HSLC Result : ডিষ্টিংচন পাবলগীয়া শিক্ষাৰ্থীয়ে পালে দ্বিতীয় বিভাগৰ নম্বৰ

author img

By

Published : Jul 30, 2021, 9:50 PM IST

heated-situation-for-hslc-results-in-morigaon

মৰিগাঁৱৰ চেইণ্ট ঠেৰেছা স্কুল (St. Theresa School)ত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ (HSLC) ফলাফলক লৈ উত্তপ্ত পৰিস্থিতি ৷ বিদ্যালয় কৰ্তৃপক্ষই নিৰ্ধাৰণ কৰি দিয়া শিক্ষকৰ (Tutor) বিপৰীতে অভিভাৱকে তেওঁলোকৰ মতে শিক্ষকৰ ওচৰত টিউচন দিয়াৰ বাবেই ছাত্ৰ-ছাত্ৰীক পৰীক্ষাত কম নম্বৰ দিয়াৰ অভিযোগ উত্থাপন ৷ কৰ্তৃপক্ষই ডিষ্টিংচন পাবলগীয়া ছাত্ৰ-ছাত্ৰীক দ্বিতীয় বিভাগৰ নম্বৰ দিয়াৰ অভিযোগ উত্থাপন কৰিছে অভিভাৱকসকলে ৷

মৰিগাঁও, 30 জুলাই : শুকুৰবাৰে ঘোষিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষা(HSLC)ৰ ফলাফলৰ পাচতে ফলাফলক লৈ এক উত্তপ্ত পৰিস্থিতি মৰিগাঁৱৰ এখন ব্যক্তিগত অভিজাত বিদ্যালয়ত । ইংৰাজী মাধ্যমৰ বিদ্যালয়খনৰ বিৰুদ্ধে উত্থাপন হৈছে স্বজন-তোষণৰ অভিযোগ । মৰিগাঁও চেইণ্ট ঠেৰেছা স্কুল (St. Theresa School)ত সৃষ্টি হৈছে এই উত্তপ্ত পৰিস্থিতিৰ । বিদ্যালয় কৰ্তৃপক্ষই নিৰ্ধাৰণ কৰি দিয়া শিক্ষক (Tutor)ৰ বিপৰীতে অভিভাৱকৰ মনঃপুত শিক্ষকৰ ওচৰত টিউচন দিয়াৰ বাবেই ছাত্ৰ-ছাত্ৰীক পৰীক্ষাত কম নম্বৰ দিয়াৰ অভিযোগ উত্থাপন কৰিছে অভিভাৱকসকলে ৷

মৰিগাঁৱত পৰীক্ষাৰ ফলাফলক লৈ উত্তপ্ত পৰিস্থিতি

লগতে পঢ়ক : হাই মাদ্ৰাছাত উত্তীৰ্ণৰ হাৰ ৯৩.১৮ শতাংশ

ইয়াকে লৈ বিদ্যালয়খনৰ প্ৰৱেশ দ্বাৰৰ বাহিৰত ক্ষুব্ধ অভিভাৱকসকলে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷ ডিষ্টিংচন পাবলগীয়া ছাত্ৰ-ছাত্ৰীক দ্বিতীয় বিভাগৰ নম্বৰ দিয়াৰ অভিযোগ তুলিছে অভিভাৱকৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে ৷ পুৱাৰ ভাগৰ পৰাই বিদ্যালয় কৰ্তৃপক্ষ, আৰক্ষী আৰু CRPF জোৱানে অভিভাৱকসকলক বিদ্যালয়ৰ ভিতৰত সোমোৱাত বাধা প্ৰদান কৰা পৰিলক্ষিত হৈছে ।

আৰক্ষী আৰু CRPF বাহিনীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা চলাইছে ৷

ছাত্ৰ-ছাত্ৰীৰ অভিযোগ অনুসৰি, শ্ৰেণীত পাঠদান কৰাৰ বিপৰীতে স্বাভাৱিক অৱস্থাতো কেৱল ঘৰুৱা শিক্ষক নিয়োগ কৰি বেহা চলাইছিল বিদ্যালয় কৰ্তৃপক্ষই ৷ ছাত্ৰ-ছাত্ৰী ভৱিষ্যতক লৈ খেলা বিদ্যালয়খনৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে উচিত তদন্ত কৰিবনে চৰকাৰে? এনেধৰণৰ বহু প্ৰশ্নৰ উদয় হৈছে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলৰ মাজত ৷

লগতে পঢ়ক : মেট্ৰিকৰ ফলাফল : 99.40 শতাংশ উত্তীৰ্ণৰ হাৰেৰে শীৰ্ষত বিশ্বনাথ জিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.