স্বাধীনতাৰ 75 বছৰৰ পাছত নিৰ্মাণ হ’ব মৰিগাঁও-দৰং সংযোগী দলং

author img

By

Published : Aug 17, 2021, 10:33 PM IST

স্বাধীনতাৰ 75 বছৰৰ পাচত এখন দলং নিৰ্মাণ হ’ব মৰিগাঁও-দৰঙক সংযোগ কৰি

এখন ঠাইৰ উন্নয়ন নিৰ্ভৰ কৰে অঞ্চলটোৰ যোগাযোগ অথবা যাতায়ত ব্যৱস্থাৰ ওপৰত ৷ যদিহে সেই অঞ্চলটো বানাক্ৰান্ত বা গৰাখহনীয়াগ্ৰস্থ হয় আৰু অতি প্ৰয়োজনীয় হৈ পৰে যোগযোগ ব্যৱস্থা ৷ স্বাধীনতাৰ 75 বছৰৰ পাছতো যদি এখন দলঙৰ বাবে জনসাধৰাণে হাহাকাৰ কৰিব থাকিব লগীয়া হয় সেয়া অতি দুৰ্ভাগ্যজনক ৷ শেহতীয়াকৈ এখন দলং নিৰ্মাণ হোৱা কথা শুনি আনন্দিত হৈ পৰিছে এটা অঞ্চলৰ জনসাধাৰণ ৷

মৈৰাবাৰী, 17 আগষ্ট : স্বাধীনতাৰ 75 বছৰ পাচত এখন দলং লাভ কৰি আনন্দিত হৈ পৰিছে এটা অঞ্চলৰ জনসাধাৰণ ৷ শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাখনে এই আশাৰ বতৰা কঢ়িয়াই আনিছে অঞ্চলটোৰ জনসাধৰণলৈ ৷ সদ্য সমাপ্ত অসম বিধানসভাৰ বাজেট অধিবেশনতে এই দলখন নিৰ্মাণৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ৷ এই বিশেষ দলং খন নিৰ্মাণ হ’ব মৰিগাঁও জিলা আৰু দৰং জিলাক সংযোগ কৰিব পৰাকৈ ব্ৰহ্মপুত্ৰৰ বক্ষত ৷

প্ৰতিবছৰে বানে জুৰুলা কৰে মৰিগাঁও জিলাক ৷ কেৱল বানেই নহয় গৰাখহনীয়ো মৰিগাঁও জিলাৰ ভূমিখণ্ড সংকোচিত কৰি আনিছে ৷ যাক লৈ চিন্তিত হৈ পৰিছে নৈ পৰীয়া ৰাইজ ৷ তাৰ মাজতে মৰিগাঁও জিলাৰ লগতে লাহৰীঘাট, ভূৰবন্ধা অঞ্চলবাসীলৈ সুখবৰ কঢ়িয়াই আনিছে অসম চৰকাৰে ৷ মৰিগাঁও-দৰং সংযোগী দলংখন নিৰ্মাণ হ’লে যথেষ্ট উপকৃত হ’ব বান আৰু গৰাখহনীয়াই জুৰুলা কৰা ৰাইজ ৷

স্বাধীনতাৰ 75 বছৰৰ পাচত এখন দলং নিৰ্মাণ হ’ব মৰিগাঁও-দৰঙক সংযোগ কৰি

লগতে পঢ়কঃ দেৰগাঁৱত আৰক্ষীৰ জালত নাৰী দেহ ব্যৱসায়ৰ বৃহৎ চক্ৰ

উল্লেখযোগ্য যে, প্ৰতিবছৰে শ শ বিঘা খেতি পথাৰকে ধৰি ঘৰ-দুৱাৰ ব্ৰহ্মপুক্ষৰ বুকুত জাহ গৈছে ৷ এতিয়ালৈকে কোনো এখন চৰকাৰে এই বান বা গৰাখহনীয়া সমস্যা সামাধানৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল ৷

NEW BRIDGE
স্বাধীনতাৰ 75 বছৰৰ পাচত এখন দলং নিৰ্মাণ হ’ব মৰিগাঁও-দৰঙক সংযোগ কৰি

কিন্তু শেহতীয়াকৈ বিজেপি নেতৃত্বাধীন চৰকাৰ খনে মৰিগাঁও-দৰং সংযোগী দলখন নিৰ্মাণ কৰিবলৈ লোৱা ব্যৱস্থাৰ বাবে কিছু পৰিমাণে আনন্দিত হৈ পৰিছে অঞ্চলটোৰ জনসাধাৰণ ৷ মৰিগাঁও জিলাৰ ভূৰাগাঁও অঞ্চলৰ লোক সকলে বিশেষকৈ আনন্দ প্ৰকাশ কৰা দেখা গৈছে ৷ কিয়নো দলং খন নিৰ্মাণ হলে যাতায়ত ব্যৱস্থাৰ লগতে বেপাৰ-বাণিজ্য কৰাৰ ক্ষেত্ৰতো যথেষ্ট সহায়ক হ’ব ৷

স্বাধীনতাৰ 75 বছৰৰ পাচত এখন দলং নিৰ্মাণ হ’ব মৰিগাঁও-দৰঙক সংযোগ কৰি
স্বাধীনতাৰ 75 বছৰৰ পাচত এখন দলং নিৰ্মাণ হ’ব মৰিগাঁও-দৰঙক সংযোগ কৰি

ইতিমধ্যে দলং খনৰ নিৰ্মাণৰ কাম কাজ আৰম্ভ কৰিছে বিভাগীয় কৰ্তৃপক্ষই ৷ ব্ৰহ্মপুত্ৰৰ ওপৰত মৰিগাঁও-দৰং সংযোগ কৰি প্ৰায় 8 কিলোমিটাৰ দৈঘ্যৰ হ’ব এই বিশেষ দলং খন ৷ ইপিনে গুগলত উপলব্ধ হৈছে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব লগীয়া দলং খনৰ গেজেট নটিফিকেশ্বন ৷

লগতে পঢ়কঃ মইনাপুখুৰীক পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তুলিব বিটিআৰ চৰকাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.