ETV Bharat / state

Assam BJP internal conflict: চন্দ্ৰযান-3 ও সফল হ’ল; কিন্তু নিজকে বিফল বুলি ভাবিব লগীয়া হৈছে বিধায়ক ৰমাকান্তই

author img

By ETV Bharat Assamese Team

Published : Aug 24, 2023, 1:28 PM IST

MLA Rama Kanta Deori
চতুৰ্থ বৰ্গৰ চাকৰি এটা দিব নোৱাৰি মই কিহৰ বিধায়ক

বিধায়ক ৰমাকান্ত দেউৰীৰ আক্ষেপ ৷ ‘‘চতুৰ্থ বৰ্গৰ চাকৰি এটা দিব নোৱাৰা কিহৰ বিধায়ক হ’ল ! বিশ্বাসঘাতক দললৈ কেনেকৈ যাম ! মই অকলে বিটিং আৰু ফিল্ডিঙো কৰো ৷’’

চতুৰ্থ বৰ্গৰ চাকৰি এটা দিব নোৱাৰি মই কিহৰ বিধায়ক

মৰিগাঁও, 24 আগষ্ট: পুনৰ বিজেপি দলত বিদ্ৰোহৰ উকমুকনি ৷ সিদ্ধাৰ্থ ভট্টাচাৰ্য, ৰাজেন গোহাঁই, ৰমেন ডেকা দৰে বিজেপি জ্যেষ্ঠ নেতাৰ মুকলি বিদ্ৰোহৰ পাচত বিধায়ক ৰমাকান্ত দেউৰীৰ বিস্ফোৰণ ৷ বিজেপি দলটোত থকা দুৰ্নীতি, বিশ্বাসঘাতকতা আৰু বিসম্বাদৰ সন্দৰ্ভত মুখ খুলিলে বিধায়ক গৰাকীয়ে ৷

বিধায়ক ৰমাকান্ত দেউৰীয়ে নিকা নিযুক্তিৰ নামত চলা বজাৰৰ সন্দৰ্ভত কয়, ’’চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ চাকৰি এটা বিধায়কে দিব নোৱাৰে ৷ এইটো বিধায়ক হ’ল নেকি ! কোনোৱে হয়তো ভিতৰুৱাকৈ বহুত দিছে ৷ কিন্তু সেইবিলাক এতিয়া লাহে লাহে ওলাইছে ৷ সত্য ক’লৈ যাব ! গাঁওবুঢ়া এটা দিব নোৱাৰোঁ নিজৰ ইচ্ছাকৃতভাৱে ৷ কোনোবাই ক’লে বুলিয়ে সত্য বিচাৰ কিয় নকৰে !’’

আনহাতে সংবাদ মাধ্যমত প্ৰকাশ কৰা বাতৰিৰ সন্দৰ্ভত বিধায়ক দেউৰীয়ে কয়, ‘‘মৰিগাঁৱৰ মোৰ শত্ৰু কেইজনে মোক অযোগ্য বিধায়ক বুলি লিখিলেই সেইয়া সত্য নেকি ? মই নিৰ্বাচনত হাৰিম বোলে ! দলৰ মানুহক কথা লগাইছে । তেওঁলোকৰ বহুত আহক মই অকলে হম ৷ কোনে কিমান ভোট পাই চাম ৷ জনজাতীয় ভাই সকলক লগত লৈ অকলে মই বেটিং কৰো আৰু ফিল্ডিং কৰো ৷ গতিকে এনেকৈ দল বেছি দিন জীয়াই থাকিব নোৱাৰিব ৷ এই পৰ্যায়ত থাকিলে বিজেপি হাৰিব ৷’’

‘‘দৰকাৰ হ’লে মই জাতীয় ঐক্য মঞ্চত যোগদান কৰিম ৷ যেতিয়াই যি দল আহে তেতিয়াই সেই দললৈ যাম ৷ নিৰাপত্তা নথকা দলত কিয় থাকিম ৷ তেওঁলোকে কৈছিলে মোক সকলো দায়িত্ব দিয়া হ’ব বুলি ৷ কিন্তু ক’ত ! আজি যদি কংগ্ৰেছে কয় আজিয়ে কংগ্ৰেছলৈ গুচি যাম ৷ যদিও কংগ্ৰেছলৈ নাযাও তেতিয়া হ’লে মই নতুনকৈ দল খুলিম ৷ এনেকুৱা বিশ্বাসঘাতক দললৈ কেনেকৈ যাম ! অহঃ ভোটৰ সময়ত গণ সমাবেশৰ বাবে জনজাতি মহিলাখিনি যায় ৷ বেলেগ মানুহ যায় নেকি ! আমাৰ জনজাতিলোকৰ ভাইসকল মূৰ বিলাক দেখুৱাবি আমাৰ মানুহ বুলি ৷’’ এই দৰে ক্ষোভ প্ৰকাশ কৰিলে মৰিগাঁওৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে ৷

লগতে পঢ়ক: Assam BJP internal clash: ৰমাকান্ত দেউৰীৰ মনতো আছে বঞ্চিত হোৱাৰ অকথ্য বেদনা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.