ETV Bharat / state

মৰিগাঁৱত বিজেপিৰ নিৰ্বাচনী ৰণশিঙা: বাংলা ভাষাত ভাষণ ৰণজিৎ দাসৰ

author img

By

Published : Feb 23, 2021, 9:34 PM IST

Updated : Feb 24, 2021, 11:22 AM IST

RANJIT DAS ELECTION CAMPAIGN IN MORIGAON
মৰিগাঁৱত বিজেপিৰ নিৰ্বাচনী ৰণশিঙা: বাংলাত ভাষণ ৰঞ্জিত দাসৰ

লাহৰীঘাটকে ধৰি মূঠ ১০৩খন আসনত জয়ী হৈ একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব বুলি দাবী কৰিছে বিজেপিৰ সভাপতি ৰণজিৎ দাস৷

মৰিগাঁও,23 ফেব্ৰুৱাৰী : এইবাৰ নিৰ্বাচনত বৰ্তমান অসম গণ পৰিষদ দলৰ অধীনত থকা ১৪খন আসনতে বিজেপিৰ প্ৰাৰ্থী বিজয়ী হ’ব ৷ মঙলবাৰে মৰিগাঁৱৰ লাহৰীঘাট বিধানসভা সমষ্টিত বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসে নিৰ্বাচনী প্ৰচাৰৰ সময়ত উল্লেখ কৰে এই কথা ৷ ৰণজিৎ কুমাৰ দাসে লগতে আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপি দলে উজনি, নামনি তথা বৰাক উপত্যকাৰ আৰু ধৰ্মীয় সংখ্যালঘু সমষ্টি লাহৰীঘাটকে ধৰি মুঠ ১০৩খন আসনত জয়ী হৈ একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব বুলি দাবী কৰে ৷ তেওঁ লগতে সমষ্টিটোৰ ভোটাৰৰ মন জয় কৰিবলৈ লাহৰীঘাটত জনসমাগম দেখি প্ৰথমবাৰৰ বাবে অভিভূত হোৱা বুলি সদৰী কৰি বাংলা ভাষাতে মহিলা ভোটাৰক উদ্দেশ্যি ভাষণ দিয়ে ।

বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসৰ লগত এই নিৰ্বাচনী প্ৰচাৰত উপস্থিত থাকে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী, তিৱা স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ ৷ মৰিগাঁও জিলা বিজেপিৰ সভাপতি প্ৰবীণ মেধিয়ে আদৰণি ভাষণত লাহৰীঘাট এটা অভিশপ্ত বিধানসভা সমষ্টি বুলি উল্লেখ কৰি এইবাৰ বিজেপিয়ে সমষ্টিটোক অভিশাপ মুক্ত কৰিব বুলি মন্তব্য কৰে ।

লগতে পঢ়ক : বিহপুৰীয়াত এজেপিৰ বাইক ৰেলীত অংশগ্ৰহণ লুৰীণজ্যোতি গগৈৰ

Last Updated :Feb 24, 2021, 11:22 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.