ETV Bharat / state

77 th Independence day: পেৰেডৰ মাজতে ঢলি পৰিল কেবাগৰাকীও, অস্থায়ী চিকিৎসা শিবিৰত নাই পৰ্যাপ্ত চিকিৎসাকৰ্মী

author img

By

Published : Aug 16, 2023, 7:41 AM IST

Updated : Aug 16, 2023, 9:23 AM IST

parade participants unconscious in independence day program in Morigaon
পেৰেড চলি থকাৰ সময়তে ঢলি পৰিল কেবাগৰাকীও

স্বাধীনতা দিৱস উদযাপনৰ সময়তে মৰিগাঁৱত এক ডজনতকৈ অধিক পেৰেডত অংশগ্রহণকাৰী সংজ্ঞাহীন । উদযাপনথলীত নাই চিকিসৎক । দুগৰাকী নাৰ্ছৰে চিকিৎসা শিবিৰৰ ব্যৱস্থা । কেইবাগৰাকীও গুৰুতৰভাৱে অসুস্থ । ঘটনাৰ প্ৰতিক্ৰিয়া অব্যাহত ।

পেৰেড চলি থকাৰ সময়তে ঢলি পৰিল কেবাগৰাকীও

মৰিগাঁও, 16 আগষ্ট: স্বাধীনতা দিৱসৰ দিনাই মৰিগাঁৱত অঘটন ৷ পেৰেড চলি থকাৰ সময়তে খেলপথাৰত ঢলি পৰিল 12 গৰাকীকৈ পেৰেডত অংশগ্রহণকাৰী শিক্ষাৰ্থীৰ লগতে কেইবাগৰাকীও আৰক্ষী জোৱান । উৎকট গৰমৰ বাবেই এনে হোৱা বুলি সন্দেহ কৰা হৈছে ৷

77 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে মৰিগাঁৱৰ তৰুণৰাম ফুকন খেলপথাৰত জিলা প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা হৈছিল স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি পেৰেড অনুষ্ঠান ৷ পেৰেড অনুষ্ঠান চলি থকাৰ মাজতে কোনোবাজনক যদি ষ্ট্ৰেচাৰত অস্থায়ী স্বাস্থ্য শিবিৰলৈ লৈ যোৱা হৈছে আন কাৰোবাক আকৌ ষ্ট্ৰেচাৰৰ অভাৱত দাংকোলোকৈ, আন কাৰোবাক আকৌ দুই চাৰিজনে বাহুত ধৰি কোনো মতে চিকিৎসা শিবিৰলৈ লৈ যাবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে । এক কথাত এক অবৰ্ণনীয় পৰিৱেশ ৷

স্বাধীনতা দিৱস উপলক্ষে আয়োজন কৰা পেৰেডত অংশগ্ৰহণ কৰিবলৈ আহি উৎকট গৰমৰ বাবে এজনৰ পিচত আনজন ঢলি পৰাত খেলপথাৰত সৃষ্টি হয় এক চিন্তাক্লিষ্ট পৰিৱেশৰ ৷ অসুস্থ কোনোবাজনে অস্থায়ী স্বাস্থ্য শিবিৰত আৰোগ্য লাভ কৰে যদিও আন কেইবাগৰাকীকো অধিক চিকিৎসাৰ বাবে 108 তথা এম্বুলেন্সৰ জৰিয়তে মৰিগাঁও ছহিদ তিলক, হেমৰাম, গুণাভিৰাম অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হৈছে বুলি জানিব পৰা যায় ।

প্ৰখৰ ৰ’দৰ বাবে এনেদৰে সৰ্বাধিক পেৰেড অংশগ্ৰহণকাৰী সংজ্ঞাহীন হৈ পৰা বুলি স্থানীয় লোকে জানিবলৈ দিয়ে । উল্লেখ্য যে, মঙলবাৰৰ দিনটোত আছিল অধিক তাপমাত্ৰা ৷ ইয়াৰ ফলত ছাত্ৰ-ছাত্ৰীৰ সমান্তৰালকৈ উদ্বিগ্ন হৈ পৰে অভিভাৱকসকলো ।

একাংশ সচেতন অভিভাৱকে অভিযোগ তোলা মতে, স্বাধীনতা দিৱস উদযাপনথলীৰ অস্থায়ী চিকিৎসা শিবিৰত অভিজ্ঞ চিকিৎসক, পৰ্যাপ্ত নাৰ্ছৰ লগতে অভাৱ চিকিৎসা সজুঁলিৰো ৷

লগতে পঢ়ক: 77th Independence Day: বঙাইগাঁৱত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মন্ত্ৰী যোগেন মহনৰ

Last Updated :Aug 16, 2023, 9:23 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.