ETV Bharat / state

মৈৰাবাৰী বজাৰত চোৰৰ লুটপাট অব্যাহত

author img

By

Published : Jun 1, 2021, 7:50 AM IST

মৰিগাঁৱৰ মৈৰাবাৰী বজাৰত অব্যাহত আছে চোৰৰ তাণ্ডৱ ৷ শেহতীয়াকৈ বজাৰখনৰ এখন সোণাৰীৰ দোকানত সংঘটিত হৈছে চুৰি কাণ্ড ৷ ইফালে, অঞ্চলটোৰ একাংশ ড্ৰাগছ আসক্ত যুৱকে ড্ৰাগছ ক্ৰয় কৰিবলৈ ধন গোটাব নোৱাৰি এনেদৰে চুৰিকাৰ্যত লিপ্ত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় একাংশ লোকে ৷

thief-continues-terror-in-moirabari-bazar
মৈৰাবাৰী বজাৰত চোৰৰ লুটপাট অব্যাহত

ধিং,1 জুন: আংশিক লকডাউনৰ সুযোগ লৈ মৰিগাঁও জিলাৰ মৈৰাবাৰী বজাৰত ক্ৰমাগতভাৱে চোৰে চলাই আহিছে তাণ্ডৱ । জানিব পৰা মতে, বিগত কিছুদিন ধৰি মৈৰাবাৰী বজাৰত সঘনাই চুৰি কাণ্ড সংঘটিত হৈ আহিছে । সোমবাৰে, বজাৰ খনত থকা 'ৰাজা জুয়েলাৰ্চ এণ্ড প'লিচ হাউচ' নামৰ এখন সোণাৰীৰ দোকানত চোৰে তাণ্ডৱ চলায় ৷

জানিব পৰা মতে, দোকান খনৰ পৰা প্ৰায় ৮০ হেজাৰ টকা মূল্যৰ সোণ-ৰূপৰ গহনা লৈ উধাও হয় চোৰ । ইফালে, দোকান খনৰ মালিক শ্বহীদুল ইছলামে এই সম্পৰ্কত মৈৰাবাৰী থানাত ইতিমধ্যে এখন এজাহাৰ দাখিল কৰিছে । পৰৱৰ্তী সময়ত, ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে চোৰৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰখা বুলি জানিব পৰা গৈছে ।

উল্লেখযোগ্য যে, মৈৰাবাৰীত যুৱ প্ৰজন্মৰ মাজত ড্ৰাগছকে ধৰি নিচাজাতীয় দ্ৰব্যৰ অত্যাধিক ব্যৱহাৰৰ ফলত একাংশ ড্ৰাগছ আসক্ত যুৱকে ড্ৰাগছ ক্ৰয়ৰ বাবে টকা জোগাৰ কৰিব নোৱাৰি অৱশেষত তেওলোকে চুৰি কাৰ্যত লিপ্ত হৈ অহা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় একাংশ লোকে । চোৰক কৰায়ত্ব কৰাৰ লগতে মৈৰাবাৰী অঞ্চলটোক সম্পূৰ্ণ ৰূপে ড্ৰাগছ মুক্ত অঞ্চল হিচাপে গঢ়ি তুলিবলৈকো সম্প্ৰতি অঞ্চলবাসী ৰাইজে আৰক্ষী প্ৰশাসনক দাবী জনাইছে ৷

লগতে পঢ়ক:জনাঞ্চললৈ ওলাই আহিল এজাক বন্যহস্তী, তাৰ পাছত...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.