ETV Bharat / state

মৰিগাঁৱত 'ক্লীন ভিলেজ গ্ৰীণ ভিলেজ' শীৰ্ষক কৰ্মশালা

author img

By

Published : Mar 9, 2021, 7:23 PM IST

মৰিগাঁৱত 'ক্লীন-ভিলেজ গ্ৰীন-ভিলেজ' শীৰ্ষক কৰ্মশালা
মৰিগাঁৱত 'ক্লীন-ভিলেজ গ্ৰীন-ভিলেজ' শীৰ্ষক কৰ্মশালা

মৰিগাঁও সদৌ গ্ৰাম্য জিলা পুথিভঁৰাল সন্থা আৰু নেহেৰু যুৱ কেন্দ্ৰৰ উদ্যোগত 'ক্লীন ভিলেজ গ্ৰীণ ভিলেজ' শীৰ্ষক কৰ্মশালা আৰু প্ৰশিক্ষণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

মৰিগাঁও,৯ মাৰ্চ: কেন্দ্ৰীয় চৰকাৰৰ স্বচ্ছ ভাৰত অভিযানৰ অংশ হিচাপে নিকা, স্বচ্ছ আৰু প্ৰদূষণমুক্ত ভাৰত গঢ়াৰ উপৰিও জন স্বাস্থ্যৰ সুৰক্ষা আৰু পৰ্যটন বিভাগক গতিশীলতা প্ৰদানৰ বাবে মৰিগাঁও নেহৰু যুৱ কেন্দ্ৰ সংগঠনৰ উদ্যোগত আৰু মৰিগাঁও জিলা গ্ৰাম্য পুথিভঁড়াল সন্থাৰ সহযোগত এক বিশেষ কৰ্মশালাৰ আয়োজন কৰা হয় । জিলা গ্ৰাম্য পুথিভঁড়াল সন্থাৰ সভাপতি ৰমেশ চন্দ্ৰ কাকতিয়ে সঞ্চালনা কৰা 'ক্লীন ভিলেজ গ্ৰীণ ভিলেজ' শীৰ্ষক এদিনীয়া কৰ্মশালাখন উদ্বোধন কৰে অসম চৰকাৰৰ "শংকৰ আজান সমন্বয় বঁটাপ্ৰাপক সাংবাদিক পুলিন কাকতিয়ে ।

মৰিগাঁৱত 'ক্লীন-ভিলেজ গ্ৰীন-ভিলেজ' শীৰ্ষক কৰ্মশালা
মৰিগাঁৱত 'ক্লীন ভিলেজ গ্ৰীণ ভিলেজ' শীৰ্ষক কৰ্মশালা

জিলা গ্ৰাম্য পুথিভঁড়াল সন্থাৰ সম্পাদক বলদেৱ নাথে আঁত ধৰা অনুষ্ঠানটোত সমল ব্যক্তি হিচাবে উপস্থিত থাকে জিলা সামাজিক বনানীকৰণ বিভাগৰ বন বিষয়া গিৰীশ কলিতা, দুৰ্গেশ্বৰ বৰা, জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া প্ৰিয়াক্ষী বৰা আৰু সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সভাপতি প্ৰতাপ হাজৰিকা, নেহেৰু যুৱ কেন্দ্ৰৰ গাণনিক ধনঞ্জয় তালুকদাৰ, জিলা মিডিয়া ক্লাবৰ সভাপতি ৰাতুল ডেকা ।

লগতে পঢ়ক: গণ মৰ্চাক দিশপুৰ দিলে সমূহীয়া পদত্যাগৰ ভাবুকি কংগ্ৰেছ কৰ্মীৰ

TAGGED:

Mrg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.