মইনাপুখুৰীক পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তুলিব বিটিআৰ চৰকাৰে

author img

By

Published : Aug 17, 2021, 6:43 PM IST

btr-government-to-make-mainapukhuri-a-turrist-sopt

বাক্সাৰ প্ৰচুৰ সম্ভাৱনা থকা পৰ্যটন ক্ষেত্ৰ হৈছে মইনাপুখুৰী ৷ বিভিন্ন প্ৰান্তৰ পৰ্যটক তথা দৰ্শকে ভিৰ কৰে হি মইনাপুখুৰীত ৷ এই মইনাপুখুৰীকে পৰ্যটন ক্ষেত্ৰলৈ উন্নিত কৰাৰ ব্যৱস্থা গ্ৰহণৰ কথা উল্লেখ কৰিছে বিটিআৰ চৰকাৰে ৷

বাক্সা,17 আগষ্ট : অসম পৰ্যটনৰ ক্ষেত্ৰত প্ৰচুৰ সম্ভাৱনা থকা ঠাই ৷ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত সৰু বৰ বহু পৰ্যটন ক্ষেত্ৰ আছে ৷ সেই সমূহক অসমৰ চৰকাৰে পৰ্যটন ক্ষেত্ৰৰ মানচিত্ৰত অন্তৰ্ভুক্ত কৰিছে যদিও আজিও এনে বহু পৰ্যটন ক্ষেত্ৰ আছে যি পৰ্যটন ক্ষেত্ৰৰ মানচিত্ৰত অন্তৰ্ভুক্ত হোৱা নাই ৷ সেই সমূহক যদি পৰ্যটন ক্ষেত্ৰৰ মানচিত্ৰত অন্তৰ্ভুক্ত কৰে প্ৰচুৰ ৰাজৰ সংগ্ৰহ কৰাৰ সম্ভাৱনা আছে অসম চৰকাৰে ৷

বাক্সাৰ মইনাপুখুৰীক পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তুলিব বিটিআৰ চৰকাৰে

তেনে এখন পৰ্যটন ঠাই হৈছে বাক্সা জিলাৰ ভাৰত ভূটান-সীমান্তৱৰ্তী মইনাপুখুৰী ৷ এই মইনাপুখুৰীলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰ্যটকে আহি ভিৰ কৰেহি বিভিন্ন সময়ত ৷ মইনাপুখুৰীতে অৱস্থিত ভূইচম্পা দেৱী মন্দিৰ ৷ সেই বাবেই এই মইনাপুখুৰীত আহি ভিৰ কৰেহি পৰ্যটক সকলে ৷

লগতে পঢ়কঃ সোণৰ অলংকাৰ বন্ধকত থৈ আৰ্তজনক সহায় কৰা কোন এইগৰাকী মহিলা ?

আনহাতে যোৱা সোমবাৰ আছিল শাওন মাহৰ অন্তিমটো সোমবাৰ ৷ কোকৰাঝাৰ, চিৰাং, গুৱাহাটী আদিকে ধৰি বিভিন্ন প্ৰান্তৰ ভক্তই গেৰুৱা সাজ পৰিধান কৰি সোমবাৰৰ দিনটোত মইনাপুখুৰীত ভিৰ কৰি মাৰ আৰ্শীবাদ লোৱা পৰিলক্ষিত হ’ল ৷ একেদৰে সোমবাৰৰ দিনটোতে বিটিআৰৰ পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্য ধৰ্ম নাৰায়ণ দাসে মইনাপুখুৰীত উপস্থিত হৈ মাৰ আৰ্শীবাদ লোৱা দেখা যায় ৷

ইপিনে বিটিআৰৰ কাৰ্যবাহী সদস্য গৰাকীয়ে আগন্তুক পাঁচ বছৰৰ বিভতৰত মইনাপুখুৰীক পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ ব্যৱস্থা কৰা হ’ব বুলি সাংবাদিকৰ আগত উল্লেখ কৰা দেখা গৈছে ৷ এতিয়া সময়ত হে লক্ষণীয় হ’ব বিটিআৰ চৰকাৰে মইনাপুখুৰীক পৰ্যটন ক্ষেত্ৰৰ মানচিত্ৰত অন্তৰ্ভুক্ত কৰাৰ বাবে দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰে নে নকৰে ৷

লগতে পঢ়কঃ আজি ভাদ মাহৰ সংক্ৰান্তি : হৰিনামৰ ধ্বনিৰে মুখৰিত হ’ব ৰাজ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.