অৰ্ধ নগ্ন পোছাকেৰে ৰাস নাচি সংস্কৃতি ৰক্ষাৰ চেষ্টা মৰিগাঁৱৰ যুৱকৰ

author img

By

Published : Nov 23, 2021, 1:16 PM IST

Updated : Nov 23, 2021, 2:05 PM IST

morigaon raas video goes viral on social media

মৰিগাঁৱৰ বৰঙাবাৰী ৰাস মহোৎসৱ(Barangabari Raas Mahotsav)ত মানুহৰূপী জীৱৰ উন্মাদ নৃত্য ৷ সংস্কৃতি ৰক্ষা কৰাৰ নামত গুৰুজনাৰ অমৰ সৃষ্টিক চৰম অপমান ৷ এই দৃশ্য ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়া(Morigaon Raas Video Goes Viral)ত ৷ চাওক এই বিশেষ প্ৰতিবেদন...

মৰিগাঁও, 23 নৱেম্বৰ : সংস্কৃতিৰ নামত অপসংস্কৃতিৰ আৱাহন ! পৰম্পৰা ৰক্ষাৰ নামত ভণ্ডামিৰ ! এয়া এক নিৰ্লজ্জ, নিকৃষ্ট, বিবেকহীন কাণ্ড ৷ আমি আপোনালোকক ক’বলৈ গৈ আছো এক দৃশ্যৰ বিষয়ে, যি দৃশ্যই অসমীয়া সংস্কৃতিৰ লগতে ধৰ্মকো অপমান কৰা পৰিলক্ষিত হৈছে ৷ এই দৃশ্য সম্পূৰ্ণৰূপে ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়া(Morigaon Raas Video Goes Viral)ত ৷

এই ঘটনা সংঘটিত হৈছে মৰিগাঁও জিলাৰ বৰঙাবাৰী ৰাস মহোৎসৱ(Barangabari Raas Mahotsav)ত ৷ পিছে এয়া যেন ৰাস নহয়, এয়া সভ্যতাৰ পোহৰ নপৰা কোনো মানুহৰূপী জীৱৰ উন্মাদ নৃত্যহে ৷ সংস্কৃতি ৰক্ষা কৰাৰ নামত বিকৃতভাৱে গুৰুজনাৰ অমৰ সৃষ্টিক পৰিৱেশন কৰিলে এচাম কাণ্ডজ্ঞানহীন লোকে ৷

অৰ্ধ নগ্ন পোছাকেৰে ৰাস নাচি সংস্কৃতি ৰক্ষাৰ চেষ্টা মৰিগাঁৱৰ যুৱকৰ

নাই কোনো সত্ৰীয়া সংস্কৃতিৰ ৰেশ, নাই কোনো সাজ-সজ্জাৰ কলা ৷ ৰাস মহোৎসৱৰ মাজত পৰিৱেশন কৰিলে বিহু নৃত্য ৷ পোছাকে আৰু নৃত্যই এনে লাগিল যেন এয়া ৰাস নহয়, ডিস্ক’ বাৰহে ৷ কি অভিনয় শিল্পী, কি আয়োজন অথবা কি দৰ্শক ! কাৰোৰেই যেন নাই চেতনা ৷ কি কৰিছে সেয়া ভাবিবলৈও যেন আহৰি নহ’ল ৷ একাংশই আকৌ নৃত্যত সন্তুষ্ট হৈ দিছে ধনৰ উপহাৰ ৷

সমাজৰ শক্তিস্বৰূপ এচাম যুৱকৰ এই ভণ্ডামিয়ে এতিয়া ৰাজ্যজুৰি লাভ কৰিছে ব্যাপক চৰ্চা ৷ মহাপুৰুষ গুৰুজনা ৰচিত কেলিগোপাল নাটকত শৃংগাৰ ৰসৰ প্ৰয়োগ কৰা হৈছিল যদিও তাত ভক্তিয়ে লাভ নকৰিলে প্ৰাধান্য ৷ কিন্তু এইসকলৰ ভণ্ডামি যেন বীভৎস ৰসৰো উৰ্ধলৈ গ’ল ৷ এইক্ষেত্ৰত খেদ প্ৰকাশ কৰিছে অসম সত্ৰ মহাসভাৰ মৰিগাঁও জিলা সমিতিয়ে ৷

সোমবাৰে নিশা এই ভণ্ডামি সংঘটিত হোৱাৰ পাচত পুৱাৰ ভাগলৈকেহে সম্বিত ঘূৰাই আহিল আয়োজক সমিতিৰ ৷ ৰাস ক্ৰীড়াৰ নামত একাংশ যুৱকে অৰ্ধ নগ্ন নৃত্য পৰিৱেশন কৰি সত্ৰীয়া সংস্কৃতিক যি ধৰণে কলুষিত কৰিলে, তাৰ বাবে মঙলবাৰে ৰাজ্যবাসীৰ ওচৰত ক্ষমা বিচাৰে পূৱ বৰঙাবাৰী যুৱক সংঘৰ সভাপতি-সম্পাদকে ৷

এতিয়া কথা হ’ল এইসমূহ ভণ্ডামি কৰি কেৱল ক্ষমা খুজিলেই সকলো শুদ্ধ হৈ যায় নে ? ভাওনা-ৰাস-বিহু আদিৰ ক্ষেত্ৰত আমি সংবেদনশীল নহ’লে এনেদৰেই বাৰে বাৰে অৱমাননা হ’ব আমাৰ সংস্কৃতিৰ ৷ তাৰোপৰি এইসমূহ বিকৃত অনুষ্ঠান দেখিলে আনে আমাক হাঁহিবলৈ সুবিধা পোৱাতো নিশ্চিত ৷

লগতে পঢ়ক : মাজুলীত তিনিদিনীয়া Raas Mahotsav ৰ সফল সামৰণি

Last Updated :Nov 23, 2021, 2:05 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.