ডিমা হাছাওত ১৬৯ গৰাকী ছাত্ৰ-ছাত্ৰীলৈ আনন্দৰাম বৰুৱা বঁটা

ডিমা হাছাওত ১৬৯ গৰাকী ছাত্ৰ-ছাত্ৰীলৈ আনন্দৰাম বৰুৱা বঁটা
ডিমা হাছাও জিলাত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত ষ্টাৰ নম্বৰ লৈ উত্তীৰ্ণ ১২৯ গৰাকী আৰু ডিষ্টিংচন লাভ কৰা ৪০ গৰাকী ছাত্ৰ-ছাত্ৰীক বুধবাৰে আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা হয়(Anundaram Barooah Award in Dima Hasao)।
ডিমা হাছাও, ৭ ছেপ্তেম্বৰ: বুধবাৰে ৰাজ্যত হাইস্কুল আৰু হাই মাদ্ৰাছা পৰীক্ষাত মেধাৱী ছাত্ৰ ছাত্ৰী সকলক প্ৰদান কৰা হয় আনন্দৰাম বৰুৱা বঁটা (Anundaram Barooah Award in Dima Hasao) ৷ সমান্তৰালভাৱে ডিমা হাছাও জিলাতো ১২৯ গৰাকী মেধা সম্পন্ন ছাত্ৰ ছাত্ৰীক আনন্দৰাম বৰুৱা বটা প্ৰদান কৰা হয় ৷
ডিমা হাছাও জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ (Inspector of Schools in Dima Hasao District) উদ্যোগত আয়োজন কৰা এক অনুষ্ঠানত হাফলং জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত ষ্টাৰ আৰু ডিষ্টিংচন নম্বৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীক আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা হয় ।
উক্ত অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ(North Cachar Hill Autonomous Council) কাৰ্যনিৰ্বাহ সদস্য ৰাংগালুংবে জেমি আৰু উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ ৰানু লাংথাচাই ।
তদুপৰি এই বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ঠ অতিথি ৰূপে ডিমা হাছাও জিলাৰ উপায়ুক্ত নাজৰিন আহমেদ, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ প্ৰধান সচিব টি টি দাওলাগাপু, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যনিৰ্বাহ সদস্য বিজিৎ লাংথাচা আৰু বিদ্যালয়সমূহৰ পৰিদৰ্শক গায়ত্ৰী নাইডিঙো উপস্থিত থাকে ।
লগতে পঢ়ক:বিশ্বনাথত আনন্দৰাম বৰুৱা বঁটা প্ৰদান
