দিনজোৰা কাৰ্যসূচীৰে মৈৰাবাৰী অঞ্চল পৰিদৰ্শন মৰিগাঁৱৰ উপায়ুক্তৰ

author img

By

Published : Sep 16, 2022, 5:21 PM IST

Morigaon

মৰিগাঁৱৰ নৱ নিযুক্ত উপায়ুক্ত দেৱাশিষ শৰ্মাই বৃহস্পতিবাৰে মৈৰাবাৰী অঞ্চল পৰিদৰ্শন কৰে (Morigaon DC at Moirabari)। অঞ্চলটোৰ কেইবাটাও স্থানলৈ গৈ জ্যেষ্ঠ নাগৰিক, সাংবাদিক, চিকিৎসাকৰ্মী আদিৰ সৈতে বাৰ্তালাপ কৰে । অঞ্চলটোৰ বিভিন্ন সমস্যাৰো বুজ লয় ।

মৰিগাঁও,১৬ ছেপ্টেম্বৰ : দায়িত্ব গ্ৰহণৰ পাছতে মৰিগাঁও জিলাৰ উপায়ুক্ত দেৱাশিষ শৰ্মাৰ বিশেষ পদক্ষেপ । বৃহস্পতিবাৰে মৈৰাবাৰীৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰিলে নৱ নিযুক্ত উপায়ুক্তগৰাকীয়ে (DC Debashis Sarma visits Moirabari)। যোৱা ৩১ আগষ্ঠত মৰিগাঁও জিলাৰ উপায়ুক্ত হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা দেৱাশিষ শৰ্মাই দিনযোৰা কাৰ্যসূচীৰে মৈৰাবাৰী অঞ্চল পৰিদৰ্শন কৰে ।

উল্লেখ্য যে উপায়ুক্তগৰাকীয়ে যোৱা ৬ ছেপ্টেম্বৰৰ দিনটোতও মৈৰাবাৰীৰ নিকটৱৰ্তী বৰচাপৰি মৌৱামাৰীৰ ব্ৰহ্মপুত্ৰ নৈৰ মথাউৰি পৰিদৰ্শন কৰিছিল । উপায়ুক্তগৰাকীয়ে মৈৰাবাৰী মডেল স্কুলৰ নতুন গৃহ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে (Morigaon DC laid School new building)। লগতে বিদ্যালয়খনে সন্মুখীন হোৱা বিভিন্ন সমস্যা সম্পৰ্কে পৰিচালনা কমিটীৰ সৈতে বাৰ্তালাপ কৰে । ইয়াৰ পাছত মৈৰাবাৰী অঞ্চলৰ জ্যেষ্ঠ নাগৰিক মঞ্চ আৰু সাংবাদিকসকলৰ সৈতেও এক বৈঠকত মিলিত হয় উপায়ুক্তগৰাকী ।

Morigaon
দিনজোৰা কাৰ্যসূচীৰে মৈৰাবাৰী অঞ্চল পৰিদৰ্শন মৰিগাঁৱৰ উপায়ুক্তৰ

মৈৰাবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত তাতিকটা গাঁও পঞ্চায়তত থকা এটা পুখুৰী পৰিদৰ্শন কৰি উপায়ুক্ত দেৱাশিষ শৰ্মাই শ্ৰীশ্ৰী আলিপুখুৰী পাটেকীবড়ী সত্ৰত উপস্থিত হয় । সত্ৰৰ সমিতিয়ে উপায়ুক্তগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে । ইয়াৰ উপৰিও দিনযোৰা কাৰ্যসূচীত উপায়ুক্তগৰাকীয়ে মৈৰাবাৰীত থকা গ্ৰাম বিকাশ পৰিষদ নামৰ স্বেচ্ছাসেৱী সংগঠনৰ অধীনত থকা নিচামুক্তি কেন্দ্ৰ পৰিদৰ্শন কৰে ।

Morigaon
দিনজোৰা কাৰ্যসূচীৰে মৈৰাবাৰী অঞ্চল পৰিদৰ্শন মৰিগাঁৱৰ উপায়ুক্তৰ

কেন্দ্ৰটোত থকা লোকসকলৰ স্বাস্থ্যৰ বুজ লয় উপায়ুক্তগৰাকীয়ে । ইফালে উলুবাৰী নৈপৰীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰও পৰিদৰ্শন কৰে উপায়ুক্তগৰাকীয়ে । উপায়ুক্তগৰাকীয়ে উলুবাৰী নৈপৰীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন কৰি চিকিৎসা কেন্দ্ৰত চিকিৎসকৰ লগতে উপস্থিত থা আশাকৰ্মী, নাৰ্চকে ধৰি অন্যান্য কৰ্মচাৰীসকলৰ সৈতে এক আলোচনাত মিলিত হয় । চিকিৎসা কেন্দ্ৰটো পৰ্যবেক্ষণ কৰি তেওঁ উলুবাৰী গাঁও পঞ্চায়তৰ এটি পথৰো নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰে ।

Morigaon
দিনজোৰা কাৰ্যসূচীৰে মৈৰাবাৰী অঞ্চল পৰিদৰ্শন মৰিগাঁৱৰ উপায়ুক্তৰ

সন্ধিয়া পুনৰ গৰাখহনীয়াৰ কবলত পৰা উলুবাৰী মথাউৰি পৰিদৰ্শন কৰে উপায়ুক্ত দেৱাশীষ শৰ্মাই । উল্লেখ্য যে উপায়ুক্তগৰাকীয়ে মৈৰাবাৰী অঞ্চল পৰিদৰ্শন কৰাৰ সময়তে তেওঁক সংগ দিয়ে অতিৰিক্ত উপায়ুক্ত অৰুন্ধতী নৰহ মিপুন, জিলা প্ৰাথমিক শিক্ষা বিষয়া বুলী গগৈ ভূঞা, লাহৰীঘাট ৰাজহ চক্ৰৰ চক্ৰ বিষয়া স্বৰাজ ভাৰত লাগাচু, মৈৰাবাৰী মণ্ডল বিজেপিৰ সভানেত্ৰী আফিয়া বেগম, বিজেপিৰ পঞ্চায়ত সভানেত্ৰী শ্বেহনাজ বেগমকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে ।

লগতে পঢ়ক:ডিমা হাছাওত ১৬৯ গৰাকী ছাত্ৰ-ছাত্ৰীলৈ আনন্দৰাম বৰুৱা বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.