ETV Bharat / state

Ankhiya Naat Somarooh: মৰিগাঁৱত নাট সমাৰোহৰ আৰম্ভণি

author img

By ETV Bharat Assamese Team

Published : Oct 27, 2023, 10:39 PM IST

Updated : Oct 27, 2023, 10:49 PM IST

Ankhiya Bhaona Ceremony in Morigaon
মৰিগাঁৱত নাট সমাৰোহৰ আৰম্ভণি

গুৰুজনাৰ সৃষ্ট অংকীয়া নাটসমূহৰ বিশুদ্ধ ৰূপত প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ লক্ষ্যৰে মৰিগাঁও বিহুতলীত প্ৰয়াত অতুল চন্দ্ৰ ডেকা সোঁৱৰণী সমন্বয় ক্ষেত্ৰত শুকুৰবাৰৰে পৰা তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে নাট সমাৰোহৰ আয়োজন । উক্ত অনুষ্ঠানত উপস্থিত থাকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক বাবুল বৰাকে আদি কৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি ।

মৰিগাঁৱত নাট সমাৰোহৰ আৰম্ভণি

মৰিগাঁও,২৭ অক্টোবৰ: পতাকা উত্তোলনৰ জৰিয়তে শুকুৰবাৰৰে পৰা মৰিগাঁও বিহুতলিৰ অতুল চন্দ্ৰ ডেকা সমন্বয় ক্ষেত্ৰত প্ৰথমবাৰৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উদ্যোগত অনুষ্ঠিত হৈছে গুৰুজনাৰ সৃষ্ট অংকীয়া নাট সমাৰোহ । ২৭, ২৮ আৰু ২৯ অক্টোবৰলৈ অনুষ্ঠিত হ'ব প্ৰথম বাৰ্ষিক নাট সমাৰোহ । গুৰুজনাৰ ভাষা, সাহিত্য, ধৰ্ম, সংস্কৃতি প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্য লগত ৰাখি এই অংকীয়া নাট সমাৰোহৰ আয়োজন শ্ৰীমন্ত শংকৰদেৱ সংঘ মৰিগাঁও জিলা সমিতিৰ ।

ইয়াৰ লগত সংগতি ৰাখি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মৰিগাঁও জিলা শাখাৰ শিশু, যুৱ, আইমাতৃ সমাৰোহৰ ৰূপালী জয়ন্তীৰ মহোৎসৱৰ আয়োজন কৰা বুলি সদৰী কৰে নাট সমাৰোহৰ আদৰণি সমিতিৰ সভাপতি তথা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক বাবুল বৰা, উপ-সভাপতি সন্ত নাৰায়ণ ডেকা, সম্পাদক হৰেন্দ্ৰ বৰা, যুটীয়া সম্পাদক জ্ঞান মোহন ডেকাই । শুকুৰবাৰে পুৱাৰ পৰা অনুষ্ঠিত হোৱা প্ৰথম বাৰ্ষিক নাট সমাৰোহৰ উদ্বোধন কৰে মৰিগাঁও জিলা আয়ুক্ত দেবাশীষ শৰ্মাই ।

উদ্বোধনী ভাষণত আয়ুক্তগৰাকীৰে এনে পদক্ষেপৰ বাবে শলাগ লয় । এই উদ্বোধনী সভাত অসম চৰকাৰৰ ভৈয়াম জনজাতি উন্নয়ন নিগমৰ অধ্যক্ষ তথা মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী, জ্যেষ্ঠ সাংবাদিক প্ৰতাপ হাজৰিকা, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মুখপত্ৰ মণিকাঞ্চনৰ সম্পাদক মনোজ কুমাৰ দেঊৰজাৰ প্ৰমুখ্যে ভালে সংখ্যক বিশিষ্ট ব্যক্তিয়ে আগবঢ়াই ভাষণ । ইফালে এই নাট সমাৰোহ আৰু শিশু, যুৱক আইমাতৃ সমাৰোহ তথা ৰূপালী জয়ন্তী মহোৎসৱ সফল কৰাৰ বাবে এই কাৰ্যসূচীত সকলো ৰাইজৰ সহায়-সহযোগিতা তথা উপস্থিতি একান্তভাৱে কামনা কৰে আদৰণি সমিতিৰ সভাপতি বাবুল বৰাই ।

লগতে পঢ়ক: Fellowship Awards Ceremony: কলিয়াবৰৰ তিনি প্ৰতিভাধৰলৈ জলপানি প্ৰদান

Last Updated :Oct 27, 2023, 10:49 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.