ETV Bharat / state

নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে

author img

By

Published : Aug 29, 2020, 5:01 AM IST

মৰিগাঁৱত আছুৰ নেতৃত্বত ’কা’ বিৰোধী প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ । শুক্ৰবাৰে ’কা’ বিৰোধী আন্দোলনত মুখৰিত হ’ল মৰিগাঁৱৰ চহৰৰ পৰিবেশ । নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত মৰিগাঁৱত আছুৰ বাইক ৰেলী ৷

aasu protest at morigaon
aasu protest at morigaon

মৰিগাঁও, 28 আগষ্ট : ’কা’ বিৰোধী প্ৰতিবাদত উত্তাল মৰিগাঁও জিলাৰ ৰাজপথ । নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে মৰিগাঁৱত আছুৰ প্ৰতিবাদ । যিহেতু বিধান সভাৰ নিৰ্বাচন সমাগত, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে ’২১ ৰ নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে । কৰ’ণাৰ ভয়াবহতাৰ মাজতে সদৌ অসম ছাত্ৰ সন্থা আৰু বিভিন্ন দল সংগঠনে ’কা’ বিৰোধী আন্দোলন খন সক্ৰিয় কৰি তুলিছে ।
সদৌ অসম ছাত্র সন্থাৰ আহ্বান মৰ্মে, সদৌ মৰিগাওঁ ছাত্ৰ সন্থাই শুকুৰবাৰে মৰিগাঁও চহৰৰ মাজ মজিয়াত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত মটৰ চাইকেল সমদল বাহিৰ কৰি চহৰখনৰ পৰিৱেশ উত্তাল কৰি তোলে ।

নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে

বাইক ৰেলীৰ জৰিয়তে সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাই বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গানেৰে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবী জনায় । ছাত্ৰ সন্থাই কোনো কাৰণতে বিজেপি চৰকাৰে জাপি দিয়া বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন মানি নলয় বুলি মন্তব্য কৰে আছুৰ প্ৰতিনিধিয়ে ।

লগতে পঢ়ক : ক্ষমতাৰ লোভত মত্ত শিল্পী-নেতা: কি কয় ছাত্ৰ সমাজে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.