ETV Bharat / state

মৰিগাঁৱত নৱজাতকৰ মৃতদেহ উদ্ধাৰ

author img

By

Published : Oct 18, 2020, 1:20 PM IST

মৰিগাঁৱত নৱজাতকৰ মৃতদেহ উদ্ধাৰ
মৰিগাঁৱত নৱজাতকৰ মৃতদেহ উদ্ধাৰ

কাতি বিহুৰ আনন্দ উল্লাসৰ মাজতে মৰিগাঁৱত নৱজাতকৰ মৃতদেহ উদ্ধাৰ ৷ মৰিগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বঘৰাৰ মৰিগাঁও- জাগীৰোড পথৰ দাঁতিত মৃতদেহটো উদ্ধাৰ ৷ কোনো লোকে নিশাৰ ভাগত শিশুটিক পথৰ দাঁতিত পেলাই থোৱাৰ যোৱাৰ সন্দেহ ৷

মৰিগাঁও, 18 অক্টোবৰ: কাতি বিহুৰ দিনটোতে মৰিগাঁৱত সংঘটিত হ'ল এক অমানৱীয় ঘটনা ৷ কাতি বিহুৰ আনন্দ উল্লাসৰ মাজতে মৰিগাঁৱত উদ্ধাৰ নৱজাতকৰ মৃতদেহ ৷ নিশাৰ ভাগত কোনো লোকে শিশুটি পথৰ দাঁতিত পেলাই থৈ যোৱাৰ অভিযোগ ৷ স্থানীয় ৰাইজৰ অভিযোগ কোনো হৃদয়হীন পিতৃ মাতৃয়ে নিজৰ কলংক ঢাকিবলৈ শিশুটি এনেদৰে পথৰ দাঁতিত পেলাই থৈ যায় ৷

ঘটনাৰ বিৱৰণী অনুসৰি মৰিগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বঘৰাৰ মৰিগাঁও-জাগিৰোড পথৰ দাঁতিত স্থানীয় লোকে নৱজাতকটিৰ মৃতদেহ প্ৰত্যক্ষ কৰে ৷ পুৱাৰ ভাগতে অঞ্চলটোত এই খবৰ বিয়পি পৰাৰ পাছতে স্থানীয় ৰাইজে মৰিগাঁও আৰক্ষীক বিষয়টো অৱগত কৰে ৷

লগতে পঢ়ক: লংকাত বন বিভাগৰ অভিযানত দালচেনী ভৰ্তি কণ্টেইনাৰ ট্ৰাক জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.