মৈৰাবাৰী সমবায় সমিতিৰ সাধাৰণ সভা অনুষ্ঠিত

author img

By

Published : Sep 25, 2022, 3:45 PM IST

general meeting of moirabari co operative society

মৈৰাবাৰী সমবায় সমিতিৰ সাধাৰণ সভা আৰু নৱ নিৰ্বাচিত সদস্য সদস্যা সকলৰ চিনাকি অনুষ্ঠান সম্পন্ন(General meeting of Co-operative Society) । মৈৰাবাৰী ৰাষ্ট্ৰভাষা এম ই স্কুলত আয়োজিত সমবায় সমিতিৰ সাধাৰণ সভাত নিৰ্বাচিত সদস্য সদস্যা সকলৰ নাম ঘোষণা কৰাৰ লগতে বছৰেকীয়া হিচাপ নিকাচৰ খতিয়ান দাঙি ধৰা হয় উক্ত সভাত ।

ধিঙ,২৫ ছেপ্টেম্বৰ: মৈৰাবাৰী ৰাষ্ট্ৰভাষা এম ই স্কুলত অনুষ্ঠিত হয় মৈৰাবাৰী সমবায় সমিতিৰ সাধাৰণ সভা আৰু নৱ নিৰ্বাচিত সদস্য সদস্যা সকলৰ চিনাকি অনুষ্ঠান(General meeting of Co-operative Society) । বিনা প্ৰতিদ্বিন্দাৰে নিৰ্বাচিত হোৱা মৈৰাবাৰী সমবায় সমিতিৰ নৱ নিৰ্বাচিত সদস্য সদস্যা সকল ক্ৰমে আবুল কাচেম, গুলজাৰ হুছেইন, নাজিৰুল ইছলাম ছফিকুল ইছলাম, হাৰুন ৰচিদ, ৰাজকুমাৰ ৰবি দাসকে ধৰি মুঠ ১৫জন সদস্য সদস্যাক আজি বিভাগীয়ভাৱে সাধাৰণ সভাত আনুষ্ঠানিকভাৱে দায়িত্ব অৰ্পন কৰা হয় ।

মৰিগাঁও জিলাৰ সমবায় সমিতি সমূহৰ পঞ্জীয়কৰ কাৰ্যালয়ৰ ৰুনবী ৰং চং ,সমুদ্ৰ বৰাৰ উপস্থিতিত মৈৰাবাৰী ৰাষ্ট্ৰভাষা এম ই স্কুলত আয়োজিত সমবায় সমিতিৰ সাধাৰণ সভাখনত নিৰ্বাচিত সদস্য সদস্যা সকলৰ নাম ঘোষণা কৰাৰ লগতে বছৰেকীয়া হিচাপ নিকাচৰ খতিয়ান দাঙি ধৰা হয় । ৰুনবী ৰংচঙৰ সভাপতিত্বত আয়োজিত সভাখনত কেইবাজনো বিশিষ্ট ব্যক্তিয়ে ভাষণ প্ৰদান কৰে ।

মৈৰাবাৰী সমবায় সমিতিৰ সাধাৰণ সভা অনুষ্ঠিত

উল্লেখ্য যে, মৰিগাঁও জিলাৰ সমবায় সমিতি সমূহৰ পঞ্জীয়কে সমিতিখনৰ নিৰ্বাচন (Moirabari Co-operative Society Election) অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰাৰ পাছত যোৱা ১৫ ছেপ্টেম্বৰত মৈৰাবাৰী অঞ্চলটোৰ পৰা মুঠ ২২জন প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল যদিও ২০জন প্ৰাৰ্থীৰ মনোনয়ন গ্ৰহণ কৰা হৈছিল । সেই হিচাপে দেওবাৰে অৰ্থাৎ ২৫ছেপ্টেম্বৰত নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা আছিল যদিও ৫ জন প্ৰাৰ্থীয়ে সমবায়ৰ স্বাৰ্থত স্বেচ্ছাই মনোনয়ন পত্ৰ উঠাই লোৱাত নিৰ্বাচন অনুষ্ঠিত কৰা নহ'ল ।

ফলত বিনা প্ৰতিদ্বন্দিতাৰে ১৫জন সদস্য সদস্যা নিৰ্বাচিত হয় । দেওবাৰে অনুষ্ঠিত এই সাধাৰণ সভা আৰু সদস্য সদস্যাৰ আনুষ্ঠানিকভাৱে পৰিচয় আৰু চিনাকি অনুষ্ঠানত প্ৰায় সহস্ৰাধিক অধিক লোক সমাবেত হয় ।

লগতে পঢ়ক: বঙাইগাঁৱত আই আৰু মানাহৰ খহনীয়া অব্যাহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.