ETV Bharat / state

Poor Road Condition: পথৰ দুৰ্গতি, এগৰাকী ছাত্ৰী আহত

author img

By

Published : Jun 20, 2023, 7:55 PM IST

কি খৰালি, কি বাৰিষা, বছৰৰ অধিকাংশ সময়েই বোকাময় হৈ থকা এটা পথ ৷ পথ নে পথাৰ ধৰিবই নোৱাৰি ! মৰিগাঁও নগৰৰ গাতে লাগি থকা হেকেনামাৰাত এটা পথে জ্বলা কলা খুৱাইছে সাধাৰণ জনতাক ৷

one student injured for poor road condition
পথৰ দুৰ্গতি, এগৰাকী ছাত্ৰ আহত

পথৰ দুৰ্গতি, এগৰাকী ছাত্ৰ আহত

মৰিগাঁও, 20 জুন : মৰিগাঁও জিলাৰ এজাৰবাৰীত এটা আধৰুৱা পথে জলা-কলা খুৱাইছে অঞ্চলবাসী ৰাইজক ৷ পথাৰ সদৃশ পথত পৰি আহত হয় এগৰাকী ছাত্ৰ ৷ ইয়াৰ পিচতে মঙলবাৰে ছাত্ৰ-ছাত্ৰী সহিতে স্থানীয় ৰাইজ ওলাই আহি পথছোৱা শীঘ্ৰে সম্পূৰ্ণ কৰাৰ দাবী উত্থাপন কৰে ৷

কি খৰালি, কি বাৰিষা, বছৰৰ অধিকাংশ সময়েই বোকাময় হৈ থকা এইটো পথ ৷ পথ নে পথাৰ ধৰিবই নোৱাৰি ! মৰিগাঁও নগৰৰ গাতে লাগি থকা হেকেনামাৰাত এটা পথে জ্বলা কলা খুৱাইছে সাধাৰণ জনতাক ৷

এজাৰবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত 4 নং ৱাৰ্ডৰ পশ্চিম হেকনামাৰা এই পথটোৰ নিৰ্মাণৰ বাবে স্থানীয় ৰাইজে বহুবাৰ স্থানীয় বিধায়ক, মন্ত্ৰীক পথটো মেৰামতিৰ বাবে আবেদন-নিবেদন কৰি স্থানীয় জিলা পৰিষদ সদস্যাৰ জৰিয়তে 2012-22 বৰ্ষতে প্ৰায় 12 লক্ষাধিক টকাৰ ব্যয় সাপেক্ষে MGNREGA আঁচনিৰ অধীনত এশ মিটাৰ পথ মেৰামতি কৰিছিল ৷ যদিও কিছু কাৰিকৰী অসুবিধাৰ বাবে বন্ধ হৈ আছে উক্ত পথটোৰ নিৰ্মাণৰ কাম ৷

যাৰবাবে বৰ্তমান বিলাই-বিপত্তিৰ সীমা নোহোৱা হৈছে পশ্চিম হেকেনামাৰাৰ প্ৰায় দুই শতাধিক পৰিয়ালৰ ৷ উক্ত পথটোৰ এনে অৱস্থাৰ বাবে যমৰ-যান্তনা ভোগ কৰিবলগীয়া হৈছে ছাত্ৰ- ছাত্ৰী, ৰোগীৰ লগতে স্থানীয় গাঁওবাসীয়ে ৷ বৰ্তমানলৈ উক্ত পথটোত কেইবাটাও দূৰ্ঘটনা সংঘটিত হোৱাৰ উপৰিও এগৰাকী কনমানি ছাত্ৰী পিছলি পৰি হাত ভাঙি যোৱাৰ লগতে বহুকেইজন লোকৰ মটৰচাইকলৰ ক্ষতিক্ষাধন হোৱা বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে ৷

আনহাতে উক্ত পথটো সংশ্লিষ্ট এজেন্সীয়ে কিয় আজিলৈ মেৰামতি সম্পূৰ্ণ কৰিব নোৱাৰিলে তাৰ প্ৰকৃত তদন্ত কৰি অতি সোনকালে মেৰামতি কৰি ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় ৰাইজক সহায় কৰিবলৈ এজাৰবাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী আৰু মৰিগাঁও জিলা উপায়ুক্তক আহ্বান জনায় পশ্চিম হেকেনামাৰাৰ ৰাইজে ৷

ইফালে সংশ্লিষ্ট জিলা পৰিষদৰ সদস্য গৰাকীয়ে সংবাদ মাধ্যমক জনোৱা মতে উক্ত আঁচনিৰ ধন চৰকাৰী মেৰ পেচৰ বাবে পুঁজি মোকলাব পৰা নাই ৷ ফলত আঁচনি ৰূপায়নত ব্যাঘাত হৈছে ৷ হ'লেও এই সন্দৰ্ভত মৰিগাঁও জিলা পৰিষদৰে বিষয়টোৰ সন্দৰ্ভত আলোচনা কৰা হৈছে বুলি সদৰী কৰে জিলা পৰিষদৰ সদস্যা গৰাকীয়ে ৷

লগতে পঢ়ক: Assam flood 2023: বানত ক্ষতিগ্ৰস্ত ৰাজ্যৰ 18 জিলাৰ 34 হাজাৰৰো অধিক লোক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.