Har Ghar Tiranga Mission: ত্ৰিৰংগা প্ৰস্তুত কৰাত ব্যস্ত মাজুলীৰ এদল মহিলা

author img

By

Published : Jul 31, 2022, 10:03 AM IST

Women busy making national Flag in Majuli

অসমত "হৰ ঘৰ ত্ৰিৰংগা" কাৰ্যসূচীৰ সফল ৰূপায়ণৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি (Har Ghar Tiranga mission in Assam)। সমান্তৰালকৈ সত্ৰ নগৰী মাজুলীতো পতাকা প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে এদল মহিলা ৷

মাজুলী, 31 জুলাই: ভাৰতৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে সমগ্ৰ দেশজুৰি অনুষ্ঠিত হ'ব স্বাধীনতাৰ অমৃত মহোৎসৱ (Azadi Ka Amrit Mahotsav) ৷ আজাদী কা অমৃত মহোৎসৱ পালনৰ জৰিয়তে এইবাৰ "হৰ ঘৰ ত্ৰিৰংগা" কাৰ্যসূচী গ্ৰহণ কৰিছে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে (Har Ghar Tiranga Abhiyan) । জন অংশীদাৰিত্বৰে ‘হৰ ঘৰ ত্ৰিৰংগা" কাৰ্যসূচী সাফল্য মণ্ডিত কৰাৰ বাবে ইতিমধ্যে প্ৰধানমন্ত্ৰী মোডীয়ে দেশবাসীক আহ্বান জনাইছে ৷

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে সত্ৰ নগৰী মাজুলীতো ইয়াক লৈ ব্যাপক প্ৰস্তুতি চলা পৰিলক্ষিত হৈছে ৷ ঘৰে ঘৰে জীয়ৰী বোৱাৰী ব্যস্ত হৈ পৰিছে তিনি বৰণীয়া জাতীয় পতাকো চিলোৱাত (Women busy making Tiranga in Majuli) ৷

ত্ৰিৰংগা প্ৰস্তুত কৰাত ব্যস্ত মাজুলীৰ এদল মহিলা

উল্লেখ্য যে, মাজুলীৰ দক্ষিণপাট গাঁও পঞ্চায়তৰ অন্তৰ্গত ১ নং কঢ়াল গাঁৱৰ এদল সকল মহিলাই জীবিকা সখীৰ সহযোগত মাজুলীৰ প্ৰত্যেকটো পঞ্চায়তৰ গোটসমূহৰ, যিবোৰ গোটে পতাকা বনাৱাৰ প্ৰশিক্ষণ লৈছে সেই সকলো গোটকে বনাবলৈ দিছে এই পতাকা । ইফালে এই গোটসমূহে অহা তিনি তাৰিখৰ পৰা প্ৰতি ঘৰ লোকৰ লগতে দোকানে দোকানে এই পতাকাসমূহ বিক্ৰী কৰিব বুলি জানিবলৈ দিয়ে পতাকা তৈয়াৰ কৰা মহিলাসকলে ।

লগতে পঢ়ক: Har Ghar Triranga: বাক্সা জিলা প্ৰশাসনৰ উদ্যোগত ৰাষ্ট্ৰীয় পতাকা বিক্ৰী কেন্দ্ৰ মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.