সাত দফীয়া দাবীপূৰণ বাবে মৰিগাঁৱত AMSU ৰ তীব্ৰ প্ৰতিবাদ

author img

By

Published : Aug 23, 2022, 8:45 PM IST

amsu protests in morigaon to fulfil demand

সাত দফীয়া দাবীপূৰণৰ বাবে মৰিগাঁও বিহুতলীত মৰিগাঁও জিলা সংখ্যা লঘু ছাত্ৰ ইউনিয়নে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে(AAMSU protest in Morigaon) । বিভিন্ন শ্ল’গানেৰে মুখৰিত কৰি তোলে মৰিগাঁও বিহুতলীৰ প্ৰাংগণ ।

মৰিগাঁও, ২৩ আগষ্ট: সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন চমুকৈ আমছুৰ মৰিগাঁও জিলা সমিতিয়ে মঙলবাৰে ২ঘন্টীয়া অৱস্থান ধৰ্মঘট ৰূপায়ন কৰি জিলা উপায়ুক্তক প্ৰদান কৰে স্মাৰক পত্ৰ । অসম চৰকাৰৰ ওচৰত বিভিন্ন দাবী উত্থাপন কৰি সোমবাৰে সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়নৰ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত মৰিগাঁও সদৰ বিহুতলী প্ৰাংগনত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা দেখা যায়(AAMSU protest in Morigaon) ।

উক্ত কাৰ্যসূচীৰ জৰিয়তে সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন চমুকৈ আমছুৱে বৰ্তমান চৰকাৰখনৰ আগত বিভিন্ন দাবী দাঙি ধৰে ৷ এই দাবী সমূহ ভিতৰত হৈছে ছাত্র অনুপাতে শিক্ষক নিযুক্তি প্ৰদান কৰা, জনসংখ্যা অনুপাতে চৰকাৰী চাকৰি প্ৰদান কৰা, বিদ্যালয় সমূহত শিক্ষক বদলিকৰণৰ আগত সেই স্থানত শিক্ষক নিযুক্তি সম্পূৰ্ণ কৰা, মূল্য বৃদ্ধি ৰোধ কৰা, ভূমিহীন লোকক ভূমি পট্টা প্ৰদান কৰাৰ (Land patta to local people) লগতে উচ্ছেদিত লোকক পুনৰ সংস্থাপন কৰা, বহিঃৰাজ্যত কৰ্মত নিয়োজিত অসমৰ শ্ৰমিক সকলক সুৰক্ষা সুনিশ্চিত কৰা, অৰুণাচল প্ৰদেশত মৃত্যুবৰণ কৰা পৰিয়ালক ২ লাখৰ পৰিৱৰ্তে ৫লাখ টকাকৈ প্ৰদান কৰা ইত্যাদি (AAMSU protests to fulfil seven-point demand) ।

সাত দফীয়া দাবীপূৰণ বাবে মৰিগাঁৱত AMSU ৰ তীব্ৰ প্ৰতিবাদ

সোমবাৰ সদৌ অসম সংখ্যা লঘু ছাত্ৰ ইউনয়নে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি জিলা সভাপতি দিলোৱাৰ হুছেইনে সংবাদ মাধ্যমৰ আগত আগবঢ়াই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য । বিশেষকৈ শিক্ষকৰ বদলিকৰণৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে । আনহাতে মূল্য়বৃদ্ধি প্ৰসংগত মন্তব্য আগবঢ়াই সভাপতি গৰাকীয়ে অতি শীঘ্ৰে মূল্য়বৃদ্ধি ৰোধ কৰাৰ দাবী উত্থাপন কৰে (AAMSU on price hike)। দাবীসমূহ মানি নল’লে ভৱিষ্যতে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক: লখিমপুৰত আমছুৰ অৱস্থান ধৰ্মঘট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.