ETV Bharat / state

ধৰমতুল কাণ্ডৰ অভিযুক্ত ৰমেন মেধিৰ আত্মসমৰ্পণ

author img

By

Published : Jul 13, 2021, 11:39 AM IST

One accused of Human organ trafficing case in Morigaon surendered
আত্মসমৰ্পণ কৰিলে ধৰমতুল কাণ্ডৰ অভিযুক্ত ৰমেন মেধিয়ে

সোমবাৰে নিশা মৰিগাঁও জিলাৰ ধৰমতুল আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিলে ধৰমতুল কাণ্ডৰ অভিযুক্ত ৰমেন মেধিয়ে । আত্মসমৰ্পণ কৰি নিজকে নিৰ্দোষী বুলি দাবী কৰিলে ৰমেন মেধিয়ে । অভিযুক্ত ৰমেন মেধিয়ে নাম লৈছে প্লাৱন বৰঠাকুৰ আৰু ৰাজীৱ নামৰ আন দুজন লোকৰ । কোন এই প্লাৱন বৰঠাকুৰ আৰু ৰাজীৱ ?

মৰিগাঁও, ১৩ জুলাই : অৱশেষত তিনিদিনৰ পাছত আত্মসমৰ্পণ কৰিলে ধৰমতুল কাণ্ডত নাম সাঙোৰ খাই পৰা ৰমেন মেধিয়ে । মানৱ দেহৰ অংগৰ অবৈধ বেহাৰ বিষয়ে আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া যিমানে আগবাঢ়িছে, সিমানেই ধৰমতুল কাণ্ডৰ ন ন তথ্য পোহৰলৈ আহিছে । সোমবাৰে নিশা মৰিগাঁও জিলাৰ ধৰমতুল আৰক্ষীৰ ওচৰত মানৱ দেহৰ অংগৰ বেহাৰে জড়িত লিংকমেনৰূপে চৰ্চিত উত্তৰ ধৰমতুল গাঁৱৰ যুৱক ৰমেন মেধিয়ে আত্মসমৰ্পণ কৰে । এই গোচৰৰ ভিত্তিত এতিয়ালৈকে জাগীৰোডত তিনিজন লোকক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

জাগীৰোড আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰি মৰিগাঁৱৰ আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজনে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷ শনিবাৰে সন্ধিয়া মৰিগাঁৱৰ দক্ষিণ ধৰমতুলত মানৱ দেহৰ অংগৰ ৰমৰমীয়া বেহা চলাই নিয়া মাষ্টৰমাইণ্ড পৰিল ৰাইজৰ ৰোষত । লাখ লাখ টকাৰ প্ৰলোভন দি দৰিদ্ৰ লোকক কলকাতালৈ নি বিক্ৰী কৰে দেহৰ অংগ । কিন্তু শেহতীয়াকৈ কিডনী বিক্ৰী কৰাৰ পাছত পূৰ্বে বন্দোবস্ত কৰা মূল্য নোপোৱাত এগৰাকী কিডনী বিক্ৰেতাই অভিযোগ উত্থাপন কৰে ।

এয়া আৰম্ভণিহে আছিল । লোকজনে অভিযোগ তোলাৰ পাছতে পোহৰলৈ আহিছে এনেধৰণৰ কেইবাটাও ঘটনা । জানিব পৰা মতে, নেলী আৰক্ষী চকীৰ অন্তৰ্গত দক্ষিণ ধৰমতুলত এগৰাকী মহিলাৰ নেতৃত্বত বহুদিন ধৰি চলি আছে মানৱ দেহৰ অংগৰ অবৈধ ব্যৱসায় ৷

One accused of Human organ trafficing case in Morigaon surendered
অভিযুক্ত ৰমেন মেধি

একাংশ দৰিদ্ৰ লোকক টাৰ্গেট কৰি লয় এই চক্ৰটোৱে ৷ কেইবালাখ টকাৰ প্ৰলোভন দি একাংশ দৰিদ্ৰ লোকক কিডনী বিক্ৰী কৰিবলৈ সন্মত কৰায় এজেণ্টসকলে ৷ জাগীৰোড সমষ্টিৰ দক্ষিণ ধৰমতুলৰ একাংশ স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত শনিবাৰে গাঁওৰক্ষী বাহিনীৰ সহযোগিতাত মাষ্টাৰমাইণ্ড লিলিমাই বড়োক নেলী আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় । শনিবাৰে কেইবাগৰাকীও লোকক কিডনী দানৰ বাবে আগধন দিবলৈ অহাৰ সময়তে স্থানীয় ৰাইজ তথা মহিলা গাঁওৰক্ষী বাহিনীয়ে মহিলাগৰাকীক কৰায়ত্ত কৰে ৷ পাছত মহিলাগৰাকীক ৰাইজে নেলী আৰক্ষীৰ হাতত গতাই দিয়ে ৷

ঘটনা সন্দৰ্ভত নেলী আৰক্ষীয়ে বৰ্তমান তদন্ত অব্যাহত ৰাখিছে ৷ এনে মানৱ দেহৰ অংগ ব্যৱসায়ী চক্ৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ চৰকাৰলৈ আহ্বান জনাইছে ভুক্তভোগী সুবন্ত দাসে । কিন্তু এই ঘটনা পোহৰলৈ অহাৰ পাছতে প্ৰশ্ন উত্থাপন হৈছে যে, এই লোকসকলক নথি-পত্ৰৰ যোগান ধৰে ?

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত কোন কোন মানৱ দেহৰ অংগৰ দালালে এই লোকসকলক পৰিয়ালৰ মানুহ বুলি ক'বলৈ শিকাই দিয়ে । চুক্তি পত্ৰত কেৱল চহীটোহে কৰে ভুক্তভোগীয়ে । অতি কৌশলেৰে দৰিদ্ৰ লোকসকলক ধনৰ প্ৰলোভন দি দেহৰ অংগ দান কৰিবলৈ বাধ্য কৰায় মানৱ দেহৰ অংগৰ ব্যৱসায়ীবোৰে ।

লগতে পঢ়ক: ভিডিঅ' ভাইৰেল কৰা যুৱকৰ বিৰুদ্ধে গোচৰ ৰুজু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.