ETV Bharat / state

মৰিগাঁৱত পথ দুৰ্ঘটনাঃ নিহত এজন

author img

By

Published : Nov 11, 2019, 4:18 AM IST

Updated : Nov 11, 2019, 8:05 AM IST

দেওবাৰে নিশাৰ ভাগত মৰিগাঁৱত সংঘটিত হয় টেম্পো আৰু বাইকৰ মুখামুখি সংঘৰ্ষ ৷ তীব্ৰবেগী টেম্পোৰ খুন্দাত থিতাতে নিহত হয় এগৰাকী বাইক আৰোহী ৷ আনহাতে আন এজন বাইক আৰোহী গুৰুতৰভাৱে আহত হয় ৷ ঘটনা সংঘটিত কৰি পলায়ন কৰে টেম্পোচালকে ৷

মৰিগাঁৱত দুৰ্ঘটনাত নিহত এজন

মৰিগাঁও, 10 নৱেম্বৰঃ মৰিগাঁৱত টেম্পো আৰু বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে নিহত হয় এজন বাইক আৰোহী ৷ মৰিগাঁও আৰক্ষী থানাৰ অন্তৰ্গত মৰাকলং ফুলগুৰিত সংঘটিত হয় শোকাৱহ দুৰ্ঘটনাটো ৷ AS-21C-8280 নম্বৰৰ মালবাহী টেম্পোখনে এখন নম্বৰ প্লেটবিহীন বাইকক মুখামুখি খুন্দা মাৰে ৷ ফলত থিতাতে নিহত হয় ভৰত মেধি নামৰ বাইক আৰোহীজন ৷ আনহাতে ভৰত মেধিৰ লগত থকা আনজন বাইক আৰোহী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ অচিনাক্ত যুৱকজনক মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷

মৰিগাঁৱত দুৰ্ঘটনাত নিহত এজন

ঘটনাস্থলীত মৰিগাঁও আৰক্ষীৰ দল উপস্থিত হৈ নিহত যুৱকজনৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ আনহাতে ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰা টেম্পোচালকৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে ৷ মৃত ভৰত মেধি (২৫)স্থানীয় ১নং গোনামাৰা গাঁৱৰ ৰাজেন মেধিৰ কনিষ্ঠ পুত্ৰ বুলি জানিব পৰা গৈছে ৷

লগতে চাওকঃ শৰৎ কালৰ পূৰ্ণিমাৰ ৰাতি কৃষ্ণৰ সুমধুৰ বাঁহীৰ সুৰত মতলীয়া হ'ব ৰাজ্যৰ ভক্তগণ.

Intro:মৰিগাঁৱত তীব্ৰবেগী টেম্পুৰ খুন্দা বাইক আৰোহী যুৱকৰ কৰুণ মৃত্যু ।ঘটনা সংঘটিত কৰিয়েই ঘটনাৰ স্হলীৰ পৰা পলায়ন মালবাহী টেম্পু চালক। এজন আহত। আহত বাইক আৰোহী যুৱকক মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি ।ঘটনাস্হলীত আৰক্ষী উপস্থিত হৈ যাবতীয় ব্যবস্থাৰ গ্ৰহণ ।Body:মৰিগাঁৱত নিশা শোকাবহ পথ দুৰ্ঘটনা ।ঘটনাস্হলীতে এজনৰ মৃত্যু । আন এজন আহত। ঘটনাৰ বিৱৰণী মতে দেওবাৰে নিশা মৰিগাঁও আৰক্ষী থানাৰ অন্তৰ্গত মৰাকলং ফুলগুৰিত এখন নীলা ৰঙৰ নম্বৰহীন বাজাজ বাইক আৰু AS-21C-8280 নম্বৰৰ মালবাহী টেম্পুৰ মাজত মুখামুখি সংঘৰ্ষৰ সৃষ্টি। ফলত মৰিগাঁৱৰ পৰা ঘৰৰ অভিমুখে যোৱা বাইক আৰোহী ভৰত মেধি নামৰ যুৱকজনৰ এজাৰবাৰীৰ দিশৰ পৰা অহা তীব্ৰবেগী টেম্পুৰ খুন্দাত ঘটনাস্হলীতে মৃত্যু হয় ।জানিব পৰা মতে মৃত ভৰত মেধি (২৫)স্হানীয় ১নং গোনামাৰা গাঁৱৰ ৰাজেন মেধিৰ কনিষ্ঠ পুত্ৰ ।ইফালে আনজন আহত বাইক আৰোহীক মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয়।
ইফালে ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে টেম্পু চালক । এই ঘটনা সংঘটিত হোৱাৰ পিছতে আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে যাবতীয় ব্যৱস্হা গ্ৰহণ কৰে ।Conclusion:Ratuldeka etv Bharat morigaon
Last Updated : Nov 11, 2019, 8:05 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.