্ত্ৰণালয়ৰ বিশেষ বৈঠক

তৃতীয় পক্ষই উত্তৰ-পূৰ্বাঞ্চলত আকৌ অশান্তি ঘূৰাই আনিব চেষ্টা কৰি আছে । দুখন ৰাজ্যৰ আৰক্ষীৰ মনোমালন্যৰ বাবে এই ঘটনা সংঘটিত হোৱা নাই । তৃতীয় পক্ষৰ উচটনিৰ বাবে সংঘটিত হৈছে এই নিন্দনীয় কাণ্ড ।

assam mizoram conflict
অভিলাষী আঁচনিৰ উদ্বোধন

এই বৰ্বৰ ঘটনা পূৰ্ব পৰিকল্পিত । এই বুলি সংবাদমাধ্যমৰ আগত কেবিনেট মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰে নিজৰ মন্তব্য ৷ এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে বিশেষভাৱে হস্তক্ষেপ কৰিব লাগে বুলি মঙলবাৰে মৰিগাঁৱত অনুষ্ঠিত এক সভাতনিজৰ মত প্ৰকাশ কৰে কেবিনেট মন্ত্ৰী গৰাকীয়ে ৷

উল্লেখ্য যে, মঙলবাৰে মৰিগাঁও আঁহতগুৰিৰ চড়াল পাম গাঁৱত ধৰমতুল জলচ্ছেদ উন্নয়ন প্ৰকল্পৰ জলাশয় উন্নয়ন তথা হাঁহ-কুকুৰা পালনৰ অভিলাষী আঁচনিৰ উদ্বোধন কৰে মন্ত্ৰী গৰাকীয়ে । কেবিনেট মন্ত্ৰী কেবিনেট মন্ত্ৰী ইউ জি ব্ৰহ্মৰ লগতে মৰিগাঁও জিলা উপায়ুক্ত সীমাৰেখা ভূঞা সহ বিভাগীয় শীৰ্ষ বিষয়াসকল এই আচঁনিৰ উদ্ধোধন অনুষ্ঠান উপস্থিত থাকে ৷

লগতে পঢ়ক: চৰাইদেউৰ নাগালেণ্ড সীমান্ততো হ’ব পাৰে লাইলাপুৰ কাণ্ডৰ পুনৰাবৃত্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.