ETV Bharat / state

লাহৰীঘাট বজাৰ গৃহৰ আধাৰশিলা স্থাপন সাংসদ গৌৰৱ গগৈৰ

author img

By

Published : Oct 10, 2020, 6:47 PM IST

মৰিগাঁও জিলাৰ লাহৰীঘাটত বজাৰ গৃহৰ আধাৰশিলা স্থাপন ৷ সাংসদ গৌৰৱ গগৈয়ে স্থাপন কৰিলে বজাৰ গৃহটোৰ ৷

MP Gaurav Gogoi lays foundation stone of Laharighat Bazar House
লাহৰীঘাট বজাৰ গৃহৰ আধাৰশিলা স্থাপন সাংসদ গৌৰৱ গগৈৰ

মৰিগাঁও, 10 অক্টোবৰ : মৰিগাঁও জিলাৰ লাহৰীঘাটত সাংসদ গৌৰৱ গগৈয়ে শনিবাৰে বজাৰ গৃহৰ আধাৰশিলা স্থাপন কৰি সাংসদ পুঁজিৰে আগন্তুক দিনত এহেজাৰ ষ্ট্ৰীট লাইট স্থাপন কৰাৰ কথা ঘোষণা কৰে । কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত লাহৰীঘাট বজাৰত বজাৰগৃহৰ আধাৰশিলা স্থাপন কৰে সাংসদ গৌৰৱ গগৈয়ে ।

লাহৰীঘাট বজাৰ গৃহৰ আধাৰশিলা স্থাপন সাংসদ গৌৰৱ গগৈৰ

সাংসদ উন্নয়ন পুঁজিৰ পৰা পাঁচ লাখ টকা ব্যয় সাপেক্ষে এই আঁচনিৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হ'ব বুলি উল্লেখ কৰে । লগতে,সমষ্টিটোত এহেজাৰ চলাৰ ষ্ট্ৰীট লাইটৰ কাম আৰম্ভ কৰাৰ কথা সদৰী কৰে সাংসদ গৰাকীয়ে ।

উল্লেখ্য যে,উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ সম্পাদক আনোৱাৰ হুছেইন,নগাঁও জিলা পৰিষদৰ প্ৰাক্তন সভাপতি হাইদৰ আলী, দলৈগাঁও জিলা পৰিষদৰ সদস্য চামিম হাচানকে ধৰি কংগ্ৰেছৰ বহু কেইগৰাকী নেতাকৰ্মী ৷

লগতে পঢ়ক : ডিব্ৰুগড়ত সাংবাদিক আক্ৰমণকাৰী আন এজন সাংবাদিক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.