ETV Bharat / state

আহোমক জনজাতিৰ মৰ্যদা দিলে পিছ পৰিব: ৰমাকান্ত দেউৰী

author img

By

Published : Feb 28, 2021, 11:57 AM IST

mla ramakanta deuris comments on providing st status to ahom people
mla ramakanta deuris comments on providing st status to ahom people

600 বছৰ ৰাজত্ব কৰা এটা জাতিক জনজাতিৰ মৰ্যদা দিলে আহোমসকল পিছ পৰি যোৱা যেন হ'ব বুলি মন্তব্য বিধায়ক ৰমাকান্ত দেউৰীৰ ৷ ছয় জনগোষ্ঠীৰ জনজাতিকৰণক এক জটিল সমস্যা বুলিও অভিহিত কৰে বিধায়ক গৰাকীয়ে ৷

মৰিগাঁও,28 ফেব্ৰুৱাৰী: বিগত পাঁচ বছৰ পূৰ্বে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি প্ৰদানেৰে শাসনৰ গাদীত বহা বিজেপি চৰকাৰে পাঁচ বছৰীয়া শাসনভাৰৰ সময়ত উক্ত প্ৰতিশ্ৰুতি ৰক্ষা কৰাত বিফল হোৱাৰ পাছতে শেহতীয়াকৈ বিজেপিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত কৰা এক মন্তব্যই বিজেপি চৰকাৰৰ দুমুখীয়া চৰিত্ৰক উদঙাই দিয়া পৰিলক্ষিত হৈছে ৷

মহাবীৰ চিলাৰায় দিৱস উপলক্ষে মৰিগাঁও জিলা আক্ৰাছুৰ নিমন্ত্ৰণ ৰক্ষা কৰি শলমাৰীত উপস্থিত হৈ বিধায়ক গৰাকীয়ে ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাতো এটা জটিল সমস্যা বুলি মন্তব্য কৰে ৷ আহোম সকলক জনজাতিৰ মৰ্যদা প্ৰদান কৰিলে প্ৰকৃতাৰ্থত আহোমসকল পিছ পৰি যোৱা যেন হ'ব বুলি মন্তব্য কৰি বিধায়ক দেউৰীয়ে কয় যে, আহোমসকল হৈছে 600 বছৰ ৰাজত্ব কৰা এটা জাতি ৷ এনেক্ষেত্ৰত তেওঁলোকক জনজাতিৰ মৰ্যদা প্ৰদান কৰিলেও তেওঁলোক পিছ পৰি যোৱাৰ দৰেহে হ'ব ৷

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ এক জটিল সমস্যা : ৰমাকান্ত দেউৰী

উল্লেখ্য যে, পাঁচ বছৰ পূৰ্বে বিজেপিয়ে নিৰ্বাচনী ইস্তাহাৰত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দি চৰকাৰ গঠন কৰিছিল ৷ পাঁচ বছৰীয়া শাসন কালত উক্ত প্ৰতিশ্ৰুতি পালন কৰাত ব্যৰ্থ হোৱাৰ লগতে এতিয়া স্বয়ং বিজেপি দলৰ বিধায়কেই কৰা এনে দায় সৰা মন্তব্যই বিজেপিৰ প্ৰতিশ্ৰুতিক ভুৱা প্ৰতিপন্ন কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক: দিল্লীৰ ৰঙা চকুৰ ভয়ত আঁঠু লোৱা চৰকাৰে জাতীয় চেতনাক বুজি নাপায় : লুৰিণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.