ETV Bharat / state

Jihadi activities from Madrasa : মৰিগাঁৱৰ দুখন মাদ্ৰাছাৰ ১১ শিক্ষকক আটক

author img

By

Published : Jul 28, 2022, 2:10 PM IST

অসমৰ মাদ্ৰাছাত চলে জেহাদীৰ কাৰ্যকলাপ ! মৰিগাঁৱৰ দুখন মাদ্ৰাছাত অসম আৰক্ষীৰ অভিযান (Assam police raid Madrasa in Morigaon)। ইতিমধ্যে ১১ শিক্ষকক আটক কৰিছে আৰক্ষীয়ে । মাদ্ৰাছাৰ প্ৰধান মুফতি মুস্তাফাৰ জেহাদী সংগঠনৰ লগত সম্পৰ্ক থকাৰ দাবী অসম আৰক্ষীৰ ।

Jihadi activities from Madrasa
মৰিগাঁৱৰ দুখন মাদ্ৰাছাৰ ১১ শিক্ষকক আটক

ধিং,২৮ জুলাই : শেহতীয়াকৈ অসমৰ পৰা কেইবাগৰাকী জেহাদী সংগঠনৰ সৈতে জড়িত লিংকমেন আৰু আন সদস্যক গ্ৰেপ্তাৰ কৰা হৈছে । বঙাইগাঁও, বৰপেটাকে ধৰি কেইবাখনো জিলাত আৰক্ষীৰ জালত পৰিছিল জেহাদী । তাৰ পাছতে আৰক্ষীয়ে দাবী কৰিছিল যে অসমত জেহাদী সংগঠনে কাৰ্যকলাপ চলোৱা আৰম্ভ কৰিছে । ইয়াৰ মাজতে যোৱা ২৬ জুলাইত বেংগালুৰুত জেহাদী সংগঠনৰ সৈতে জড়িত থকাৰ অভিযোগত অসমৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে ।

আটাইতকৈ ভয়ংকৰ কথাটো হ'ল যে মৰিগাঁও জিলাৰ দুখন মাদ্ৰাছাৰ পৰাই চলিছিল জেহাদীৰ কাৰ্যকলাপ (Jihadi activities from madrasa in Morigaon)। জিলাখনৰ চহৰীয়াগাঁৱৰ জমিউল হুদা আৰু নিকটৱৰ্তী সৰু চলা মহিলা মাদ্ৰাছাৰ এঘাৰগৰাকী শিক্ষকক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে (11 teachers arrested on suspicion of involvement in jihadi activities)। দুয়োখন মাদ্ৰাছাতে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ।

মৰিগাঁৱৰ দুখন মাদ্ৰাছাৰ ১১ শিক্ষকক আটক

ইয়াৰে জমিউল হুদা নামৰ মাদ্ৰাছাখনৰ প্ৰধান মুফতি মুস্তাফাৰ জেহাদী সংগঠনৰ লগত সম্পৰ্ক থকাৰ দাবী কৰিছে অসম আৰক্ষীয়ে (Police suspect linkman Mufti Mustafa)৷ যাৰ বাবে আৰক্ষীয়ে মুফতিক গ্ৰেপ্তাৰো কৰিছে । মুফতিৰ বেংক একাউণ্টত বাংলাদেশৰ আমিৰ উদ্দিন নামৰ এজন লোকৰ লগতে বিভিন্ন দেশৰ পৰা ধন সোমাৱাৰ তথ্যও লাভ কৰিছিল আৰক্ষীয়ে (Police arrested Madrasa head Mufti Mustafa) ৷

জমিউল হুদা মাদ্ৰাছাত ছীল লগোৱাৰ (Madrassa sealed in Morigaon) সমান্তৰালকৈ বৃহস্পতিবাৰে পুৱাৰে পৰা সৰু চলা মহিলা মাদ্ৰাছাতো আৰক্ষীয়ে অভিযান চলাই বিভিন্ন আপত্তিজনক নথি পত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । মাদ্ৰাছাখন উচ্ছেদ চলাবলৈও আৰক্ষী-প্ৰশাসনে প্ৰস্তুতি আৰম্ভ কৰিছে । ইফালে আটক হোৱা শিক্ষক কেইজনক মৰিগাঁও আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে ।

মুঠতে জেহাদীৰ কাৰ্যকলাপ বন্ধ কৰিবলৈ অসম আৰক্ষী এতিয়া তৎপৰ হৈছে । কিন্তু মৰিগাঁও এই দুখন মাদ্ৰাছাৰ উপৰিও অসমৰ আন ঠাইতো এনেধৰণৰ জেহাদী কাৰ্যকলাপ চলোৱা প্ৰতিষ্ঠান আছে নেকি ? সেই প্ৰশ্ন এতিয়া সকলোৰে মুখত ।

লগতে পঢ়ক :Jihadi activities from madrasa: মৰিগাৱঁত জেহাদী সংগঠনৰ মাদ্ৰাছা ছীল, লিংকমেন গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.