ETV Bharat / state

বান প্ৰতিৰোধৰ বাবে মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ত বিশেষ বৈঠক

author img

By

Published : Feb 24, 2021, 5:44 PM IST

Updated : Mar 2, 2021, 12:31 PM IST

আগন্তুক বানপানীৰ সৈতে মোকাবিলা কৰিবলৈ মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ত এখন বিশেষ বৈঠক অনুষ্ঠিত কৰা হয় ৷ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা উপায়ুক্ত লীনা দাসৰ অধ্যক্ষতাত অনুষ্ঠিত সভাখনত বানাক্ৰান্তৰ বাবে চিনাক্ত কৰা আশ্ৰয় শিবিৰ সমূহ ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সাজু কৰিবলৈ নিৰ্দেশ দিয়ে ৷

বান প্ৰতিৰোধৰ বাবে মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ত বিশেষ বৈঠক
বান প্ৰতিৰোধৰ বাবে মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ত বিশেষ বৈঠক

মৰিগাঁও, 24 ফেব্ৰুৱাৰী: বুধবাৰে মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা উপায়ুক্ত লীনা দাসৰ অধ্যক্ষতাত আগন্তুক বানপানীৰ সৈতে মোকাবিলা কৰিবলৈ জিলাখনৰ বিভিন্ন বিভাগৰ মূৰব্বী বিষয়া সকলৰ লগত এখন বৈঠক অনুষ্ঠিত কৰে । অতিৰিক্ত উপায়ুক্ত অজিত কুমাৰ শৰ্মাই আঁত ধৰা এই সভাত বানপানীৰ সময়ত বানাক্ৰান্তৰ বাবে চিনাক্ত কৰা আশ্ৰয় শিবিৰ সমূহ ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সাজু কৰিবলৈ নিৰ্দেশ দিয়ে ৷ যিহেতু বানপানীৰ সময়ত জিলাখনৰ বিভিন্ন বিদ্যালয় গৃহ আৰু সমূহীয়া প্ৰেক্ষাগৃহ সমূহ বানাক্ৰান্তৰ আশ্ৰয় শিবিৰ হিচাপে ব্যৱহাৰ কৰা হয় । সেয়েহে তেনে গৃহ সমূহ পৰ্যবেক্ষণ কৰিবলৈ অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে আহ্বান জনায় ।

বান প্ৰতিৰোধৰ বাবে মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ত বিশেষ বৈঠক
বান প্ৰতিৰোধৰ বাবে মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ত বিশেষ বৈঠক

ইয়াৰোপৰি, স্বাস্থ্য বিভাগক ঔষধ পাতি যথেষ্ট পৰিমানে মজুত ৰাখিবলৈ নিৰ্দেশ দিয়াৰ লগতে খাদ্য আৰু অসামৰিক যোগান বিভাগ, জন স্বাস্থ্য কাৰিকৰী বিভাগ, পশুপালন বিভাগ, আৰু অগ্নি আৰু জৰুৰীকালীন সেৱা আদি বিভাগ সমূহক আগতীয়াকৈ বানপানীৰ সময়ত মোকাবিলা কৰিব পৰাকৈ প্ৰস্তুতি চলাবলৈ নিৰ্দেশ দিয়ে ৷ ইয়াৰ লগতে ২০২১-২২ বৰ্ষৰ বাবে বানপানীৰ বাবে অতিৰিক্ত আঁচনি প্ৰস্তুত কৰি ৭মাৰ্চ ভিতৰত দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে । এই সভাত জিলা অতিৰিক্ত উপায়ুক্ত দেৱযানী চৌধুৰী, ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সকলৰ লগতে সংশ্লিষ্ট বিভাগ সমূহৰ মূৰব্বী বিষয়া সকল উপস্থিত থাকে ।

লগতে পঢ়ক: বাঁহীবাদক প্ৰভাত শৰ্মাৰ দেহাৱসান

Last Updated : Mar 2, 2021, 12:31 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.