মৰিগাঁৱত খহনীয়াগ্ৰস্ত এলেকা পৰিদৰ্শন জিলা উপায়ুক্তৰ

author img

By

Published : Sep 6, 2022, 4:11 PM IST

Updated : Sep 6, 2022, 7:08 PM IST

dc of morigaon inspects erosion zone

মৰিগাঁৱৰ খহনীয়াগ্ৰস্ত এলেকাত উপস্থিত জিলা উপায়ুক্ত দেবাশীষ শৰ্মা(Morigaon DC Debashis Sarmah) । মৈৰাবাৰীৰ মৌৱামাৰীৰ ব্ৰহ্মপুত্ৰ নদীৰ গৰাখনীয়া আৰু বৰচাপৰি ভজাইখাইতি গৰাখনীয়া এলেকা পৰিদৰ্শন কৰে উপায়ুক্তগৰাকীয়ে(Morigaon DC visits erosion areas) ।

মৰিগাঁও,৬ ছেপ্টেম্বৰ: মঙলবাৰে মৰিগাঁও জিলাৰ উপায়ুক্ত দেবাশীষ শৰ্মাই মৈৰাবাৰীৰ মৌৱামাৰীৰ ব্ৰহ্মপুত্ৰ নদীৰ গৰাখনীয়া আৰু বৰচাপৰি ভজাইখাইতি গৰাখনীয়া এলেকা পৰিদৰ্শন কৰে(Morigaon DC visits erosion areas) । পৰিদৰ্শন কালত উপায়ুক্তগৰাকীৰ লগত উপস্থিত থাকে অতিৰিক্ত উপায়ুক্ত গৰ্গ মোহন দাস আৰু জিলা জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা, সহকাৰী অভিযন্তা লাহৰীঘাট ৰাজহ চক্ৰৰ চক্ৰ বিষয়া লগতে বহুকেইজন স্থানীয় সচেতন ব্যক্তি ।

উল্লেখ যে যোৱা এমাহৰ আগতে মৌৱামাৰীত ব্ৰহ্মপুত্ৰ নদীৰ ভয়াৱহ গৰাখহনীয়াৰ সৃষ্টি হৈছিল । সেই গৰাখহনীয়াৰ ফলত প্ৰায় দুই শতাধিক পৰিয়ালৰ লোক সৰ্বস্বান্ত হোৱাৰ লগতে গূহহীন হৈছিল বহুকেইটা পৰিয়াল । মন্ত্ৰী পীযুষ হাজৰিকাৰ নিৰ্দেশ মৰ্মে মৰিগাঁও আৰু নগাঁও জলসম্পদ বিভাগে এই খহনীয়া এলেকাত দিনে ৰাতি জিঅ'বেগৰ কাম কৰাৰ উপৰিও স্থানীয় ৰাইজেও শ্ৰমদান কৰাত খহনীয়াৰ প্ৰকোপ কিছু পৰিমাণে কমি আহিছিল ।

সোমবাৰে উপায়ুক্ত দেবাশীষ শৰ্মাই(Morigaon DC Debashis Sarmah) অঞ্চলটো ভ্ৰমণ কৰাৰ লগতে বৰচাপৰি ভজাইখাইতি গৰাখনীয়া এলেকাও ভ্ৰমণ কৰে । উপায়ুক্ত গৰাকীয়ে খহনীয়াগ্ৰস্ত এলেকা ভ্ৰমণ কৰি ইয়াৰ প্ৰকৃত সমস্যা সন্দৰ্ভত বুজ লয় । উপায়ুক্তগৰাকীয়ে অতি শীঘ্ৰে খহনীয়াৰ সমস্যা ৰোধ কৰাৰ আশ্বাস প্ৰদান কৰে নৈ কাষৰীয়া ৰাইজক ।

উল্লেখ্য যে, ১৯৬৯ চনৰ পৰা জিলাখনৰ বিভিন্ন প্ৰান্তত লুইতৰ খহনীয়াই তাণ্ডৱ লীলা চলাই আহিছে(Erosion in Morigaon) ৷ খহনীয়াৰ তাণ্ডৱত শতাধিক ৰাজহ গাঁও লুইতৰ বুকুত বিলীন হোৱাৰ উপৰি লাখ লাখ লোক সৰ্বস্বান্ত হৈছে ৷ প্ৰত্যেক বছৰে খহনীয়াই নতুন নতুন অঞ্চল গ্ৰাস কৰি আহিছে ৷ ইয়াৰ পিছতো চৰকাৰ তথা জলসম্পদ বিভাগে গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷

বহু আবেদন নিবেদন তথা প্ৰতিবাদ সাব্য়স্ত কৰা হৈছে যদিও বৰ্তমানে বহু খহনীয়াগ্ৰস্ত অঞ্চললৈ জনপ্ৰতিনিধিৰ চকু নপৰাৰ অভিযোগ উত্থাপন হৈছে । ঘৰ-বাৰী হেৰুৱাই দিশহাৰা হৈ পৰা নৈপৰীয়া ৰাইজে আশাৰ বাহিৰে যেন একোৱাই পোৱা নাই । ইয়াৰ মাজতে মৌৱামাৰী অঞ্চলত চৰকাৰৰ সুদৃষ্টি পৰাত আশাৰ সঞ্চাৰ হৈছে লুইতৰ পাৰত বসবাস কৰা ৰাইজে । অতি শীঘ্ৰে খহনীয়া প্ৰতিৰোধ কৰি নৈপৰীয়া ৰাইজক বিপদমুক্ত কৰিবলৈ আহ্বান জনাইছে খহনীয়াগ্ৰস্ত ৰাইজে ।

লগতে পঢ়ক: পুৱাই বোকাখাত চাহ বাগিচাত উতপ্ত পৰিস্থিতি

Last Updated :Sep 6, 2022, 7:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.