ETV Bharat / state

Protest against price hike : মৰিগাঁও চহৰৰ গছে গছে যোগান মন্ত্ৰীক কটাক্ষ কৰি শ্লোগান লিখি প্ৰতিবাদ

author img

By

Published : Aug 7, 2023, 5:30 PM IST

ৰাজ্যৰ ভিন্ন প্ৰান্তত মূল্যবৃদ্ধি ৰোধ কৰিবলৈ ৰাজনৈতিক দল-সংগঠনসমূহে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি থকাৰ সময়তে মৰিগাঁৱত এটা বেচৰকাৰী সংস্থা "সহায়"ৰ সদস্যসকলে অভিনৱ প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে ৷ "বজাৰত লাগিছে জুই মন্ত্ৰী ৰঞ্জিত আছে শুই " শ্লোগানেৰে লিখা পোষ্টাৰ লিখি ওলমালে গছত ৷

protest-against-price-hike-in-morigaon
মৰিগাঁও চহৰৰ গছে গছে যোগান মন্ত্ৰীক কটাক্ষ কৰি শ্লোগান লিখি প্ৰতিবাদ

মৰিগাঁও চহৰৰ গছে গছে যোগান মন্ত্ৰীক কটাক্ষ কৰি শ্লোগান লিখি প্ৰতিবাদ

মৰিগাঁও, 7 আগষ্ট : ৰাজ্যজুৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্য৷ এতিয়া পাকঘৰৰ বজাৰৰ নাম শুনিলেই হুমুনিয়াহ কাঢ়িবলগীয়া হৈছে ৰাজ্যবাসীয়ে ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত মূল্যবৃদ্ধি ৰোধ কৰিবলৈ ৰাজনৈতিক দল-সংগঠনসমূহে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি থকাৰ সময়তে মৰিগাঁৱত এটা বেচৰকাৰী সংস্থা "সহায়"ৰ সদস্যসকলে অভিনৱ প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে ৷

সোমবাৰে এটা বেচৰকাৰী সংস্থাটোৰ সদস্যসকলে চহৰখনৰ ভিন্ন প্ৰান্তত গছে গছে আঁৰিছে বিশেষ পোষ্টাৰ ৷ "বজাৰত লাগিছে জুই, মন্ত্ৰী ৰঞ্জিত আছে শুই " শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে বেচৰকাৰী সংস্থাটোৱে ৷

"যিখিনি সময়ত বজাৰত মূল্যবৃদ্ধিয়ে ৰাইজক জ্বলা-কলা খোৱাইছে সেইখিনি সময়তে বিজেপি মন্ত্ৰী বিধায়কৰ তুলুঙা মন্তব্যই ৰাইজৰ মনত মনোকষ্ট দিছে ৷ বিশেষকৈ যোগান মন্ত্ৰী ৰণজিৎ দাসে মূল্যবৃদ্ধিৰ পিচতো কোনো ধৰণৰ ব্যৱস্থা হাতত লোৱা নাই, কেৱল তৰল মন্তব্যৰে হাত সাৰিছে, এই কাৰ্যক আমি একমুখে ধিক্কাৰ দিছো ৷ আমি অসম চৰকাৰক অনুৰোধ জনাইছে মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত তেওঁলোকে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰক ৷" এই মন্তব্য ৰাজ্যৰ অন্যতম আগশাৰী সমাজ সেৱক তথা আৰ টি আই কৰ্মী ৰাজু মহন্তৰ৷ইয়াৰ লগতে জীৱন দায়িনী ঔষধৰ দাম নিয়ন্ত্ৰণ কৰাৰ বাবে চৰকাৰলৈ আহবান জনায় মহন্তই ৷

উল্লেখ্য যে, ভূতৰ ওপৰত দানহ পৰাদি ৰাজ্যত ধৰাবাহিকভাৱে বৃদ্ধি হৈছে ঔষধৰ মূল্য ৷ প্ৰায় 20 শতাংশকৈ বৃদ্ধি হৈছে জীৱন দায়িনী ঔষধৰ মূল্য ৷ বিশেষকৈ FDC, জনছন এণ্ড জনছন, গ্লেক্স’ আদি কোম্পানীৰ ঔষধৰ ব্যাপক হাৰত হৈছে মূল্য বৃদ্ধি কৰা হৈছে ৷ ইয়াৰোপৰি জ্বৰ, চৰ্দি, কাহৰ লগতে মধুমেহ, ৰক্তচাপ, গেষ্ট্ৰিকৰ ঔষধৰো দাম বৃদ্ধি কৰাৰো সম্ভাৱনা আছে ৷

লগতে পঢ়ক: Protest against price hike : মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজপথত ATASU ৰ গৰ্জন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.