ETV Bharat / state

CYBER CRIME IN ASSAM: আৰক্ষীৰ জালত দুধৰ্ষ চাইবাৰ অপৰাধী দিলোৱাৰ হুছেইন

author img

By

Published : Jul 14, 2023, 9:36 PM IST

521 atm card recovered  by crime branch in Morigaon
আৰক্ষীৰ জালত দুধৰ্ষ চাইবাৰ অপৰাধী দিলোৱাৰ হুছেইন

অৱশেষত আৰক্ষীৰ জালত বিগত ছমাহ ধৰি আৰক্ষীৰ চকুত ধূলি পলায়ন কৰা দিলোৱাৰ হুছেইন ৷ এই অভিযানত আৰক্ষীয়ে দিলোৱাৰৰ ভাড়াঘৰৰ পৰা 521 খন চেন্ট্ৰেল বেংক অৱ ইণ্ডিয়াৰ এটিএম কাৰ্ড জব্দ কৰিবলৈ সক্ষম হয় ৷

আৰক্ষীৰ জালত দুধৰ্ষ চাইবাৰ অপৰাধী দিলোৱাৰ হুছেইন

মৰিগাঁও, 14 জুলাই : ক্ৰমাৎ চাইবাৰ অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে মধ্য অসম ৷ দীৰ্ঘদিন ধৰি নগাঁও, মৰিগাঁও আৰক্ষীয়ে চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে যদিও একাংশ চাইবাৰ অপৰাধীয়ে বেহা চলাই আহিছে ৷

অৱশেষত বৃহস্পতিবাৰে মৰিগাঁও জিলাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত চলোৱা অভিযানত গুৱাহাটীৰ হাতীগাঁৱৰ এটা ভাড়া ঘৰৰ পৰা প্ৰধানমন্ত্ৰীৰ ফচল বীমা যোজনাৰ নামত সংঘটিত চাইবাৰ অপৰাধৰ খলনায়ক দিলৱাৰ হুছেইনক আটক কৰিবলৈ সক্ষম হয় ৷ লগতে এই অভিযানত আৰক্ষীয়ে দিলোৱাৰৰ ভাড়াঘৰৰ পৰা 521 খন চেন্ট্ৰেল বেংক অৱ ইণ্ডিয়াৰ এটিএম কাৰ্ড জব্দ কৰিবলৈ সক্ষম হয় ৷

  • The prime accused namely Diluwar Hussain@34 was arrested & recovered 533 nos ATM card& other incriminating documents in connection with PMFBY Scam which refers Mikirbheta PS case no.90/23
    Till now total 8 accused have been arrested .@assampolice @gpsinghips pic.twitter.com/KjAF5IyXFF

    — Morigaon Police (@MorigaonPolice) July 14, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

মৰিগাঁৱত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ কলেংকাৰীৰ মাষ্টাৰ মাইণ্ড আছিল দিলৱাৰ ৷ বিগত সময়ত দিলৱাৰৰ বিৰুদ্ধে মিকিৰভেটা থানৰ অধীনত 90/23 এক গোচৰ ৰুজু কৰিছিল মৰিগাঁও আৰক্ষীয়ে ৷

মৰিগাঁও জিলাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই সংবাদ মাধ্যমক সদৰী কৰা মতে, বিগত ছমাহ ধৰি আৰক্ষীৰ চকুত ধূলি দি গুৱাহাটীৰ ভাড়াঘৰত আত্মগোপন কৰি আছিল পি এম ফচল বীমা যোজনা ৰ ধন হৰলুকিৰ মূল খলনায়ক দিলোৱাৰ হুছেইনে ৷

ধৃত দিলোৱাৰ হুছেইন CSP ৰ মালিক৷ আটকাধীন দিলোৱাৰ ঘৰৰ পৰা 521 খন PM ফচল বীমা যোজনাৰ ATM ৰ লগতে ছিম কাৰ্ড, প্ৰিন্টাৰ,পাছবুকো জব্দ কৰে ৷ উল্লেখ্য যে, এই চক্ৰটোৱে বিগত সময়ত সৰকাইছিল 76 লাখ টকা ৷ ইতিমধ্যে আৰক্ষীয়ে ইয়াৰে 53 লাখ টকা জব্দ কৰিবলৈ সক্ষম হৈছে ৷ এই ধন হৰলুকিৰ লগত জড়িত 8 জনক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ৰঙাঘৰলৈ প্ৰেৰণ কৰিছে ৷

লগতে পঢ়ক: Dalit girl gang raped in Rajasthan Karauli : ধৰ্ষণ কৰি মুখত এচিড ঢালিলে দুষ্কৃতিকাৰীয়ে; ভুক্তভোগী পৰিয়ালৰ সৈতে ধৰ্ণাত বহিল সাংসদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.