OTP যোগে বিভিন্ন লোকক প্ৰৱঞ্চনা কৰি ফাণ্ডত পৰিল দিলোৱাৰ

author img

By

Published : Oct 12, 2021, 4:52 PM IST

cyber-criminal-from-assam-arrested-by-bihar-police

দেশৰ বিভিন্ন প্ৰান্তৰ বহু লোকক মোবাইল ফোন যোগে প্ৰৱঞ্চনা কৰি তেওঁলোকৰ নামত ঋণ সংগ্ৰহ কৰি আৰক্ষীৰ জালত পৰিল দিলোৱাৰ হুছেইন ৷ সবিশেষ জানো আহক ৷

ধিং, 12 অক্টোবৰ : '' আপোনাৰ নম্বৰত বিশেষ অফাৰ আহিছে, ব্যৱহাৰ কৰিলে আপোনাৰ একাউন্টত দুই কোটি টকাৰ ধনৰাশি প্ৰেৰণ কৰা হ’ব ৷ এই বিশেষ সুযোগ লাভ কৰিবলৈ আপোনাৰ ফোনত এই মুহুৰ্তত যোৱা One time password টো আমাক প্ৰকাশ কৰক ৷''

সচৰাচৰ এই ধৰণৰ ফোন অথবা SMS আপোনাৰ মোবাইললৈ আহি থকাৰ বিষয়টো নতুন নহয় ৷ আপুনি হয়তো এই ধৰণৰ ফোন, SMS ক বিশেষ গুৰুত্ব নিদিয়াকৈ উলাই কৰি চলি আহিছে ৷ কিন্তু, একে সময়তে আপোনাৰ কোনোবা পৰিচিত ব্যক্তি এই ধৰণৰ প্ৰৱঞ্চকৰ ফাণ্ডত পৰি অহাৰ খবৰ আপুনি লাভ কৰি আহিছে ৷

OTP যোগে বিভিন্ন লোকক প্ৰৱঞ্চনা কৰি ফাণ্ডত পৰিল দিলোৱাৰ

সম্প্ৰতি, এই ধৰণৰ ঘটনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ লেংৰীবাৰী অঞ্চল ৷ শেহতীয়াকৈ, ছাইবাৰ অপৰাধীৰ তাণ্ডৱত চৰ্চিত হৈছে মৈৰাবাৰীৰ লেংৰীবৰী ৷ ছাইবাৰ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে যদিও এচাম অপৰাধীয়ে অপৰাধ কাৰ্য চলাই আছে ৷

এইবাৰ বিহাৰ আৰক্ষীৰ তদন্তত গ্ৰেপ্তাৰ দিলোৱাৰ হুছেইন নামৰ এটা কুখ্যাত ছাইবাৰ অপৰাধী ৷ দিলোৱাৰ হুছেইন নামৰ এই ছাইবাৰ অপৰাধীটোৱে বিহাৰৰ ছাইবাৰ অপৰাধীৰ লগত মিলি ইমান দিনে লাখ লাখ টকাৰ লুণ্ঠন চলাই আছিল । উল্লেখযোগ্য যে, ধৃত দিলোৱাৰ হুছেইন বিহাৰত হোৱা এক হত্যাকাণ্ডৰ লগত জড়িত থকাৰো সন্দেহ কৰা হৈছে ।

বিহাৰ আৰক্ষীৰ এটা দলে মৈৰাবাৰীৰ লেংৰীবৰীৰ পৰা গ্ৰেপ্তাৰ কৰে অপৰাধীটোক । বিহাৰৰ পৰা অহা এদল আৰক্ষী আৰু মৈৰাবাৰী থানাৰ যৌথ অভিযানত গ্ৰেপ্তাৰ কৰে এই চাইবাৰ অপৰাধীটোক। দেশৰ আন আন ৰাজ্যৰ লগতে বিহাৰ আৰু অসমৰ বহু লোকৰ পৰা *OTP* সংগ্ৰহ কৰি, সেই সকলৰ নামত ঋণ লৈ লুটি আছিল লাখ লাখ টকা । দিলোৱাৰ হুছেইনৰ পৰা তিনিশতকৈ অধিক চিম-কাৰ্ড আৰু দহটা মোবাইল ফোন জব্দ কৰিছে আৰক্ষীয়ে ।

লগতে পঢ়ক : মাণিকপুৰৰ গেছ এজেঞ্চীত দুষ্কৃতিকাৰীৰ আক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.