Raas Mahotsav : মৰিগাঁৱত ক’ভিড প্ৰট’কলৰ মাজেৰে ৰাস মহোৎসৱ

author img

By

Published : Nov 18, 2021, 4:07 PM IST

raas-mahotsav-celebrate-with-covid-protocol-in-morigaon

মৰিগাঁৱৰ পশ্চিম লঠাবড়ী ৰাস মন্দিৰত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ(Raas Mahotsav) ৷ সম্পূৰ্ণ ক’ভিড প্ৰট’কল(Covid Protocol) মানি ৰাসোৎসৱৰ আয়োজন ৷

মৰিগাঁও, 18 নৱেম্বৰ : ৰাজ্যজুৰি উদযাপন হৈছে ৰাস মহোৎসৱ(Raas Mahotsav) ৷ লোকে-লোকাৰণ্য হৈ পৰিছে ৰাসথলীসমূহ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ সমান্তৰালকৈ বুধবাৰৰ নিশাৰ পৰা মৰিগাঁৱৰ বিভিন্ন ৰাস মন্দিৰত ক’ভিড প্ৰট’কল(Covid Protocol) মানি উদযাপন কৰা হৈছে শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলা ।

মৰিগাঁৱৰ সত্ৰসমূহৰ লেখীয়াকৈ বিভিন্ন সাংস্কৃতিক পীঠ আৰু ৰাস মন্দিৰত অনুষ্ঠিত হৈছে শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ বিভিন্ন সাংস্কৃতিক অনুষ্ঠান ৷ পশ্চিম লঠাবড়ী ৰাস মন্দিৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে 31 সংখ্যক শ্ৰীকৃষ্ণ ৰাসলীলাৰ বৰ্ণাঢ্য কাৰ্যসূচী ৷ প্ৰথম নিশাৰ ৰাসলীলাত অংশ লোৱা শতাধিক গোপিনীক এইবেলি দেখা গ’ল আন এক ব্যতিক্ৰমী ৰূপত ৷

মৰিগাঁৱত ক’ভিড প্ৰট’কলৰ মাজেৰে ৰাস মহোৎসৱ

দহ বছৰৰ উৰ্ধৰ প্ৰতিগৰাকী গোপিনীয়ে মুখত মাস্ক পৰিধান কৰি অংশ লয় ৰাসনৃত্যত ৷ ইয়াৰ সমান্তৰালকৈ হাতে হাতে গোহাৰি লৈ ক’ভিড ভেকচিন(Covid Vaccine) লোৱাৰ আহ্বান জনায় গোপিনীসকলে ৷ এক কথাত ক’বলৈ গ’লে বুধবাৰৰ সন্ধিয়াৰ ভাগৰ পৰা ৰাজ্যৰ আকাশ-বতাহ মুখৰিত হৈ পৰিছে দৈৱকী-নন্দন, গোপ কুমাৰ গোবিন্দ নমঃৰে । গকুল বৃন্দাবনত পৰিণত হৈছে ৰাসথলীসমূহ ।

লগতে পঢ়ক : Majuli Raas mahotsav : এইবাৰ দৈৱকীৰ ৰূপত দীপলিনা ডেকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.