ETV Bharat / state

Pabitora Sanctuary: পৰ্যটকৰ বাবে মুকলি পবিতৰা অভয়াৰণ্য

author img

By ETV Bharat Assamese Team

Published : Oct 20, 2023, 5:30 PM IST

Pabitora Sanctuary open for tourists
পৰ্যটকৰ বাবে মুকলি পবিতৰা অভয়াৰণ্য

পৰ্যটকৰ বাবে মুকলি এশিঙীয়া গঁড়ৰ ৰম্যভূমি পবিতৰা অভয়াৰণ্য । বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ২০২৩-২৪ বৰ্ষৰ বাবে মুকলি কৰে অভয়াৰণ্যখনৰ দ্বাৰ । বন মন্ত্ৰীগৰাকীক সংগ দিয়ে মন্ত্ৰী পীযুষ হাজৰীকাই ৷

পৰ্যটকৰ বাবে মুকলি পবিতৰা অভয়াৰণ্য

মৰিগাঁও,২০ অক্টোবৰ: পৰ্যটক সকলৰ বাবে সুখবৰ । শুকুৰবাৰৰ পৰা আনুষ্ঠানিকভাৱে ২০২৩-২৪ বৰ্ষৰ বাবে পৰ্যটকৰ বাবে মুকলি কৰা হয় বিশ্ব বিশ্ৰুত এশিঙীয়া গঁড়ৰ ৰম্যভূমি পবিতৰা অভয়াৰণ্য । শুকুৰবাৰে অসম চৰকাৰৰ বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে মাংগলিক পৰিৱেশৰ মাজেৰে অভয়াৰণ্যখনৰ দ্বাৰ মুকলি কৰে । বনমন্ত্ৰীগৰাকীক সংগ দিয়ে মন্ত্ৰী পীযুষ হাজৰীকাই ।

দেশী-বিদেশী পৰ্যটকৰ বাবে পবিতৰাৰ দ্বাৰ মুকলি কৰে বন মন্ত্ৰীগৰাকীয়ে । মন্ত্ৰী পীযুষ হাজৰীকাক লগতে লৈ মুকলি কৰা পবিতৰা অভয়াৰণ্যক ন-কইনাৰ দৰে সজাই পৰাই তোলে অভয়াৰণ্য কৰ্তৃপক্ষই । মন্ত্ৰী দুগৰাকীক গায়ন-বায়নৰে আদৰণি জনাই অঞ্চলটোৰ ৰাইজে । ৰাইজৰ আতিথ্যত অভিভূত হৈ পৰে মন্ত্ৰী দুগৰাকী । ভাষণ প্ৰসংগত বৰ্তমান অসমত পৰ্যটকৰ সংখ্যা বৃদ্ধি পোৱা বুলি উল্লেখ কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে । যাদু নগৰী মায়ঙৰ প্ৰতিখন গাঁৱৰ ৰাইজ তথা জীয়ৰী-বোৱাৰীয়ে পৰ্যটকসকলক ভাল ব্যাৱহাৰেৰে আদৰণি জনাবলৈ আহ্বান জনাই বন মন্ত্ৰীগৰাকীয়ে ।

৫০ গৰাকী মহিলাই মুকলি সভাত পৰিৱেশন কৰে পবিতৰা শীৰ্ষক সমবেত সংগীত । গীতটোৰ ৰচক ড৹ উৎপল নাথ আৰু সাংস্কৃতিক কৰ্মী বিপুল ডেকাৰ পৰিকল্পনা আৰু পৰিচালনাৰে সমবেত সংগীতটো মহিলাসকলে পবিতৰাৰ বাকৰিত পৰিৱেশন কৰে । উক্ত অনুষ্ঠানত উপস্থিত থাকে মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মা আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসকে আদি কৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি ।

বিগত বৰ্ষসমূহতকৈ এই বৰ্ষত পবিতৰাত পৰ্যটকৰ সংখ্যা বৃদ্ধি পাব বুলি আশা প্ৰকাশ কৰিছে অভয়াৰণ্য কৰ্তৃপক্ষই । ইতিমধ্যে পৰ্যটকক আকৰ্ষণ কৰিবলৈ বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে অভয়াৰণ্যৰ কৰ্মকৰ্তাই ।

লগতে পঢ়ক: Deforestation in Assam: বৰ্ষাৰণ্য ধ্বংস কৰি উন্নয়নৰ নামত পথ সম্প্ৰসাৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.