ETV Bharat / state

মৰিগাঁৱৰ পূজাথলীত বিধায়ক ৰমাকান্ত দেউৰী

author img

By

Published : Oct 24, 2020, 7:51 PM IST

শনিবাৰে অষ্টমী পূজাত পুৰোহিতৰ পৰা আশীৰ্বাদ ল’লে মৰিগাঁৱৰ বহু বিৰ্তকিত বিধায়ক ৰমাকান্ত দেউৰীয়ে । দুৰ্গা পূজাৰ মহা অষ্টমী পূজা উপলক্ষে জিলাখনৰ ভিন্ন মন্দিৰত দেৱীৰ আশীষ বিচাৰি উপস্থিত হয় বিধায়কগৰাকী ৷

MLA ramakanta deuri celebrated durga puja morigaon assam etv bharat news
মৰিগাঁৱৰ পূজাথলীত বিধায়ক ৰমাকান্ত দেউৰী

মৰিগাঁও,24 অক্টোবৰ: শনিবাৰে দেৱী দুৰ্গাৰ শ্ৰীচৰণত প্ৰণিপাত জনোৱাৰ উদ্দেশ্যে মৰিগাঁৱৰ বহুকেইটা মন্দিৰত উপস্থিত হয় বিতৰ্কিত বিধায়ক ৰমাকান্ত দেউৰী ৷ বিধায়কগৰাকীয়ে প্ৰথমে জালুগুটি সাৰ্বজনীন পূজা মন্দিৰত উপস্থিত হৈ দুৰ্গতিনাশিনী দেৱী দুৰ্গাৰ ওচৰত আঁঠু কাঢ়ি প্ৰাৰ্থনা কৰি পুৰোহিতৰ পৰা পূজাৰ অৰ্ঘ্য লৈ বিচাৰিলে আশীৰ্বাদ ।

MLA ramakanta deuri celebrated durga puja morigaon assam etv bharat news
মৰিগাঁৱৰ পূজাথলীত বিধায়ক ৰমাকান্ত দেউৰী

আনহাতে,পূজা উদযাপন সমিতিয়ে বিধায়ক গৰাকীক মন্দিৰ প্ৰাংগণত সম্বৰ্ধনা জ্ঞাপন কৰে ৷ পূজাথলীৰ প্ৰাংগণতে গছপুলি ৰোপণৰ এক কাৰ্যসূচী সম্পন্ন কৰে বিধায়ক দেউৰীয়ে ৷ শতবৰ্ষ গৰকা জালুগুটিৰ এই পূজাথলীৰ পৰাই মৰিগাঁওবাসীৰ লগতে আৰু অসমবাসীক শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছা জনাই মৰিগাঁৱৰ বিধায়ক গৰাকীয়ে ।

লগতে চাওকঃ মহাষ্টমী বিশেষ: ভৈৰৱী মন্দিৰত ভক্তৰ ভিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.