ETV Bharat / state

MLA Ramakanta Dewri: জীনৱটো সুখেৰে থাকিবলৈ হ’লে খাই বৈ জীয়াই থাকক; বিধায়ক ৰমাকান্ত

author img

By

Published : Apr 29, 2023, 10:52 PM IST

Morigaon MLA  Ramakanta dewri commented on happy life
জীনৱটো সুখেৰে থাকিবলৈ হ’লে খাই বৈ জীয়াই থাকক

সততে সংবাদমাধ্যমৰ শিৰোনাম দখল কৰা মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে গীত-নৃত্যৰে নহয়, এইবাৰ জীৱনত লোকক সুখী থকাৰ টিপছ দি পুনৰ চৰ্চা লাভ কৰিছে ৷ মানুহ সদায় আনন্দ, ফুৰ্টিৰে জীয়াই থাকিব লাগে । মানুহে জীয়াই থকা কেইদিন খাই বৈ জীয়াই থাকিব লাগে, মই নিজেও মাংস খাই ভল পাঁও ৷ এই মন্তব্য কৰে বিধায়ক ৰমাকান্ত দেউৰীয়ে ৷

জীনৱটো সুখেৰে থাকিবলৈ হ’লে খাই বৈ জীয়াই থাকক

মৰিগাঁও, 29 এপ্ৰিল : "মানুহ সদায় আনন্দ, ফুৰ্টিৰে জীয়াই থাকিব লাগে । মানুহে জীয়াই থকা কেইদিন খাই বৈ জীয়াই থাকিব লাগে, মই নিজেও মাংস খাই ভল পাঁও ৷ ডাক্তৰে মাংস খাবলৈ বাধা দিছে যদিও মই মাংস খাবলৈ এৰা নাই । মাংসৰ প্ৰতি মোৰ লোভ আছে (Life Tips of MLA Ramakanta dewri)। আনৰ মাংস খাই নহওঁতেই মই মাংসৰ লগত সিবিধ অৰ্থাৎ চুলাই খোৱাৰ বাবে হজম শক্তি বেছি হয় । গতিকে মোক মাংসই ক্ষতি কৰিব পৰা নাই ।" সুখী জীৱনৰ মন্ত্ৰণা দাঙি ধৰিলে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে (Ramakanta dewri commented on happy life ) ৷

সততে সংবাদমাধ্যমৰ শিৰোনাম দখল কৰা মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে কেতিয়াবা গানেৰে, কেতিয়াবা নৃত্যৰে নিজৰ জনপ্ৰিয়তা অক্ষুন্ন ৰাখি আহিছে ৷ এইবাৰ পিচে গীত-নৃত্যৰে নহয় জীৱনত লোক কেনেকৈ সুখী থাকিব লাগে তাৰ টিপছ্ দিলে বিধায়ক দেউৰীয়ে (Life Tips of MLA Ramakanta dewri) ৷ মৰিগাঁও পৌৰসভাৰ উদ্যোগত অনুষ্ঠিত হোৱা এখন সভাত শনিবাৰে উপস্থিত থাকে বিধায়ক ৰমাকান্ত দেউৰী ৷

দেউৰীয়ে লগতে কয় যে, আজিকালি সকলোৱে বিহু উদযাপন কৰা হৈছে। নতুন নতুন বিহু আৰম্ভ হৈ আছে । আমাৰ সাংবাদিকসকলেও বিহু পাতিছে । সাংবাদিকসকলক দেখি আমাৰ BJPৰ সদস্য সকলেও বিহু উদযাপন কৰাৰ বাবে সাজু হৈছে ৷

আনহাতে, প্ৰাক্তন বিধায়ক হৰেন্দ্ৰ বৰাৰ (Former MLA Haredra Borah) স্বাস্থ্যৰ সন্দৰ্ভতো বিধায়ক ৰমাকান্ত দেউৰীয়ে মন্তব্য কৰি কয় যে, বাপজনে ছোৱালী চাবলৈ গলেতো গাভৰু ছোৱালীয়েও পচন্দ কৰিব ।

উল্লেখ্য যে, মৰিগাঁও পৌৰসভাৰ উদ্যোগত প্ৰবাসী সম্পত্তিৰ কৰ সন্দৰ্ভত তথা মৰিগাঁও পৌৰসভাৰ পৌৰপতি যোগেশ তামুলীৰ পৌৰহিত্যত অনুষ্ঠিত হৈছিল সভাখন ৷ পূৰ্বৰ পৌৰসভাৰ নিৰিখতকৈ ৰাইজে অধিক নিৰিখত পৌৰ কৰ দিব লাগিব বুলিও মন্তব্য কৰি মৰিগাঁও প্ৰাক্তন বিধায়িকাৰ ব্যৱসায়ী প্ৰতিষ্ঠানৰ পৌৰকৰৰ নিৰিখৰ বিষয়ে ব্যাখ্যা আগবঢ়াই বিধায়ক তথা অসম চৰকাৰৰ ভৈয়াম জনজাতি উন্নয়ন নিগমৰ অধ্যক্ষ ৰমাকান্ত দেউৰীয়ে ৷

এই নাগৰিক সভাতে মৰিগাঁও জিলাৰ উপায়ুক্ত দেবাশীষ শৰ্মাই (DC Debasish Sarma) গুৱাহাটী পৌৰ নিগমৰ সঞ্চালক হৈ থকা কালৰ অভিজ্ঞতা ব্যাখ্যা কৰি মৰিগাঁও পৌৰবাসীক সহযোগিতা আগবঢ়াবলৈ আহবান জনাই। মৰিগাঁও পবিতৰা হাট প্ৰেক্ষাগৃহত অনুষ্ঠিত এই সভাখন আঁত ধৰে মৰিগাঁও পৌৰসভাৰ কাৰ্যবাহী বিষয়া তথা অতিৰিক্ত উপায়ুক্ত গৰ্গমোহন দাসে । সভাৰ বিষয় বস্তুৰ লগত সংগতি ৰাখি উপস্থিত ৰাইজক প্ৰদৰ্শন কৰা হয় পৌৰ সভাৰ বিভিন্ন নীতি-নিয়মৰ দৃশ্য শ্ৰব্য মাধ্যম ৷

লগতে পঢ়ক: Rang Ghar controversy: ৰংঘৰৰ আলোক সজ্জাকলৈ শিৱসাগৰত চৰকাৰ বিৰোধী প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.