ETV Bharat / state

মৰিগাঁৱত পৰশুৰামৰ আৰ্ৱিভাব

author img

By

Published : Aug 4, 2019, 4:09 PM IST

মৰিগাঁৱত পৰশুৰামৰ আৰ্বিভাব

দেওবাৰে মৰিগাঁও আৰক্ষী থানাৰ অন্তৰ্গত সিধাবাৰীত মৃত কুসুম বৰদলৈ পত্নী ৰেণুমাই বৰদলৈক মৰিয়াই মৰিয়াই অতি নৃশংসভাৱে হত্যা কৰে পুত্ৰ বিক্ৰম বৰদলৈয়ে ৷

মৰিগাঁও, 04 আগষ্ট: মৰিগাঁৱত আৰ্ৱিভাব হ'ল আধুনিক পৰশুৰামৰ ৷ নিজৰ জন্মদাত্ৰী মাতৃক নৃশংসভাৱে মৰিয়াই মৰিয়াই হত্যা পৰশুৰাম ৰূপী পুত্ৰৰ ৷ ঘটনাৰ বিৱৰণী মতে, দেওবাৰে মৰিগাঁও আৰক্ষী থানাৰ অন্তৰ্গত সিধাবাৰীত মৃত কুসুম বৰদলৈৰ পত্নী ৰেণুমাই বৰদলৈক মৰিয়াই মৰিয়াই অতি নৃশংসভাৱে হত্যা কৰে পুত্ৰ বিক্ৰম বৰদলৈয়ে ৷ শনিবাৰৰ নিশা এই জঘন্য ঘটনা সংঘটিত কৰি মোমায়েক গগন পাটৰক খবৰ দিয়ে হৃদয়হীনা পুত্ৰ বিক্ৰম বৰদলৈয়ে ৷ ইতিমধ্যে ঘটনা সম্পৰ্কত মোমায়েক গগন পাটয়ে গোচৰ তৰিছে মৰিগাঁও আৰক্ষী থানাত ৷ সম্প্ৰতি মৰিগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মাতৃ হত্যাকাৰী বিক্ৰমক ৷

মৰিগাঁৱত পৰশুৰামৰ আৰ্বিভাব
Intro:মৰিগাঁৱত আধুনিক পৰশুৰামৰ আৰ্বিভাব ।চাঞ্চল্যৰ সৃষ্টি । আধুনিক পৰশুৰামৰ নাম বিক্ৰম বৰদলৈ। আৰক্ষীয়ে গ্ৰেপ্তাৰকৰি ৰঙাঘৰলৈ প্ৰেৰণ।Body: আইৰ সমান হব কোন
নৈ সমান বব কোন
ন মাহ দহ দিন গৰ্ভত লৈ গূ মূত ধুই ডাঙৰ দীঘল কৰা জন্মদাত্ৰী মাকক হত্যা।
মৰিগাঁৱত আধুনিক পৰশুৰামে নৃশংসভাবে হত্যা কৰিলে মাতৃক। ঘটনাৰ বিৱৰণী মতে আজি মৰিগাঁওআৰক্ষী থানাৰ অন্তৰ্গত সিধাবাৰীত মৃত কুসুম বৰদলৈ পত্নী ৰেণু মাই বৰদলৈক মৰিয়াই হত্যাৰ কৰে পুত্ৰ বিক্ৰম বৰদলৈয়ে ।নিশা দহ এঘাৰ বজাত এই জঘন্য ঘটনাৰ সঃঘটিত কৰি মোমায়েক গগণ পাটৰক খবৰ দিয়ে ।
।ইফালে খবৰ খাতি কৰি মোমায়েক গগণ পাটৰে মাতৃ হন্তা পৰশুৰামতথা মহাপাপী বিক্ৰমৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। সম্প্ৰতি মৰিগাঁও আৰক্ষী গ্ৰেপ্তাৰৰ কৰিছে মাতৃ হত্যাকাৰী বিক্ৰমক।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.