পুনৰ তেজ দিম মাটি নিদিও শ্লোগান দিছে খিলঞ্জীয়াই !

author img

By

Published : Sep 30, 2021, 7:53 PM IST

protest against encroachers in morigaon

মৰিগাঁও জিলাৰ মায়ঙৰ খিলঞ্জীয়া লোকৰ ভূমি অচিনাক্ত লোকে বেদখলে কৰাৰ বাবে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে স্থানীয় লোকে । বেদখল মুক্ত কৰাৰ বাবে দেওবাৰলৈ সময়সীমা বান্ধি দিছে ৰাইজে ।

মৰিগাঁও, 30 ছেপ্টেম্বৰ : মৰিগাঁও জিলাৰ মায়ং ৰাজহচক্ৰৰ মায়ঙৰ ঔগুৰিত সন্দেহযুক্ত নাগৰিকৰ দ্বাৰা ভূমি বেদখলক লৈ বৃহস্পতিবাৰে অব্যাহত আছে উত্তেজনা । বৃহস্পতিবাৰে ক্ৰমাৎ জটিলৰ দিশে গতি কৰিছে মায়ঙৰ বেদখলৰ ঘটনা ৷ লুইতৰ চাপৰিত এইবাৰ খিলঞ্জীয়া লোকৰ-তেজ দিম মাটি নিদিম, আমাৰ মাটি আমাক ঘুৰাই দিয়ক আদি শ্লগানেৰে উত্তাল হ'ল ঐতিহাসিক মায়ঙৰ ভূমি ।

পুনৰ তেজ দিম মাটি নিদিও শ্লোগান দিছে খিলঞ্জীয়াই !

প্ৰতিবাদ মুখৰ এইবাৰ মায়ং বাসী খিলঞ্জীয়া ৰাইজ ৷ মায়ঙৰ ঔগুৰিত খিলঞ্জীয়াৰ প্ৰতিবাদ, তেজ দিম কিন্তু মাটি নিদিওঁ ! আমাৰ মাটি আমাক লাগিবই ! দেওবাৰলৈ সময়সীমা বান্ধি দি খিলঞ্জীয়া কৃষকে অন্যথা পৰিস্থিতি ভয়ংকৰ হ’ব বুলি হুংকাৰ প্ৰদান কৰিছে ৷ ক্ৰমাৎ যেন ঘটনাই অধিক জটিল ৰূপ ধাৰণ কৰিছে মায়ঙৰ বেদখলিকৃত ঔগুৰি চাপৰিত ৷

আন বছৰৰ দৰে উক্ত চাপৰিত খেতি কৰিবলৈ মায়ঙবাসী সাজু হৈ আছে যদিও সেই চাপৰি এতিয়া সন্দেহযুক্ত লোকৰ কবলত ৷ স্থানীয় লোকে ভূমি বেদখলৰ অভিযোগ উত্থাপন কৰিছে একাংশ সন্দেহযুক্ত লোকৰ বিৰুদ্ধে ৷ বেদখলকাৰীৰ কবলত পৰিছে ঔগুৰি লুইতপৰীয়া নামঘৰীয়া কৃষক সমবায় সমিতিৰ ভূমিও ৷ প্ৰতিদিনে একাংশ সন্দেহজনক লোকে নতুনকৈ ঘৰ সাজি, মাটি চহাই খেতি-বাতি কৰিছে অঞ্চলটোত ৷

আনহাতে, নিশাৰ ভিতৰতে অঞ্চলটোত অচিনাকি লোকে ঘৰ সজাৰো অভিযোগ কৰিছে স্থানীয় লোকে ৷ খেতি কৰিব নোৱাৰি একাংশ কৃষকে পথাৰত বিৰিণা জ্বলাই সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ । স্থানীয় লোক সকলে বেদখলকাৰীক বান্ধি দিছে দেওবাৰৰ শেষ সময়সীমা ৷ অন্যথা পৰিস্থিতি ভয়ংকৰ হোৱাৰ ইংগিত দিলে উত্তেজিত কৃষকে ৷ ইফালে বিবদমান ভূমি প্ৰকৃততে মৰিগাঁও জিলা নে দৰং জিলাৰ অধীনৰ তাক লৈও পৰ্যবেক্ষণ আৰম্ভ কৰিছে দুয়োখন জিলাৰ প্ৰশাসনে ৷

লগতে পঢ়ক : কেবিনেট বৈঠকৰ বাবে ধেমাজিত মুখ্যমন্ত্ৰী : কেইবাটাও প্ৰকল্প মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.