ETV Bharat / state

সৰিয়হৰ ডুলিতে ভূত ! দুৰ্নীতি নিবাৰক শাখাৰ জালত স্বয়ং আৰক্ষী বিষয়া

author img

By

Published : Oct 19, 2020, 10:38 PM IST

দুৰ্নীতি নিবাৰক শাখাৰ জালত মৰিগাঁও থানাৰ সহকাৰী উপ পৰিদৰ্শক ৷ এজাহাৰকাৰীৰ পৰা উৎকোচ লোৱাৰ অভিযোগত কৰায়ত্ব হ'ল মৰিগাঁও সদৰ থানাৰ সহকাৰী উপ পৰিদৰ্শক পংকজ বৰা ৷

দুৰ্নীতি নিবাৰক শাখাৰ জালত স্বয়ং আৰক্ষী
দুৰ্নীতি নিবাৰক শাখাৰ জালত স্বয়ং আৰক্ষী

মৰিগাঁও, 19 অক্টোবৰ: অসম আৰক্ষীক লজ্জানত কৰি এজাহাৰকাৰীৰ পৰা উৎকোচ লোৱাৰ অভিযোগত অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত কৰায়ত্ব হ'ল স্বয়ং আৰক্ষী বিষয়া ৷ অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত উৎকোচ লৈ থকা অৱস্থাত কৰায়ত্ব হ'ল মৰিগাঁও সদৰ থানাৰ সহকাৰী উপ পৰিদৰ্শক পংকজ বৰা ।

প্ৰাপ্ত তথ্য অনুসৰি মৰিগাঁও জিলাৰ ভলুকাগুৰি গাঁৱৰ জনিৰাম বৰদলৈ নামৰ এগৰাকী ব্যক্তিয়ে বিগত ১৮ ছেপ্টেম্বৰত পত্নী নিৰুদ্দেশ হোৱাৰ সন্দৰ্ভত মৰিগাঁও সদৰ থানাত এক গোচৰ পঞ্জীয়ন কৰিছিল । গোচৰটোৰ তদন্তকাৰী বিষয়া সহকাৰী উপ পৰিদৰ্শক পংকজ বৰাই তদন্তৰ নামত দহ হাজাৰ টকা দাবী কৰিছিল বুলি জনিৰাম বৰাই অভিযোগ কৰিছে । দিন হাজিৰা কৰা জনিৰাম বৰদলৈয়ে পত্নীৰ সন্ধান লাভৰ বাবে সংশ্লিষ্ট আৰক্ষী বিষয়াজনক উৎকোচ হিচাপে পাঁচ হাজাৰ টকা আদায় দিয়াৰ পিছতো অভিযুক্ত এএছআই পংকজ বৰাই উক্ত গোচৰৰ তদন্তত গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে । পত্নীৰ কোনো সন্ধান লাভ নকৰাত জনিৰাম বৰদলৈয়ে মৰিগাঁও সদৰ আৰক্ষী থানালৈ আহি তদন্তকাৰী আৰক্ষী বিষয়া পংকজ বৰাক তেওঁৰ পত্নীৰ সন্ধান পাইছে নেকি বুলি সোধে যদিও কোনো সদুত্তৰ লাভ কৰাৰ বিপৰীতে দাবী কৰা উৎকোচৰ বাকী থকা পাঁচ হাজাৰ টকা বিচাৰি হেঁচা প্ৰয়োগ কৰে ।

ইয়াতে ক্ষুব্ধ হৈ দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা জনিৰাম বৰদলৈয়ে অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাৰ কাষ চাপে । অভিযোগকাৰী জনিৰাম বৰদলৈৰ অভিযোগৰ গুৰুত্ব বিচাৰ কৰি পৰিকল্পনা অনুসৰি আজি এজাহাৰকাৰী জনিৰাম বৰদলৈয়ে গোচৰৰ তদন্তকাৰী বিষয়া এএছআই পংকজ বৰাক মৰিগাঁও সদৰ আৰক্ষী থানাত চাৰিহাজাৰ টকা লেনদেন কৰোতেই অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযানকাৰী দলে বৰাক গ্ৰেপ্তাৰ কৰে ৷

এগৰাকী উপ আৰক্ষী অধীক্ষকৰ নেতৃত্বত অভিযানকাৰী দলে বৰাক জেৰা অব্যাহত ৰাখিছে । উল্লেখ্য যে তদন্তৰ নামত এজাহাৰকাৰীৰ পৰা উৎকোচ লৈ আজি হাতে লোটে অসম আৰক্ষীৰ দূৰ্নীতি নিবাৰক শাখাৰ হাতত গ্ৰেপ্তাৰ হোৱা মৰিগাঁও সদৰ থানাৰ সহকাৰী উপপৰিদৰ্শক পংকজ বৰা মৰিগাঁও আৰক্ষী আৰক্ষীৰ শীৰ্ষ বিষয়াসকলৰ ঘনিষ্ঠ বুলি বিভিন্ন মহলে প্ৰকাশ কৰিছে ।

লগতে পঢ়ক: মৰিগাঁৱত উদ্ধোধন 50টা অতিৰিক্ত আৰু 80টা স্মাৰ্ট শ্ৰেণীকোঠা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.